নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তেজপুৰত ডাম্পাৰৰ মুখামুখী সংৰ্ঘষত হতাহত চাৰিজন

নিয়মীয়া বাৰ্তা, ২৮ নৱেম্বৰ: তেজপুৰত আজি পুৱা সংঘটিত এক পথ দুৰ্ঘটনাত দুজন গাড়ী চালক-হেণ্ডিমেন থিতাতে নিহত হোৱাৰ বিপৰীতে আন দুজন চালক হেণ্ডিমেন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ তেজপুৰ চিকিৎসা মহাবিদ্যালয় হস্পিতালত চিকিৎসাধীন হৈ আছে ।তেজপুৰৰ বৰঘাট আৰক্ষী চকী অন্তৰ্গত অঞ্চলত ডাম্পাৰৰ নিয়ন্ত্ৰণহীন চলাচলত ইতিমধ্যেই দুজনৰ প্ৰাণ হানি হোৱাৰ প্ৰতিক্ৰিয়া মাৰ নাযাওঁতেই আজি পুৱাই দুখন ডাম্পাৰৰ মাজত হোৱা মুখামুখি সংঘৰ্ষত দুইখন ডাম্পাৰৰ চালক দুজন নিহত হোৱাৰ লগতে আন দুজন সহায়কাৰী গুৰুতৰ ভাবে আহত হয়৷উল্লেখযোগ্য যে,আজি পুৱা প্ৰায় ৫.৩০ বজাত বৰঘাট চেন্টাৰৰ দিশৰ পৰা আহি থকা আৰু নপামৰ দিশৰ পৰা গৈ থকা এ.এছ ০৮ চি ১৩৩২ আৰু এ.এছ ১২ এ.চি ৯১৫৬ নম্বৰৰ ডাম্পাৰ দুখনৰ মাজত মুখামুখি সংঘৰ্ষ হয় বৰঘাট আৰক্ষী চকীৰ অধিনৰ খলিহামাৰী উপ-স্বাস্থ্য কেন্দ্ৰৰ সন্মুখত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনা। ইয়াৰ ফলত দুইখন ডাম্পাৰ পথৰ কাষত বাগৰি পৰে আৰু এখনৰ চালকজন কেবিনতে নিহত হোৱাৰ বিপৰীতে আনজন চালকক তেওঁ চলোৱা ডাম্পাৰৰ পিছৰ অংশই চেপামাৰি ধৰে৷তেওঁৰো ঘটনাস্থলীতে মৃত্যু ঘটে৷নিহত দুজন হল ইক্ৰামূল হুছেইন(২৪)আৰু ৰমী ৱানু(২৩)৷ইয়াৰে ভিতৰত ইক্ৰামূলৰ ঘৰ তেজপুৰ চটাই চাপৰিত আৰু ৰমীৰ ঘৰ ডিমাও হাচাওৰ লিংটিঙত৷ আনহাতে আন দুজন আহত বৰ্তমান চিকিৎসাধীন হৈ আছে৷

You might also like