নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চৰাইদেউত তিনিজন ছাত্ৰ নিৰুদ্দেশ, চাঞ্চল্য

নিয়মীয়া বাৰ্তা, ৪ডিচেম্বৰ:  চৰাইদেউ জিলাৰ কাকতীবাৰী আৰক্ষী থানাৰ অন্তৰ্গত মাহমৰা অঞ্চলৰ পৰা একেদিনাই তিনিজনকৈ স্কুলীয়া ছাত্ৰ নিৰুদ্দেশ হোৱা ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে । ঘটন সন্দৰ্ভত ছাত্ৰ তিনিজনৰ পৰিয়ালৰ লগতে আৰক্ষী সূত্ৰৰ পৰা লাভ কৰা তথ্য অনুসৰি মাহমৰাৰ বনমালী, দিচাংকোষ আৰু মানিকী অঞ্চলৰ পৰা যোৱা ৩০ নৱেম্বৰৰ বিয়লি খেলিবলৈ যোৱা অৱস্থাত ছাত্ৰ তিনিজন নিৰুদ্দেশ হয় । নিৰুদিষ্ট ছাত্ৰ তিনিজন হৈছে ক্ৰমে মানিকী তিনিআলিৰ নিবাসী বীৰছা সৱৰৰ একমাত্ৰ পুত্ৰ গোপাল সৱৰ(১৭), বনমালী চাহ বাগিচাৰ ভূঞা লাইনৰ নিবাসী জিতেন মুড়াৰ জেষ্ঠ পুত্ৰ দীপ মুড়া(১৭) আৰু দিচাংকোষ গাঁৱৰ নিবাসী ৰঞ্জিত গড়ৰএকমাত্ৰ পুত্ৰ সুৰজ গড়(১৩) । ইয়াৰে গোপাল সৱৰ আৰু দীপ গড় মাহমৰাৰ জজলী পাঁচ আলিস্থিত শ্বহীদ কনকলতা উচ্চ মাধ্যমিক বিদ্যালয়ৰ দশম শ্ৰেণীৰ ছাত্ৰ আৰু সুৰজ গড় বনমালী জনতা মধ্য ইংৰাজী বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ ছাত্ৰ । তিনিও জন ছাত্ৰই উক্ত দিনা বিয়লি প্ৰায় তিনি বজাত জনতা মধ্য ইংৰাজী বিদ্যালয়ৰ খেলপথাৰত ফুটবল খেলিবলৈ যোৱাৰ পিছৰ পৰা নিৰুদ্দেশ হৈ আছে । ছাত্ৰ তিনিজনৰ অভিভাৱকে সেইদিনা সন্ধিয়ালৈকে তিনিও জন ছাত্ৰ ঘৰলৈ ঘূৰি নহাত বিভিন্ন ঠাইত বিচাৰ খোচাৰ কৰিও কোনো সন্ধান লাভ নকৰিলে । ইয়াৰ পিছদিনাও আত্মীয় কুটুম্বৰ ঘৰৰ লগতে বন্ধু বান্ধৱৰ ঘৰত ছাত্ৰ তিনিজনৰ সন্ধানত অনুসন্ধান চলাই কোন শুংসূত্ৰ নাপাই ঘটনা সন্দৰ্ভত কাকতীবাৰী আৰক্ষী থানাত এজাহাৰ দাখিল কৰে । আৰক্ষীয়ে ছাত্ৰ তিনিজনৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে যদিও কোনো সন্ধান লাভ কৰা নাই । ছাত্ৰ তিনিজনৰ পৰিয়ালে ছাত্ৰ কেইজনৰ কোনো সন্ধান পালে ওচৰৰ আৰক্ষী থানা নাইবা ৯৩৯৫২৫৪০৬৪, ৯৩৯৫৬৪১০৭১ নাইবা ৮৮২২৩২৪২৪৬ এই ম’বাইল নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে ।

দীপাংকৰ পাল, সোণাৰি।

You might also like