নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শুৱালকুছিৰ শ্ৰীহাতিত আদা খেতিৰ ওপৰত প্ৰশিক্ষণ কাৰ্যসূচী সম্পন্ন

নিয়মীয়া বাৰ্তা, ৬ মাৰ্চ:  আজি শুৱালকুছিৰ শ্ৰীহাতিত ভাৰত চৰকাৰৰ অন্তৰ্গত সংস্থা স্পাইচেছ ব’ৰ্ড অৱ ইণ্ডিয়া আৰু বংশৰ কৃষি উন্নয়ন বিষয়াৰ যৌথ উদ্যোগত আদা খেতিৰ ওপৰত এক প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হয়। উক্ত প্ৰশিক্ষণত প্ৰায় ৮০ গৰাকী কৃষকে অংশগ্ৰহণ কৰে। অনুষ্ঠানত প্ৰশিক্ষক হিচাপে উপস্থিত থাকি‌ ব’ৰ্ডৰ উপ-সঞ্চালক ডা° দ্বিজেন্দ্ৰ মোহন বৰ্মনে কৃষকক আদা ৰূপণ, পৰিচৰ্যা, সাৰ প্ৰয়োগ সম্পৰ্কে বক্তৃতা প্ৰদান কৰে। প্ৰশিক্ষণত উপস্থিত থাকি কৃষি উন্নয়ন বিষয়া দুৰ্লভ দাসে উল্লেখ কৰে যে এইবাৰ কামৰূপ জিলা কৃষি বিভাগৰ ফালৰ পৰা এই অঞ্চলত পৰীক্ষামূলকভাৱে ১৫‌ বিঘা মাটিত আদা খেতি কৰিবৰ বাবে বীজ যোগান ধৰা হৈছে। প্ৰয়োজন সাপেক্ষে পৰবৰ্তী কালত আৰু বীজৰ যোগান ধৰা হ’ব। উক্ত প্ৰশিক্ষণত স্থানীয় কৃষি সম্প্ৰসাৰণ সহায়ক আনন্দ দাস আৰু অপূৰ্ব দাস উপস্থিত থাকে।

You might also like