নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বগৰীবাৰীৰ মহামায়া মন্দিৰ দৰ্শন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ

নিয়মীয়া বাৰ্তা, ১ অক্টোবৰ : পৰ্বতঝোৰা মহকুমাৰ অন্তৰ্গত বগৰীবাৰীৰ ঐতিহাসিক শক্তিপীঠ হিচাপে জনাজাত মা মহামায়া মন্দিৰত আজি ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী তথা ধুবুৰীৰ অভিভাৱক মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা উপস্থিত হৈ মা মহামায়াক দৰ্শন কৰি সেবা আগবঢ়ায়। আজিৰ এই কাৰ্যসূচীত সংগ দিয়ে কেএচিৰ মুখ্য কাৰ্যবাহী সদস্য গকুল বৰ্মন,  ধুবুৰী জিলা বিজেপিৰ সভাপতি তথা ধুবুৰী পৌৰসভাৰ চেয়াৰমেন ডা: দেবময় সন্যালৰ লগতে প্ৰশাসনিক কৰ্মকৰ্তাসকল। আজি পূৰ্ব নিৰ্ধাৰিত কাৰ্যসূচী নথকাকৈ শক্তিপীঠ মা মহামায়া  মন্দিৰত উপস্থিত হৈ প্ৰথমে মা মহামায়া মন্দিৰত পূজাৰ শৰাই আগবঢ়াই এই মহামায়া মন্দিৰৰ কাষতে থকা শিব মন্দিৰত পূজা আগবঢ়ায় । পিছত মা মহামায়া মন্দিৰৰ মূখ্য পুৰোহিত প্ৰদীপ শৰ্মা আৰু মন্দিৰ পৰিচালনা দায়িত্বত থকা কৰ্মকৰ্তাসকলৰ লগত বাৰ্তালাপ কৰে। পিছত ঐতিহাসিক মা মহামায়া মন্দিৰৰ সামগ্ৰিক পৰিৱেশৰ বুজ লয়।

প্ৰেৰক পাৰ্থ সাৰথি চক্ৰবৰ্তী

You might also like