নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুমাহৰ ভিতৰত অর্ধেক মানুহ অমিক্রনত আক্রান্ত হ’ব

অহা কেইসপ্তাহৰ ভিতৰত ইউৰোপৰ জনসংখ্যাৰ অধিকাংশই ক’ভিডৰ নতুন ৰূপ অমিক্রনত আক্রান্ত হ’ব। এই দাবী বিশ্ব স্বাস্থ্য সংস্থাৰ ইউৰোপীয় পৰিচালক ডাঃ হান্স ক্লুগৰ। তেওঁ কয় যে অহা ছয়ৰ পৰা আঠ সপ্তাহৰ ভিতৰত ইউৰোপৰ জনসংখ্যাৰ ৫০ শতাংশৰো অধিকজনৰ দেহত অমিক্রন সংক্রমিত হ’ব। তেওঁ পুনৰ কয় যে, ক’ভিডৰ ডেল্টা ৰূপৰ সংক্রমণৰ শীর্ষত ইউৰোপ। ইউৰোপৰ চাৰিওফালে বিয়পিবলৈ লৈছে অমিক্রন। সাম্প্রতিক গবেষণাবোৰত কোৱা হৈছে যে, আগৰ ক’ভিডৰ তুলনাত অমিক্রনে মানুহক গুৰুতৰভাৱে অসুস্থ কৰাৰ সম্ভাৱনা কম। কিন্তু অমিক্রনৰ সংক্রমণ ক্ষমতা খুব বেছি। এই বছৰৰ প্রথম সপ্তাহতেই সমগ্ৰ ইউৰোপৰ মুঠ ৭০ লক্ষাধিক লোক ক’ভিডত আক্রান্ত হৈছে। দুসপ্তাহৰ ব্যৱধানত সংক্রমণৰ সংখ্যা দুগুণৰো বেছি।

You might also like