নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ব্ৰহ্মপুত্ৰ, চিয়াং-লালী নদীৰ জোনাইত পুনৰ বান বিভীষিকা; আতংকিত শ শ বানাক্ৰান্ত পৰিয়ালৰ

নিয়মীয়া বাৰ্তা, ২০ জুলাইঃ দুদিন ধৰি দি থকা ধাৰাষাৰ বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰ,লালীনদীৰ বাঢ়নী পানীয়ে পুনৰ প্লাৱিত কৰিছে পশ্চিম জোনাইৰ শতাধিক গাঁও। অৰুণাচল প্ৰদেশত হোৱা প্ৰৱল বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰ ,চিয়াং-লালী নদীৰ পানী উপচি পৰাত পশ্চিম জোনাইৰ বানাক্ৰান্ত ৰাইজৰ পৰিস্থিতি জটিল হৈ পৰিছে ।

চিয়াং-লালী নদীৰ বাঢ়নী পানীয়ে জোনাই ৰাজহ চক্ৰৰ কবু চাপৰি, বেৰা চাপৰি, টাৰি নেপালী, বেৰা বেংগলী, টাৰি মাজগাঁও, টাৰি কছাৰী, সোনোৱাল কাঠনি, জলডুবি, কেৰকেৰকে ধৰি বাহিৰ জোনাই লোহিজান গাৱ পঞ্চায়তৰ ৩০খনৰো অধিক গাঁও পানীৰ কৱলত৷ ভলুকাগুৰি , মুদৈ দেবেৰা বৰং অঞ্চলৰ বৰং কৃঞ্চপুৰ বড়ো, কৃঞ্চপুৰ মিচিং, বৰং আহোম, বৰং মজদুৰ, ১ নং,২ নং, ৩ নং চৰাইবাৰী, মধ্যপুৰ, পিপ’লগুৰী, মদাৰগুৰী, তিনিসূঁতি, তেলীজান, এৰাসূঁতি, মুক্তিয়াৰ,১ নং কৰ্ণপুৰ, ২ নং কৰ্ণপুৰ, ৩ নং কৰ্ণপুৰ,মাঝিআলি চাপৰি, কাংকান চাপৰি আদি গাওঁ সমূহ বুৰাই পেলাইছে । গালী অঞ্চলৰ গালী কছাৰী, গালী মিচিং, গালীঘাট, মিলননগৰ, তল মামৰ, মুদৈ, জীয়াঢল,গালীঘাট লক্ষীপথাৰ, দেবেৰা, চৰাইবাৰী, বেলং, মুনিমুনি কুটুম, চেচু, গালী চাপৰি, গালী ৰাংকপ, য়াৰী, আমগুৰী আদি গাওঁ সমূহৰ উপৰি বগৰীগুৰী , ৰামধন বুঢ়ীসূঁতি, মৰা দিখাৰী, কৰৈবাৰী মুক্তিয়াৰ গাওঁ কেইখনো আজি লালী নদীৰ বানত প্লাৱিত হৈ পৰিছে ।

জোনাইৰ বেৰাচাপৰি অঞ্চলৰে চিয়াং-লালী নদীৰ সোমাই অহা লালী নদীৰ বাঢ়নী পানীয়ে গালী চিকাৰী গাওঁ পঞ্চায়তৰ কেবাখনো অধিকাংশ গাঁওত বিভীষিকা সৃষ্টি কৰি কৰি পেলাইছে ।লালী নদীৰ বাঢ়নী পানীয়ে জোনাইমুখ গালীঘাট সংযোগী মঠাউৰি টোৰ গালী চিকাৰী গাওঁ পঞ্চায়তৰ দেবেৰা প্ৰাথমিক বিদ্যালয়ৰ সমীপৰ জীয়াঢল গাঁৱৰ অংশত ছিঙি পেলোৱাৰ ফলত কেবাখনো গাওঁ জলমগ্ন হৈ পৰিছে ।

আজি পুৱাৰে পৰা লালী নদীৰ জলপৃষ্ঠ ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰাৰ ফলত গালী চিকাৰী গাওঁ পঞ্চায়তৰ কেবাখনো গাঁৱৰ পশু ধনৰ অৱস্থা শোচনীয় হৈ পৰিছে । জোনাইমুখৰ পৰা গালীঘাট সংযোগী মঠাউৰিত পশু ধনবোৰ আশ্ৰয় লৈছে । লালী নদীৰ বাঢ়নী পানীয়ে গালী চিকাৰী, ৰামধন দিখাৰী গাওঁ পঞ্চায়তৰ অধিকাংশ অঞ্চল বুৰাই পেলোৱাত বানাক্ৰান্ত ৰাইজৰ মাজত অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে । মুদৈ এল পি স্কুল, জোনাইমুখ কামপুং এম ই স্কুল, পূব ৰাংকপ এলপি স্কুল,গালীঘাট এল পি
স্কুল,মুদৈ এলপি স্কুল, বেলং এলপি স্কুল, জীয়াঢল এলপি স্কুল কেইখন জলমগ্ন হৈ পৰিছে লালী নদীৰ বানত । লালী নদীৰ বাঢ়নী পানীত গালী বজাৰৰ পৰা গালীঘাট সংযোগী পিএমজিএছৱাই পথছোৱা সম্পূৰ্ণ বুৰ গৈছে।

ইপিনে ব্ৰহ্মপুত্ৰৰ প্ৰলয়ংকাৰী বানত মেচাকি চাপৰিৰ বুঢ়িয়া চাপৰি, ৰামসিং গোৱালা, ৰামসিং ৰাভা, ৰামসিং বড়ো, উদয়পুৰ, লামাজান, মোহনামুখ বড়ো, মোহনামুখ গোৱালা, মিলননগৰ, জীয়াঢল, জেউতি পথাৰ, ৰুমৈ ৰুমৈ, জাউঘূলী মিচিং, জাউঘূলী বড়ো, মেচাকি ৰাভা, মেচাকি বড়ো, মেচাকি বৰ্মণ, দদেৰে, বৰ্মণ চেন্টাৰ,১ নং কয়লা আলি, ২ নং কয়লাআলি, কেকন দিখাৰী, আন’ চাপৰি, কয়লা আলি বড়ো, কয়লা আলি মিচিং, কয়লা আলি বৰ্মণ আদি গাওঁ সমূহ আজি সম্পূৰ্ণৰূপে প্লাৱিত হৈ পৰিছে ।

ব্ৰহ্মপুত্ৰৰ বানত মেচাকি চাপৰি এম ই স্কুল, মেচাকি চাপৰি এল পি স্কুল, উদয়পুৰ এল পি স্কুল,মিলনপুৰ এল পি স্কুল, মেচাকি চাপৰি বড়ো এল পি স্কুল, বুড়িয়া চাপৰি এম ভি স্কুল কেইখন জলমগ্ন হৈ পৰিছে ।
লালী, বুঢ়ীসূঁতি , দিখাৰী নদীৰ বাঢ়নী পানীয়ে বদলপুৰ বড়ো, পাখ্ৰীগুৰী, মধ্যপুৰ, বিঞ্চুপুৰ, তাকাবাৰী, মলান, মঠাম, লংকা, ২ নং উলুৱনী, ১ নং উলুৱনী, ১ নং, ২ নং, ৩ নং জামুগুৰী, উলুৱনী মাজগাওঁ আদি গাওঁ সমূহ বুৰাই পেলোৱাৰ লগতে বানৰ কৱলত পৰা অঞ্চলৰ স্কুল, বিভিন্ন অনুষ্ঠান সমূহো জলমগ্ন হৈ পৰিছে ।লালী, দিখাৰী,বুঢ়ীসূঁতি, ডেকা ,চেৰেণ আদি নদীৰ বাঢ়নী পানীয়ে মিছামৰা অঞ্চলৰ ১ নং, ২ নং, ৩ নং,৪ নং মধুপুৰ, কাড়িচুক, মঙ্গলবৰীয়া, তুল্লাদ, ৰুৱাদ, লৃচাং, বিল্লাম, মিছামৰা তিনিআলি, অন্নপুৰ, ১ নং, ২ নং নাওকাটা, নলবাৰী,কাংকান চাপৰি, কুমলীয়া, ৰাওন দ পথাৰ, লাম্বা চাপৰি, লাম্বা মিচিং, লাম্বা মিলন, অপ্সৰা, ডিমৰুগুৰী লুগুটি, কৈবৰ্ত আদি গাওঁ সমূহ বুৰাই পেলায়। ব্ৰহ্মপুত্ৰৰ বানত প্লাৱিত হৈছে চেঙাজান গোৱালা, সৌৰাংশ্ৰী গাঁৱদুখন প্লাৱিত হৈছে । বানত প্লাৱিত হৈ পৰা অঞ্চল সমুহৰ পশুধনৰ মাজত সৃষ্টি হৈছে তীব্ৰ খাদ্য সংকটৰ । পশ্চিম জোনাইৰ নৈপৰীয়া অঞ্চলত নৈ উপনৈৰ বাঢ়নী পানীয়ে পথ পথাৰ সমূহ বুৰাই পেলোৱাত যাতায়ত যোগাযোগৰ ক্ষেত্ৰত বানপীড়িত ৰাইজৰ মাজত অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছ।

You might also like