নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৩ সমষ্টিৰ ৪৭ ভোট কেন্দ্ৰ অতি স্পৰ্শকাতৰঃ চিৰাং উপায়ুক্তৰ সংবাদ মেল

নিয়মীয়া বাৰ্তা, ৮ ডিচেম্বৰঃ বিটিচি পৰিষদীয় নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণৰ বাবে চিৰাং জিলা প্ৰশাসনে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে। জিলা নিৰ্বাচনী বিষয়া তথা উপায়ুক্ত গৌতম তালুকদাৰে এক সংবাদ মেল সম্বোধন কৰি এই তথ্য সদৰী কৰিছে। জিলাখনৰ সদৰ মহকুমাৰ অন্তৰ্গত তিনিটা পৰিষদীয় সমষ্টিৰ মুঠ ২২৮টা  ভোট কেন্দ্ৰ কাইলৈৰ ভিতৰত ছেনিটাইজ কৰাৰ কাম সম্পূৰ্ণ কৰা হ’ব আৰু ভোট গ্ৰহণ কাৰ্য সম্পাদন কৰাৰ বাবে নিয়োজিত প্ৰিজাইডিং আৰু পোলিং বিষয়াসকলক কাইলৈ পুৱাৰ ভাগত ৰেপিড এন্টিজেন্ট টেষ্ট কৰাৰ পাছতহে ভোটগ্ৰহণ কেন্দ্ৰলৈ প্ৰেৰণ কৰা হ’ব বুলিও সংবাদ মেলত জিলা নিৰ্বাচনী বিষয়া তথা চিৰাং জিলা উপায়ুক্তই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে।

প্ৰতিটো ভোট গ্ৰহণ কেন্দ্ৰত ক’ভিড ১৯ৰ বাবে দেশৰ নিৰ্বাচন আয়োগে জাৰি কৰা নিৰ্দেশনা অনুসৰি ব্যৱস্থা গ্ৰহণ কৰা হৈছে। কেন্দ্ৰসমূহত আশাকৰ্মীৰ দ্বাৰা ভোটাৰসকলৰ স্বাস্থ্য পৰীক্ষা (শৰীৰৰ উত্তাপ) কৰাৰ পিছত ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ কেন্দ্ৰত প্ৰৱেশ কৰিবলৈ অনুমতি প্ৰদান কৰা হ’ব।

ভোট গ্ৰহণ কাৰ্যত জড়িত বিষয়াসকলৰ লগতে প্ৰত্যেকজন ভোটাৰে মাস্ক পৰিধান কৰাটো বাধ্যতামূলক বুলিও জিলা নিৰ্বাচনী বিষয়া তথা উপায়ুক্ত গৌতম তালুকদাৰে সংবাদ মাধ্যমক জানিবলৈ দিয়ে। তেওঁ লগতে কয় যে কোনো এজন ভোটদাতাই যদি পাহৰি নিজৰ মাস্কখন ঘৰতে এৰি থৈ আহে তেতিয়া হ’লে তেওঁৰ বাবে বিনামূলীয়াকৈ মাস্কৰ ব্যৱস্থা কৰা হ’ব।

জিলা প্ৰশাসনে সদৰ মহকুমাৰ অন্তৰ্গত ১৩ নং চিৰাং, ১৪ নং চিৰাং দুৱাৰ আৰু ১৫ নং কাজলগাঁও সমষ্টিৰ আটাইকেইটা ভোট গ্ৰহণ কেন্দ্ৰ স্পৰ্শকাতৰ হিচাপে চিহ্নিত কৰিছে। আনহাতে চিৰাং জিলা আৰক্ষী প্ৰশাসনে ১৩ নং চিৰাং সমষ্টিত ১৬ টা,১৪ নং চিৰাং দুৱাৰ পৰিষদীয় সমষ্টিত ৬ টা আৰু ১৫ নং কাজলগাঁও সমষ্টিৰ ২৫ ভোট গ্ৰহণ কেন্দ্ৰ অতি স্পৰ্শকাতৰ হিচাপে চিহ্নিত কৰিছে বুলি জিলা উপায়ুক্ত গৌতম তালুকদাৰে সংবাদ মাধ্যমক জানিবলৈ দিয়ে।

প্ৰতিটো ভোট গ্ৰহণ কেন্দ্ৰত অৰ্ধ চেকছন আৰ্মড ফ’ৰ্চ নিয়োগ কৰাৰ লগতে একোজন গৃহৰক্ষী আৰু অসম আৰক্ষীৰ কনিষ্টবল নিয়োজিত হৈ থাকিব বুলিও জনায়। সদৰ মহকুমাৰ তিনি সমষ্টিৰ ৬১ টা কেন্দ্ৰত ভিডিঅ’গ্ৰাফীৰ ব্যৱস্থা গ্ৰহণ কৰাৰ উপৰি দুটা ভিডিঅ’গ্ৰাফীৰ দলক মোবাইল ইউনিট হিচাপে সকলো সময়তে সাজু কৰি ৰখা হৈছে বুলি জনায়।

আনহাতে ১২ ডিচেম্বৰত অনুষ্ঠিতব্য ভোট গণনাৰ বাবে জিলা পেৰেড গ্ৰাউণ্ডত ৬ টা হল সাজু কৰি ৰখা হৈছে। প্ৰতিটো সমষ্টিৰ বাবে দুটাকৈ পৃথক হলত ৭+৭ খনকৈ গণনা মেজ থাকিব। ১২ ডিচেম্বৰৰ বিয়লিৰ ভাগত চিৰাং সদৰ মহকুমাৰ তিনি সমষ্টিৰ ভোট গণনা কাৰ্য সমাপ্ত হোৱাৰ আশা প্ৰকাশ কৰে।

  ভোট গ্ৰহণৰ প্ৰাক মুহূৰ্তৰ পৰা গণনাৰ অন্তলৈকে প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণৰ লগতে  নিৰাপত্তা ব্যৱস্থা সুনিশ্চিত কৰিবলৈ সম্ভৱপৰ সকলো ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি জিলা উপায়ুক্ত গৌতম তালুকদাৰে সংবাদ মাধ্যমক জানিবলৈ দিয়ে। সংবাদ মেলত চিদলী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া আৰু চিৰাং জিলা তথ্য আৰু জনসংযোগ বিষয়া উপস্থিত থাকে।।

You might also like