নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিধানসভা নির্বাচন: কার্বিপাহাৰত আৰক্ষী সঞ্চালকপ্রধানৰ বৈঠক

নিয়মীয়া বাৰ্তা, ২ এপ্ৰিলঃ কার্বি আংলঙৰ পৰিস্থিতি ভাল৷ আৰক্ষীয়ে সতর্কতাৰে কাম কৰি আছে৷ তদুপৰি কিছুমান দুর্গম অঞ্চলৰ পৰা ভোটগ্রহণ কেন্দ্রত নিয়োজিত প্রিজাইডিং আৰু প’লিং বিষয়াসকল প’লৰ পৰা ঘূৰি আহি পাওঁতে পলম হ’ব৷ –এই মন্তব্য অসম আৰক্ষীৰ সঞ্চালকপ্রধান ভাস্কৰজ্যোতি মহন্তৰ৷

শুকুৰবাৰে অসম বিধানসভাৰ দ্বিতীয় পর্যায়ৰ ১৩খন জিলাৰ ৩৯টা সমষ্টিৰ নির্বাচন৷ কার্বিপাহাৰৰো চাৰিটা সমষ্টি ১৭নং বোকাজান, ১৮নং হাওৰাঘাট, ১৯নং ডিফু আৰু ২০নং বৈঠালাংছ’ সমষ্টিৰ নির্বাচন অনুষ্ঠিত হয়৷ নির্বাচনৰ সময়ছোৱাত যাতে সম্পূর্ণ নিকা আৰু শান্তিপূর্ণভাৱে পাৰ হয় তাৰ প্রতি লক্ষ্য ৰখাৰ উদ্দেশ্যে সঞ্চালকপ্রধানগৰা উপস্থিত হোৱা বুলি উল্লেখ কৰি কার্বিপাহাৰৰ পাৰখোৱাস্থিত মেডিকেল আই বিত উপস্থিত হয়৷

আই বিত কার্বি আংলং জিলাৰ আৰক্ষী অধীক্ষক দেৱজিৎ দেউৰী, হোজাই জিলাৰ আৰক্ষী অধীক্ষক মানৱেন্দ্র দেৱৰয়সহ শীর্ষ আৰক্ষী বিষয়াসকলৰ সৈতে এক বৈঠকত মিলিত হয়৷ পিছত অসম আৰক্ষীৰ সঞ্চালকপ্রধানগৰা ডেনগাঁও হাইস্কুলৰ ২৫নং আৰু ২৭নং ভোটগ্রহণ কেন্দ্রত উপস্থিত হৈ পৰিস্থিতি পর্যবেক্ষণ কৰে৷ লগতে নির্বাচনত নিয়োজিত নিৰাপত্তাৰক্ষী আৰু কর্মচাৰীসকলৰ স’তেও মত বিনিময় কৰে৷ সঞ্চালকপ্রধানগৰা সংগ দিয়ে ডিফু ৰেঞ্জৰ ডিআইজি সত্যজিৎ হাজৰিকাই৷

You might also like