নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চামগুৰিৰ বৰবস্তিত বনৰীয়া হাতী পোৱালি উদ্ধাৰ

নিয়মীয়া বাৰ্তা,  ৮ ডিচেম্বৰঃ নগাঁও জিলাৰ শালনা বনাঞ্চলিক কাৰ্যালয়ৰ অধীনৰ উদমাৰী উপ খণ্ড বন কাৰ্যালয়ৰ অন্তৰ্গত উদমাৰীৰ বৰবস্তি অঞ্চলত আজি পুৱা বন বিভাগে এটা বনৰীয়া হাতী পোৱালি উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷

জানিব পৰা মতে উদমাৰী বৰবস্তি অঞ্চলৰ মাজেৰে বৈ যোৱা ননৈ নদীৰ বোকাত আজি পুৱা স্থানীয় লোকে এটা বনৰীয়া হাতী পোৱালি আৱদ্ধ হৈ থকা প্ৰত্যক্ষ কৰি বন বিভাগক খবৰ দিয়ে। পৰৱৰ্তী সময়ত উদমাৰী উপ খণ্ড বন কাৰ্যালয়ৰ এটা বন কৰ্মী দল ঘটনাস্থলীত উপস্থিত হৈ হাতী বন্ধু বিনোদ দুলু বৰাৰ সহযোগত প্ৰায় এমহীয়া হাতী পোৱালিটো উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷

হাতী বন্ধু আৰু বন বিভাগে উদ্ধাৰ কৰা হাতী পোৱালিটো বৰ্তমান কাজিৰঙাস্থিত চি ডব্লিউ আৰ চি লৈ চিকিৎসাৰ বাবে প্ৰেৰণ কৰিছে বুলি বন বিভাগৰ এক সূত্ৰই জানিবলৈ দিয়ে ৷

You might also like