নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসম আন্দোলনৰ অগ্ৰণী নেত্ৰী ধুবুৰীৰ স্নিগ্ধা চক্ৰৱৰ্তীৰ দেহাৱসান

নিয়মীয়া বাৰ্তা, ৬ অক্টোবৰঃ ধুবুৰীৰ সমাজ জীৱনৰ সৰবৰহী মহিলা, অসম আন্দোলনৰ সক্ৰিয় কৰ্মী, অসম গণ পৰিষদৰ নেত্ৰী স্নিগ্ধা চক্ৰৱৰ্তী আৰু নাই। আজি দুপৰীয়া ১–৪৫ মান বজাত ধুবুৰীৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে তেওঁ। উল্লেখ্য যে, দূৰাৰোগ্য ৰোগত আক্ৰান্ত হোৱা স্নিগ্ধা চক্ৰৱৰ্তীৰ বিগত কিছুদিনৰ পৰাই স্বাস্থ্যৰ অধিক অৱনতি ঘটিছিল। মৃত্যুৰ সময়ত পুত্ৰ–বোৱাৰী, জী–জোঁৱাই, অসম সাহিত্য সভাৰ প্ৰাক্তন উপ-সভাপতি তথা স্বামী পাচুগোপাল চক্ৰৱৰ্তীকে ধৰি নাতি–নাতিনী আৰু অসংখ্য গুণমুদ্ধক এই সংসাৰত এৰি থৈ যায় তেখেত। বৰ্তমানে ধুবুৰীৰ ৬নং ৱাৰ্ডৰ বাসিন্দা স্নিগ্ধা চক্ৰৱৰ্তীৰ ১৮৪৭ জন্ম হৈছিল অধুনা ধুবুৰীৰ বিলাসীপাৰাৰ সমীপৰ শালকোচাৰ পুখুৰীপাৰা গাঁৱত। ১৯৭০ চনত ধুবুৰীৰ সম্ভ্ৰান্ত পৰিয়ালৰ পাচুগোপাল চক্ৰৱৰ্তীৰ সৈতে বিবাহ সম্পন্ন হৈছিল তেওঁৰ। এগৰাকী সুগৃহিণী হোৱাৰ উপৰি তেওঁ আছিল তেওঁৰ আপোচহীন নেত্ৰী। অসমৰ অস্তিত্ব ৰক্ষাৰ আন্দোলনত অগ্ৰণী ভূমিকা লোৱা স্নিগ্ধা চক্ৰৱৰ্তীয়ে পিছলৈ গৈ অসম মহিলা পৰিষদৰ ধুবুৰীৰ সম্পাদিকাৰ দায়িত্ব লভিছিল। অসম গণ পৰিষদৰ ধুবুৰী জিলাৰ সম্পাদিকা আৰু সভানেত্ৰীৰ দৰে গুৰু দায়িত্বতো আছিল তেওঁ। ধুবুৰী মহিলা সমিতিৰ উপ–সভানেত্ৰী, সদৌ অসম লেখিকা সমাৰোহৰ সক্ৰিয় সদস্য চক্ৰৱৰ্তীয়ে ২০১৬ চনত ধুবুৰীত অনুষ্ঠিত সদৌ অসম লেখিকা সমাৰোহৰ কেন্দ্ৰীয় অধিৱেশনৰ আদৰণী সমিতিৰ কোষাধ্যক্ষৰ দায়িত্বত আছিল। উল্লেখ্য যে, অসম আন্দোলনৰ সময়ত ধুবুৰীত শ্বহীদ বেদি নিৰ্মাণৰ গুৰুদায়িত্বও পালন কৰিছিল তেওঁ। তেওঁৰ এই মৃত্য কেৱল ধুবুৰীৰেই নহয় পশ্চিম অসমৰ বাবে এক অপূৰণীয় ক্ষতি বুলিয়েই বিবেচিত হৈছে।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like