নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পৰ্য্যটন থলীৰ সম্ভাৱনাৰে ভৰপূৰ ধুবুৰীৰ পাঁচপীৰ দৰগাহঃ পৰ্য্যটন বিভাগক চিন্তা–চৰ্চা কৰাৰ আহ্বান

নিয়মীয়া বাৰ্তা, ২ ছেপ্টেম্বৰঃ সমন্বয়ৰ মিলনভূমি ৰূপে উজলি আছে ধুবুৰীৰ এটি বিশেষ দৰগাহ। ধুবুৰীৰ দীৰ্ঘ এক ইতিহাসৰ সাক্ষী এই দৰগাহটো। অতি জাগ্ৰত বুলিয়েই লোকবিশ্বাস থকা ‘পাঁচ পীৰ’ বুলি পৰিচিত সেই বিশেষ দৰগাহটোৰ আছে এক নিজস্ব স্বকীয়তা। কি হিন্দু, কি মুছলমান, জৈন হওক বা খ্ৰীষ্টান সকলোৰে আগমন ঘটে দৰগাহটোত। লোকবিশ্বাস এয়াই যে পাঁচ পীৰে কেতিয়াও বিমুখ নকৰে ভক্তক। দৰগাহটোত মম বাতি বা ধূপ জ্বলাই নিজৰ মনোকামনা পূৰণ কৰাৰ আশীষ বিছাৰিলে সেয়া পোৱা যায় বুলি সকলো সম্প্ৰদায় আৰু ভাষা-ভাষীৰ লোকে বিশ্বাস কৰে। পিছে কেৱল ঐক্য সংহতিৰ মিলন ভূমিয়েই নহয়, সেই বিশেষ দৰগাহটোৰ লগত জড়িত হৈ আছে অসম বুৰঞ্জীৰ কেইবাখিলা পাতো। স্থানীয় একাংশ ইতিহাসবিদৰ মতে তন্ত্ৰ–মন্ত্ৰ দেশ বুলি পৰিচিত অসম আক্ৰমণ কৰাৰ সময়ত নিজৰ সেনাৰ মনোবল বৃদ্ধি কৰিবলৈ মোগল সেনাপতি ৰামসিংহই অসম লগত লৈ আহিছিল পাঁচ গৰাকীকৈ পীৰ অৰ্থ্যাৎ চুফী ধৰ্মগুৰু। ধুবুৰীৰ বৰলুইতৰ ইতিহাসগৰকা নেতাই ধুবুনী পাৰঘাটৰ সমীপৰ তেওঁলোকৰ সাধনাস্থলীত পীৰ কেইগৰাকীয়ে ১৬৬২ চনত স্থাপন কৰিছিল সেই বিশেষ দৰগাহটো। এনে প্ৰেক্ষাপটত, ইতিহাস গৰকা এই পাঁচপীৰ দৰগাহটোক এক পৰিকল্পিত, সুসংহত পৰ্যটন থলীৰূপে ৰূপে গঢ়ি তুলিবলৈ ৰাজ্যৰ পৰ্য্যটন বিভাগে চিন্তাআহিছেচৰ্চা কৰাৰ অৱকাশ থকা বুলিয়েই কিন্তু উচ্চাৰিত হৈ অহা পোৱা গৈছে দীৰ্ঘদিনৰ পৰাই।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like