নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এয়াৰটেল ৫জি সেৱা : ৪জি পৰিকল্পনা অনুসৰি পৰিশোধ কৰিব লাগিব ধন

বিশেষ বাৰ্তা, ৬ অক্টোবৰঃ ভাৰতী এয়াৰটেলে বৃহস্পতিবাৰে জনোৱা মতে, দিল্লী, মুম্বাই, চেন্নাই, বেংগালুৰু, হায়দৰাবাদ, শিলিগুৰি, নাগপুৰ আৰু বাৰাণসী আদি ৮খন চহৰত তেওঁলোকৰ ৫জি সেৱা আৰম্ভ হৈছে। ৫জি সেৱা লাভ কৰা গ্ৰাহকে তেওঁলোকৰ বৰ্তমানৰ ৪জি পৰিকল্পনা অনুসৰি ধন পৰিশোধ কৰিব লাগিব বুলিও কোৱা হৈছে। “এয়াৰটেলে যোৱা ২৭ বছৰ ধৰি ভাৰতৰ টেলিকম বিপ্লৱৰ ক্ষেত্ৰত আগৰণুৱা হৈ আহিছে। আজি আমাৰ যাত্ৰাৰ আৰু এটা পদক্ষেপ চিহ্নিত হৈছে কাৰণ আমি আমাৰ গ্ৰাহকৰ বাবে উত্তম অভিজ্ঞতা প্ৰদান কৰিবলৈ উন্নততম নেটৱৰ্ক গঢ়ি তুলিছো।” ভাৰতী এয়াৰটেলৰ পৰিচালন সঞ্চালক তথা মুখ্য কাৰ্যবাহী বিষয়া গোপাল ভিট্টালে এক বিবৃতিত কয় যে, “আমাৰ বাবে আমাৰ সকলো কামৰ মূলতে আমাৰ গ্ৰাহক। আমাৰ সমাধানে সেয়েহে যিকোনো ৫জি হেণ্ডছেট আৰু গ্ৰাহকৰ হাতত থকা বৰ্তমানৰ চিমত কাম কৰিব।” ভাৰতী এণ্টাৰপ্ৰাইজৰ প্ৰতিষ্ঠাপক তথা অধ্যক্ষ সুনীল মিট্টালে ১ অক্টোবৰত ৮খন চহৰত ৫জি সেৱা আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছিল। কোম্পানীটোৰ এগৰাকী মুখপাত্ৰই জনোৱা মতে, গ্ৰাহকে তেওঁলোকৰ ৪জি প্লেন অনুসৰি এই সেৱাসমূহ লাভ কৰিব পাৰিব। তেওঁলোকৰ অঞ্চলত ৫জি সংকেত পোৱা এয়াৰটেলৰ গ্ৰাহকে ৫জিলৈ সলনি কৰিব পাৰে কিন্তু যদি তেওঁলোকে ৫জিয়ে উচ্চ ডাটা খৰচ কৰা বুলি বিবেচনা কৰে তেন্তে তেওঁলোকে ৪জি নেটৱৰ্কলৈ ঘূৰি যাব পাৰে। মুখপাত্ৰগৰাকীয়ে কয় যে ৫জিত প্ৰৱেশ কৰাটো ঐচ্ছিক। বৰ্তমান এপল, চেমচাং, ছাইঅ’মি, ভিভ’, অ’প’, ৰিয়েলমী আৰু ৱানপ্লাছৰ ৫জি মডেল এয়াৰটেল ৫জি প্লাছ সেৱাৰ সৈতে সামঞ্জস্যপূৰ্ণ। এই সামঞ্জস্যপূৰ্ণ মডেলসমূহৰ ভিতৰত আছে চেমচাঙৰ ফ্লেগশ্বিপ ডিভাইচসমূহ য’ত আছে ফল্ড ছিৰিজ, গেলেক্সি এছ ২২ ছিৰিজ, চেমচাং এম৩২, আইফোন ১২ ছিৰিজ আৰু পিছৰ মডেল, ৰিয়েলম ৮এছ ৫জি, ৰিয়েলম এক্স৭ ছিৰিজ, ৰিয়েলমে নাৰ্জো ছিৰিজ, ভিভ’ এক্স৫০ৰ পৰা আৰম্ভ কৰি স্মাৰ্টফোন, ভিভ’ আইকিউ ছিৰিজ, অ’প’ ৰেনো৫জি প্ৰ’ আৰু পিছত মুকলি কৰা একেটা ছিৰিজৰ অন্যান্য ডিভাইচ, ৱানপ্লাছ ৮ আৰু ইয়াৰ বাহিৰৰ স্মাৰ্টফোন আদি। মুকলি পৰ্যায়ত মোবাইল গ্ৰাহকে ৫জি নেটৱৰ্কত প্ৰতি ছেকেণ্ডত ৬০০ মেগাবিট পৰ্যন্ত গতি লাভ কৰিব আৰু হেণ্ডছেটে এপ আৰু ডাটা প্ৰচেছিঙৰ প্ৰৱেশৰ বাবে পেছাদাৰী কম্পিউটাৰৰ সৈতে সমতুল্য কাম কৰাৰ আশা কৰা হৈছে।

You might also like