নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধেমাজিৰ উপায়ুক্তলৈ স্মাৰক পত্ৰ জিলা বিজেপিৰ; চিমেন চাপৰি গাঁও পঞ্চায়তৰ প্ৰধানমন্ত্ৰী আবাস গৃহৰ দুৰ্নীতিৰ অভিযোগ

নিয়মীয়া বাৰ্তা, , ২০ জুলাইঃ ধেমাজি জিলাৰ মুৰ্কংচেলেক জনজাতি উন্নয়ন খণ্ডৰ অন্তৰ্গত চিমেন চাপৰি গাঁও পঞ্চায়তত প্ৰধানমন্ত্ৰী আবাস যোজনাৰ অধীনত আবন্টন পোৱা গৃহৰ অবাধ গতিত চলা জালিয়াতিৰ বিষয়ে চিমেন চাপৰি এজন লোকে সামাজিক মাধ্যমৰ জৰিয়তে তথ্য সহকাৰে অভিযোগ অনাৰ পিছতে কালি ধেমাজি জিলা বিজেপিয়ে তদন্তৰ দাবী জনাই ধেমাজি জিলা উপায়ুক্ত নৰসিং পৱাৰলৈ এখনি স্মাৰকপত্ৰ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে।

প্ৰাপ্ত অভিযোগ অনুসৰি পঞ্চায়তখনৰ সভাপতি ডম্বৰু কোঁৱৰৰ নেতৃত্বত ৱাৰ্ড সদস্য- কৰ্মচাৰীৰ সহযোগত পঞ্চায়তটোত আবণ্টন হোৱা প্ৰধানমন্ত্ৰী আবাস যোজনাৰ গৃহসমূহ শকত পুঁজিৰ বুজা- বুজিৰে প্ৰকৃত হিতাধিকাৰীক বঞ্চিত কৰি আন লোকক গৃহসমুহ নিৰ্মাণ কৰিবলৈ দিয়া উপৰিও ৱাৰ্ড সদস্যই আবাস গৃহৰ তালিকাত অন্তভুৰ্ক্ত হৈছে। তদুপৰি সভাপতিজনে সম্পুৰ্ণ জালিয়াতিৰে আঁচনিৰ ৰীতি-নীতিক জ্বলাঞ্জলি দি প্ৰকৃত হিতাধিকাৰীক বঞ্চিত কৰি নিজৰ আত্মীয় /বন্ধু বৰ্গক গৃহসমুহ নিৰ্মাণ কৰিবলৈ দিয়া উপৰিও চৰকাৰী কৰ্মচাৰী থকা পৰিয়ালত গৃহ আবন্টন দিছে। প্ৰাপ্ত তথ্য মতে,৩ নং চিমেন চাপৰি নামত আবন্টন পোৱা AS1669889 ID নম্বৰৰ বাস্তৱ ৰেগনৰ বিপৰীতে গৃহটি ৰংপুৰীয়াৰ অৰুণ দিহিঙ্গীয়াক, যোৰহটীয়াৰ AS1679701 IDৰ গোপী ভদীয়া গৃহটি ৰংপুৰীয়াৰ পুতুল দুৱৰাক, ১নং চিমেন চাপৰি AS1012340 IDৰ গন্ধিয়া দৈমাৰী ঘৰটি ভবেন দৈমাৰীক , বৰুৱা বালি গাঁৱৰ AS1710090 IDৰ মালাহ পাদৈৰ গৃহটি সন্দিকৈ মিলন গাঁৱৰ ৱাৰ্ভ সদস্য সোনাৰাম পাতৰ বনাইছে, শেনচুৱা গাঁৱৰ AS1733038 IDৰ ধমেন পেগু গৃহটি ৰংপুৰীয়া ৰবিন ফুকনক,মানিকপুৰ AS1115049 IDৰ ডিম্বেশ্বৰ পেগুৰ গৃহটি সন্দিকৈ মিলন বালিৰ ধনেশ্বৰ গগৈক, ১নং চিমেন চাপৰি AS1119041 IDৰ জোনটকি দেউৰীৰ গৃহটি যোৰহটীয়া গাঁৱৰ ৱাৰ্ভ সদস্যা জিতুমনি দুৱৰা ফুকনক জনাইছে , মাজগাঁও AS1272382 IDৰ উকেন লাগাছুৰ গৃহটি আৰভিচি ৱাৰ্ভ সদস্য বিনোদ বসুমতাৰীক,শেনচুৱাৰ As1263745 IDৰ ৰাজেশ পেগুৰ গৃহ ৰংপুৰীয়াৰ ৱাৰ্ভ সদস্য প্ৰবীণ ফুকনক, ৩ নং চিমেন চাপৰি AS1274282 IDৰ গৃহ দিয়া গৃহত চৰকাৰী কৰ্মচাৰীলোক আছে ,১নং চিমেন চাপৰি AS1141439 IDৰ দেবেশ্বৰ বৰুৱাৰ গৃহটো ৰংপুৰীয়াৰ বৰ্তমান চিমেন চাপৰি নিবাসী সুখদা বৰুৱাক, মাজগাঁও AS1720603 IDৰ বিপিন বৰুৱাৰ গৃহটো চিমেন চাপৰি চাৰিআলিস্থ ডিম্বেশ্বৰ বৰুৱা ক,শেনচুৱাৰ AS1534291 IDৰ চেফআলি দাসৰ গৃহটো গাঁৱৰ ৰাজেন চুতীয়াক,খেৰনিৰ AS1414633 IDৰ দিলীপ টামাং গৃহটো বিছিত্ৰ ৰায়ক,খেৰনিৰ AS1671377 IDৰ কনক লতা দলেৰ ঘৰটো প্ৰিয়ংকা দলেক,শেনচুৱা AS1261173 IDৰ বিজু টায়েৰ গৃহটো সুৰজজ্যোতি টায়েক , ১ নং চিমেন চাপৰি AS1573488 IDৰ ডময়ন্টি বড়োৰ ঘৰটো প্ৰদীপ বড়োক, ১ নং চিমেন চাপৰি AS1213809 IDৰ শিৱ বড়ো ৰ ঘৰটো বিনাশ্ৰী বড়োক, যোৰহটীয়া AS1328674 IDৰ গনেশ মিলি গৃহটো বিনা মিলিক,১ নং চিমেন চাপৰি AS1835527 IDৰ ৰাজু গোৱলা গৃহটো গাঁৱৰ ৰাজু গগৈক,খেৰনিৰ গাঁও AS1940340 IDৰ জনেন্দ্ৰ ৰাভা পিতা পুলিন নামৰ গৃহটি ১নং চিমেন চাপৰি মহেন্দ্ৰ ৰভাক,১ নং চিমেন চাপৰি AS1855434 IDৰ ৰেবট বৰগোহাঞি গৃহটি মণি বৰগোহাঞিক,মাছখোৱা AS1557215 IDৰ বাসুদেব হাচিনাৰ গৃহটো সভাপতিৰ ভনীয়েক জোনমনি কোঁৱৰ হাতীমুৰীয়াক নিৰ্মান কৰিবলৈ দিছে ।

ইতিমধ্যে এই গৃহসমুহৰ আবণ্টিত ধন ৰাশিৰ কিছু গৃহৰ প্ৰথম কিস্তি কিছু দ্বিতীয় তৃতীয় কিস্তি ধন মুকলাই দিছে । ইয়াৰ উপৰিও পঞ্চায়ত খনত এন ৰেগা আঁচনিৰ নামতো অবাধ গতিত লুণ্ঠনৰাজ চলিবলৈ ধৰিছে । বিভিন্ন এনৰেগা আঁচনিৰ কামত মৃত ব্যক্তিৰ, বহিঃ পঞ্চায়তৰ নাগৰিকৰ নামত, শিক্ষকৰ, বৃদ্ধ চেঞ্চনৰ নামত আৰু বিশেষকৈ গৰাকীয়ে নজনা কৈ জৱ কাৰ্ড ব্যৱহাৰ কিছু ভুৱা একাউন্টৰ জৰিয়তে কোনো ধৰণৰ কাম নকৰাকৈ কেৱল মাত্ৰ আঁচনি ৰ নাম ফলক ব্যৱহাৰ কৰিয়ে লাখ লাখ টকা আত্মসাৎ কৰি আহিছে ।

You might also like