নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঢকুৱাখনা মহাবিদ্যালয়ৰ চতুৰ্থ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সমাৰোহ আয়োজন

নিয়মীয়া বাৰ্তা, ৪ডিচেম্বৰ: লখিমপুৰ জিলাৰ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানসমুহৰ ভিতৰতে অন্যতম গৌৰবোজ্বল স্বৰ্ণজয়ন্তী বৰ্ষ অতিক্ৰম কৰা ঢকুৱাখনা মহাবিদ্যালয়ৰ চতুৰ্থ প্ৰাক্তন ছাত্ৰ ছাত্ৰী সমাৰোহখনি অহা ১০ ডিচেম্বৰত আয়োজনৰ প্ৰস্তুতি সম্পন্ন কৰি তুলিছে  মহাবিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী সন্থাই ৷ শৰৎ চন্দ্ৰ গোস্বামীৰ ভূগোল পাঠত “ ভদ্ৰলোকৰ বাসস্থান“ হিচাপে খ্যত আৰু অসমবাসীৰ মাজত সুপৰিচিত ঢকুৱাখনাৰ শিক্ষানদী সমাজৰ সামুহিক স্বপ্ন আৰু সমকালীন অনেকজন ভবিষ্যতদৰ্শীৰ আশাশুধীয়া প্ৰচেষ্টাত ১৯৬৬ চনতে প্ৰতিষ্ঠা লাভ কৰি অঞ্চলটোৰ জ্ঞান প্ৰজ্ঞা, সমাজ সংস্কৃতি আৰু বৌদ্ধিক সাধনাৰ পীঠস্থান  ঢকুৱাখনা মহাবিদ্যালয়ে প্ৰজ্ঞাসাধক তথা সমাজ ৰূপান্তৰৰ বাহক স্বৰূপে স্বকীয় আভাৰে অনিৰূদ্ধ যাত্ৰা অব্যাহত ৰাখিছে ৷ মহাবিদ্যালয়খনৰ শৈক্ষিক বৌদ্ধিক তথা আন্তঃগাঁথনিগত দিশসমূহত  প্ৰশংসনীয় আৰু অনুকৰণীয় অবদান আগবঢ়াই অহা প্ৰাক্তন ছাত্ৰ ছাত্ৰী সকললৰ চতুৰ্থ সমাৰোহখনিৰ  দিনজোৰা কাৰ্যসূচীৰ মতে পুৱা পৰিবেশ নিকাকৰণ, গছপুলি ৰোপণ, মহাবিদ্যালয়ৰ আৰু প্ৰাক্তন ছাত্ৰ ছাত্ৰী সন্থাৰ পতাকা উত্তোলন, স্মৃতি তৰ্পণ, প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ নাম পঞ্জীয়ন আদিৰ অন্তত মুকলি সভা, স্মৃতি গ্ৰন্থ “তীৰ্থ সংগম“ উন্মোচন, অন্তৰংগ আলাপ আদি  অনুস্থানেৰে দিনজোৰা কাৰ্যসূচীৰ সামৰণি মাৰিব বুলি জানিবলৈ দি মহাবিদ্যালয় খনৰ সকলো প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ উপস্থিতিৰ কামনা কৰিছে চিত্ৰ কুমাৰ কোঁচক সভাপতি আৰু হেমন্ত কুমাৰ বৰুৱাক সম্পাদক হিচাপে লৈ গঠিত ঢকুৱাখনা মহাবিদ্যালয় প্ৰাক্তন ছাত্ৰ ছাত্ৰী সন্থাৰ লগতে মহাবিদ্যালয় কত্‌পক্ষই ৷

 

প্ৰেৰক: ৰাজেশ বুঢ়াগোহাঞি

You might also like