নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তেজপুৰত সেনা জোৱানৰে মত বিনিময় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ

বাৰ্তা ব্যুৰ’, ২৯ ছেপ্টেম্বৰ : অসম অৰুণাচলৰ তিনিদিনীয়া ভ্ৰমণসূচী লৈ কালি ৰাজ্যত উপস্থিত হোৱা দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আজি দিনত তেজপুৰত উপস্থিত হয়হি৷ ভাৰত চীন আন্তৰাষ্ট্ৰীয় সীমান্তৰ সমীপৱৰ্তী তথা দেশৰ নিৰাপত্তাৰ ক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি অহা সেনাৰ চতুৰ্থ ক’ৰ পৰিদৰ্শন কৰি প্ৰতিৰক্ষা মন্ত্ৰী সিঙে সেনা জোৱানসকলৰ স’তে মত বিনিময় কৰাৰ লগতে একেলগে আহাৰ গ্ৰহণ কৰে৷ মন্ত্ৰীগৰাকীৰ লগত জেনেৰেল মনোজ পাণ্ডে আৰু লেফটেনেণ্ট জেনেৰেল আৰ পি কলিতাও উপস্থিত থাকে৷ ইয়াত মন্ত্ৰীগৰাকীক সাম্প্ৰতিক পৰিস্থিতিৰ লগতে সেনাই গ্ৰহণ কৰা সকলো ব্যৱস্থাৱলীৰ বিষয়ে অৱগত কৰা হয়৷ চতুৰ্থ তথা গজৰাজ ক’ৰৰ মুৰব্বী লেফটেনেণ্ট জেনেৰেল ডি এছ ৰাণাই মন্ত্ৰী সিঙক কাৰ্যকৰী পৰিস্থিতিৰ বিষয়ে অৱগত কৰাৰ বিপৰীতে প্ৰতিৰক্ষা মন্ত্ৰীজনে সেনাৰ উচ্চ মানদণ্ডৰ পেছাদাৰিত্ব আৰু কৰ্তব্যৰ প্ৰতি সমৰ্পণৰ বাবে তেওঁলোকক প্ৰশংসা কৰে৷ দেশৰ ভূখণ্ডৰ অখণ্ডতা আৰু সাৰ্বভৌমত্বক নিৰাপদে ৰক্ষা কৰাৰ ক্ষেত্ৰত অতি কঠিন পৰিস্থিতিৰ মাজতো অদম্য সাহস আৰু কৰ্তব্য নিষ্ঠাৰে চতুৰ্থ ক’ৰৰ সেনা বিষয়া জোৱানসকলে পালন কৰি অহা দায়িত্বক তেওঁ প্ৰশংসা কৰে৷
প্ৰেৰক পুলক ডেকা
You might also like