নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঢকুৱাখনা মহাবিদ্যালয়ৰ ৫৫ সংখ্যক সপ্তাহৰ সফল সামৰণি

নিয়মীয়া বাৰ্তা,১২ জানুৱাৰী-ঢকুৱাখনা মহকুমাৰ উচ্চ শিক্ষাৰ অন্যতম শিক্ষানুষ্ঠান তথা বৌদ্ধিক আন্দোলনৰ উৎস-ভূমি ঢকুৱাখনা মহাবিদ্যালয়ৰ ৫৫ সংখ্যক মহাবিদ্যালয় সপ্তাহৰ আজি সফল সামৰণি পৰে।যোৱা ৬ জানুৱাৰীৰ পৰা বৰ্ণিল কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা মহাবিদ্যালয় সপ্তাহৰ আজি অন্তিম দিনা দুপৰীয়া ১২ বজাত অনুষ্ঠিত হয় মুকলি সভা।পদাৰ্থ বিজ্ঞানৰ সহযোগী অধ্যাপক তথা মহাবিদ্যালয় আভ্যন্তৰীণ মান নিৰূপণ কোষৰ উপদেষ্টা সেৱক চন্দ্ৰ চুতীয়াই উদ্বোধন কৰে মুকলি সভা।মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ যোগানন্দ সুতে সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভা উদ্ধোধনী ভাষণত অধ্যাপক চুতীয়াই মহাবিদ্যালয় সপ্তাহ ছাত্ৰ-ছাত্ৰীৰ বাবে অম্বেষন অনুশীলন অনুৰনন আৰু সোঁৱৰণৰ অনুষ্ঠান বুলি অভিহিত কৰি সুপ্ত প্ৰতিভা বিকাশৰ এক প্লেটফর্ম বুলি মন্তব্য কৰে।

তেওঁ লগতে বক্তব্য আগবঢ়াই কয় যে ছাত্ৰ-ছাত্ৰীৰ মনত প্ৰতিযোগিতাৰ মনোভাৱ থাকিলেহে সফলতা অৰ্জন কৰিব পাৰে৷ভাষণত কয় যে ছাত্ৰ ছাত্ৰীৰ বৌদ্ধিক মানসিক উৎকৰ্ষ সাধনৰ বাবে একোখন শিক্ষানুষ্ঠানৰ এনেধৰণৰ প্ৰতিযোগিতাৰ প্ৰয়োজন আছে।ছাত্ৰ-ছাত্ৰীসকলে মহাবিদ্যালয়ৰ সংগীত পৰিৱেশনেৰে শুভাৰম্ভ কৰা মুকলি সভাত প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমনি শইকীয়াই নিৰ্দিষ্ট বক্তা হিচাপে অংশগ্ৰহন কৰি ছাত্ৰ-ছাত্ৰীক উদ্দেশ্যি দিয়া ভাষণত কয় – ” ছাত্র ছাত্রী সকলে যি স্বপ্ন দেখে সেই স্বপ্নক চিন্তালৈ পৰিবৰ্তন ঘটাব লাগিব৷ সেই চিন্তাক লক্ষ্য হিচাপে লৈ জীৱনত কৰ্ম কৰি যাব লাগিব৷ তেতিয়াহে জীৱনত সফলতা অৰ্জন কৰিব পাৰিব ।তেওঁ আৰু লগতে কয়-প্ৰত্যেকৰে কোনোবা নহয় কোনোবা ক্ষেত্রত যোগ্যতা নিশ্চয় আছে৷ নিজক নিজে বুজিব লাগে কোন কেনেকৈ যোগ্য৷ যি মানুহে নিজক বুজে নিজক জানে তেওঁলোকে অসম্ভৱক সম্ভৱ কৰিব পাৰে৷ অধ্যয়নৰ লগতে নিজৰ কৰ্ম দক্ষতা খিনিকো সমান্তৰালভাৱে সাধনা কৰি ছাত্ৰ-ছাত্ৰ সকলক জীৱন যুদ্ধত আগবাঢ়ি যাবলৈ আহ্বান জনায়।

বিশিষ্ট সাংবাদিক শইকীয়াই ভাষণ প্ৰসংগত অসৎ পথেৰে মানুহ বেছিদূৰ আগুৱাই যাব নোৱাৰে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰি তেওঁ আৰু কয়- আজিলৈকে চাৰ্টিফিকেটৰ কাৰণে কোনো ব্যক্তি উজ্বলি থকা নাই৷ ছাত্র ছাত্রী সকল চাৰ্টিফিকেটত যেনেকৈ চোকা সমাজ জীৱনতো সেইদৰে চোকা হ’ব পাৰিব লাগিব৷ জীৱ শ্ৰেষ্ঠ হিচাপে থাকিব বিচাৰিলে ঘৰখন, গাওঁখন, সমাজখনৰ প্ৰতি দ্বায়িত্ব থাকিব লাগিব৷মুকলি সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে কৰি প্ৰাক্তন ছাত্ৰ তথা কবি,সাংবাদিক বশিষ্টদেৱ ফুকন।ভাষণত সাংবাদিক ফুকনে কয়- কলেজীয়া সময়খিনিয়েই ছাত্র-ছাত্ৰী সকলৰ জীৱন গঢ়াৰ উপযুক্ত সময়। এই সময়খিনি ছাত্র-ছাত্ৰী সকলে অবাবত খৰছ নকৰি অধ্যয়নত মনোনিবেশ কৰিব লাগিব। ভাষণ প্ৰসংগত তেওঁ মহাবিদ্যালয় সপ্তাহ প্ৰতিগৰাকী ছাত্র-ছাত্ৰীৰ বাবে প্ৰতিভা বিকাশৰ উপযুক্ত স্থান বুলি উল্লেখ কৰে।মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক মনোৰঞ্জন বৰদলৈয়ে আঁতধৰা আৰু মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক দীপক পেগুৱে প্ৰতিবেদন পাঠ কৰা সভাত মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰী তথা ব্ৰীজ কথাছবিৰ জৰিয়তে আন্তৰ্জাতিক সন্মান কঢ়িয়াই অনা অভিনেত্ৰী শিৱ ৰাণী কলিতা,মহাবিদ্যালয়ৰ উপাধ্যক্ষ চিত্ৰ কোচ,উদ্ভিদ বিজ্ঞান বিভাগৰ সহযোগী অধ্যাপক ডঃ অমল চন্দ্ৰ দত্তকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে।ইফালে ছাত্ৰ-ছাত্ৰীসকলে পৰিৱেশন কৰা বিভিন্ন গীত-নৃত্যই উপস্থিত সকলোকে আপ্লুত কৰে।।

You might also like