নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ভিডবিধি উলংঘনেৰে এজন প্ৰধানমন্ত্ৰীৰ পার্টি!

অতিমাৰীৰ নিয়ম উলংঘা কৰি পার্টি আয়োজনৰ অভিযোগ উঠিছে ব্রিটিছ প্রধানমন্ত্রী বৰিছ জনছনৰ বিৰুদ্ধে। ব্রিটেইনৰ এটি সংবাদ মাধ্যমৰ হাতত পৰিছে সেই পার্টিৰ আমন্ত্রণী পত্র। সূত্ৰই সদৰি কৰা মতে, ২০২০ চনৰ ২০ মে’ত যেতিয়া দেশখনত কঢ়া লকডাউন চলি আছিল, সেই সময়ত ১০ ডাউনিং ষ্ট্ৰীটৰ প্রধানমন্ত্রীৰ চৰকাৰী বাসভৱনত সুৰাৰ পার্টিত অন্ততঃ ১০০ জন আমন্ত্রিত অতিথিয়ে অংশ লৈছিল। আমন্ত্রণী পত্র পঠিয়াইছিল প্রধানমন্ত্রীৰ মুখ্য ব্যক্তিগত সচিৱ মার্টিন ৰেনল্ডছে। ব্রিটেইনত প্রথম পৰ্যায়ৰ লকডাউনৰ সময়ত লণ্ডন আৰক্ষীয়ে ঘোষণা কৰিছিল যে প্রকাশ্যে দুজনতকৈ বেছি মানুহে দেখা কৰিব নোৱাৰিব, সেয়াও দূৰত্ব ৰক্ষা কৰিহে। এই ঘটনাৰে আকৌ নতুন বিতর্কত সোমাই পৰিছে প্রধানমন্ত্রী জনছন।

You might also like