নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীৰ শোকাৱহ নাও দুৰ্ঘটনাত সন্ধানহীন চক্ৰ বিষয়া সঞ্জু দাস : অভিশপ্ত নাওখনত আছিল ২৯ যাত্ৰী

নিয়মীয়া বাৰ্তা, ২৯ ছেপ্টেম্বৰঃ আজি ধুবুৰীৰ আয়ৰণ জংলা দ্বিতীয় খণ্ড অঞ্চলৰ সমীপৰ বৰলুইতত হোৱা ভয়াৱহ নাও দুৰ্ঘটনাটোত সন্ধানহীন হৈ থকা লোকৰ সংখ্যাক লৈ থকা প্ৰাৰম্ভিক বিভ্ৰান্তিৰ পিছত বৰ্তমানলৈ দুৰ্ঘটনাটোত কেৱল এগৰাকী ব্যক্তিয়েই সন্ধানহীন হৈ থকা বুলি দাবী কৰিছে জিলা প্ৰশাসনে। আজিৰ দিনৰ ভাগত দুৰ্ঘটনাত পতিত হোৱা নাওখনৰ যাত্ৰী তথা কথমপি প্ৰাণ ৰক্ষা পৰা লাটমণ্ডল নমেজ উদ্দিনে স্থানীয় সাংবাদিকৰ সন্মুখত সেই নাওখনত স্কুলীয়া ছাত্ৰ–ছাত্ৰীকে ধৰি আনুমানিক ৬০/৭০ গৰাকীমান যাত্ৰী আছিল বুলি দাৱী কৰিছিল। আনহাতে, দুপৰীয়াৰ ফালে ধুবুৰী জিলাৰ দূৰ্যোগ প্ৰশমন বিভাগৰ প্ৰকল্প সঞ্চালক মুফাজ্জল আলী সৰকাৰে সন্ধানহীন চক্ৰ বিষয়াগৰাকীৰ চৰকাৰী বাহনখনৰ চালক মোহন চন্দ্ৰ সৰকাৰৰ উদ্ধৃতি দি নাওখনত আনুমানিক ২৫গৰাকী মান যাত্ৰী থকা বুলি দাৱী কৰিছিল। অৱশ্যে সকলো বিভ্ৰান্তিৰ অৱসান ঘটাই আজি সন্ধিয়া ধুবুৰী জিলাৰ উপায়ুক্ত অন্বামুথন এম পিয়ে ঘটনাস্থলীত উপস্থিত স্থানীয় সাংবাদিকৰ সন্মুখত দূৰ্ঘটনাত পতিত হোৱা সেই নাওখনত ২৯গৰাকী যাত্ৰী থকা বুলি নিশ্চিত হোৱা বুলি সদৰী কৰে আৰু দুৰ্ঘটনাটোত এতিয়ালৈ ধুবুৰীৰ চক্ৰ বিষয়া সঞ্জু দাসেই (এই বাতৰি পঠিওৱালৈ) সন্ধানহীন হৈ থকা বুলি জনায়। উল্লেখ্য যে নাও দুৰ্ঘটনাটোৰ পিছত ঘটনাস্থলীত উপস্থিত হোৱা স্থানীয় সাংবাদিকৰ দল এটাক বাতৰি সংগ্ৰহ কৰিবলৈ বাধা দিয়াৰ বাবে ক্ষুব্ধ হৈ উক্ত স্খানত উপস্থিত একাংশ লোকে এলএণ্ডটিৰ এগৰাকী কৰ্মচাৰীক লপাথপাও দিয়ে। আনকি নাওখন দুৰ্ঘটনাটোত পৰা দেখি একাংশ প্ৰত্যক্ষদৰ্শীয়ে ধুবুৰী–ফুলবাৰী দলঙৰ নিৰ্মাণকাৰী এলএণ্ডটিৰ এখন অস্থায়ী দলঙৰ ওপৰেৰে উদ্ধাৰ কাৰ্য্য চলাবলৈ গৈ সংস্থাটোৰ একাংশ কৰ্মচাৰীৰ বাধাৰ সন্মুখীন হোৱা বুলিও উচ্চাৰিত হোৱা পোৱা গৈছে। অৱশ্যে সমগ্ৰ ঘটনাৰ তদন্ত চলাই থকা বুলি সদৰী কৰিছে ধুবুৰীৰ আৰক্ষী অধীক্ষক অভিজিৎ গুৰাৱে আৰু আজি নিশা অথৱা কাইলৈৰ পুৱাৰ ভিতৰত সকলো কথা পোহৰলৈ আহিব বুলি জনাইছে আৰক্ষী বিষয়াগৰাকীয়ে। ইপিনে