নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঢকুৱাখনা মহকুমা প্ৰশাসনৰ সহযোগত পশ্চিম ঢকুৱাখনাৰ লেচেৰাই ভেলুগুটিত ঘৰে ঘৰে গৈ ৯০ গৰাকীক ক’ভিড ভেকচিন প্ৰদান

নিয়মীয়া বাৰ্তা ৮ অক্টোবৰঃ  ৰাজ্যত ক’ভিড মহামাৰী নিৰ্মুলৰ বাবে ৰাজ্য চৰকাৰে প্ৰদান কৰা বিনামূলীয়া  ক’ভিড ভেকচিন ল’বলৈ অস্বীকাৰ কৰা লেচেৰাই ভেলুগুটি অঞ্চলত ঢকুৱাখনা মহকুমা প্ৰশাসন আৰু আৰক্ষীৰ  সহযোগত ঢকুৱাখনা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ উদ্যোগত অঞ্চলটোৰ ৯০ গৰাকী লোকক ক’ভিড ভেকচিনৰ প্ৰথম পালি প্ৰদান কৰা হয় ৷

ঢকুৱাখনা মহকুমা স্বাস্থ্য বিভাগে চলোৱা জৰিপৰ তথ্যত পশ্চিম ঢকুৱাখনাৰ লেচেৰাই আৰু ভেলুগুটি অঞ্চলতে ৪০০ ( চাৰি শ ) গৰাকী লোকে ক’ভিড ভেকচিন লোৱাৰ পৰা বিৰত থকাৰ লগতে চিকিৎসা কৰ্মীক সহযোগিতা নকৰাত  ঢকুৱাখনা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰই ঢকুৱাখনা মহকুমা প্ৰশাসন আৰু আৰক্ষীৰ সহযোগত আশা কৰ্মী  এএনএম  লাট গাঁওবুঢ়া আদিকে ধৰি এটা   বৃহৎ    চিকিৎসা কৰ্মীৰ দ’ল গাঁওখনলৈ গৈ ক’ভিড ভেকচিন প্ৰদানৰ ব্যৱস্থা কৰে যদিও কৃষি কৰ্মৰ দুহাইদি গাঁৱৰ অধিকাংশ লোকেই আত্মগোপন কৰে বুলিও অভিযোগ উঠিছে ৷

স্বাস্থ্য ও চিকিৎসা যাতায়ত ব্যৱসায় বানিজ্য আদি সকলো দিশতে অনগ্ৰসৰ আৰু ঢকুৱাখনা মহকুমাৰ ভিতৰতে অতি দুৰ্গম আৰু পিছপৰা  অঞ্চলটোত উপস্থিত হৈ চিকিৎসা কা্মীৰ দ’লটোৱে ৬ টা ভাগত বিভক্ত হৈ অতি ভিতৰুৱা অঞ্চলটোৰ জৰাজীৰ্ণ পথ অতিক্ৰম কৰি অঞ্চলটোৰ লোক সকলৰ  ঘৰে ঘৰে গৈ ভেকচিন প্ৰদানৰ ব্যৱস্থা কৰি ৯০ গৰাকী লোকক ক’ভিড ভেকচিনৰ প্ৰথম পালি প্ৰদান কৰিবলৈ সক্ষম হয় বুলিও জানিবলৈ দিয়ে চিকিৎসা কৰ্মীৰ দ’লটোৱে ৷

You might also like