এলএণ্ডটিয়ে নিৰ্মাণ কৰি থকা ধুবুৰী ফুলবাৰী দলংখনৰ বৰ লুইতৰ পানীত বুৰ গৈ থকা নিৰ্মীয়মাণ খুঁটাবোৰ চিহ্নিত কৰাৰ বাবে কোনো ধৰণৰ ব্যৱস্থা নোলোৱাৰো অভিযোগ উত্থাপিত হৈছে। উল্লেখ্য যে, আজি ধুবুৰীৰ চহৰৰ পাৰ্শ্বৱৰ্তী আমিনেৰ চৰ নামৰ চৰাঞ্চলত গৰাখহনীয়া সন্দৰ্ভীয় এক চৰজমিন তদন্ত চলাবলৈ গৈছিল ধুবুৰীৰ চক্ৰ বিষয়া সঞ্জু দাস, কাৰ্য্যালয়টোৰ লাট মণ্ডল নমেজ উদ্দিন আৰু ফিল্ড অফিচাৰ পিটাৰ শ্বাহসহ অঞ্চলটোৰ জিলা পৰিষদৰ সদস্যা বেগী বেগমে। লাট মণ্ডল নমেজ উদ্দিনৰ  ভাষ্য অনুসৰি, আমিনেৰ চৰৰ পৰা উভতি অহাৰ সময়ত এলএণ্ডটিৰ কৰ্মচাৰীয়ে যোৱাৰ সময়ত তেওঁলোকে  ব্যৱহাৰ কৰা নিৰ্মাণকাৰী সংস্থাটোৰ অস্থায়ী দলংখনেৰে আহিবলৈ বাধা দিয়ে আৰু সেয়ে তেওঁলোকে আমিনৰ চৰৰ পৰা এখন ভূটভূটিৰে আহিবলৈ বাধ্য হয়। পিছে যাত্ৰা কৰাৰ পথত আদবাটতে নৈখনৰ পানীত বুৰ গৈ থকা অৱস্থাত থকা ধুবুৰী–ফুলবাৰী দলংৰ এটি নিৰ্মীয়মান খুটাত খুন্দা খাই বৰ লুইতত বুৰ যায় সেই নাওখন। দূৰ্ঘটনাটোত লাট মণ্ডল নমেজ উদ্দিন, ফিল্ড অফিচাৰ পিটাৰ শ্বাহকে ধৰি জিলা পৰিষদৰ সদস্যা বেবী বেগম আৰু তেওঁৰ স্বামীক স্থানীয় লোকৰ তৎপৰতাত নৈখনৰ পৰা উদ্ধাৰ কৰা হয় যদিও সন্ধানহীন হৈ পৰে চক্ৰ বিষয়া সঞ্জু দাস। দূৰ্ঘটনাটোৰ পিছত ঘটনাস্থলীত উপস্থিত হৈ এছডিআৰএফ বাহিনীয়ে অভিযান আৰম্ভ কৰাৰ সমান্তৰালকৈ আজি বিয়লিৰ পৰা এনডিআৰএফৰ দলেও ঘটনাস্থলীত উপস্থিত হৈ আৰম্ভ কৰিছে অভিযান। ইয়াতে উল্লেখনীয় যে, আজিৰ সেই ভয়ংকৰ নাও দুৰ্ঘটনাটোৰ পিছত প্ৰায় ১০ বছৰ পূৰ্বে ২০১২ চনৰ ৩০ এপ্ৰিলৰ দিনা ধুবুৰীৰ বৰ লুইতত সংঘটিত হোৱা ৰাজ্য কঁপোৱা মেদেৰটাৰীৰ সেই দূৰ্ঘটনাটোৰ পৰা আভ্যন্তৰীণ জল পৰিবহন বিভাগ আৰু প্ৰশাসনে একো শিক্ষা ন’ললে বুলিও কিন্তু উচ্চাৰিত হোৱা পোৱা গৈছে। আজিৰ সেই নাওঁ দুৰ্ঘটনাটোৱে সংশ্লিষ্ট বিভাগ আৰু জিলা প্ৰশাসনৰ নিষেধাজ্ঞা স্বত্বেও কিদৰে ধুবুৰীৰ বৰ লুইতত সুৰক্ষাৰ নূন্যতম সাঁ—সজুলী, যাত্ৰী সংখ্যা নিৰূপণৰ বাবে টিকটৰ ব্যৱস্থা নথকাৰ উপৰিও  মেৰাইন অথৱা ডাবল ইঞ্জিন নথকা যাত্ৰীবাহী ভূটভূটীও চলাচল কৰি আছে সেই প্ৰশ্নও উত্থাপিত হৈছে।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like