নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছয়গাঁৱৰ ভিতৰদুৱাৰ টুক্ৰাপাৰা প্ৰাথমিক বিদ্যালয়ত নাই পৰ্যাপ্ত শিক্ষক

নিয়মীয়া বাৰ্তা, ১ অক্টোবৰ : কামৰূপ জিলাৰ ছয়গাঁও শিক্ষা খণ্ডৰ অন্তৰ্গত এখন বিদ্যালয়ত কেৱল এগৰাকী শিক্ষয়িত্ৰীয়ে পাঠদান চলাবলগীয়া হৈছে ৷ উল্লেখ্য, ভিতৰদুৱাৰ টুক্ৰাপাৰা প্ৰাথমিক বিদ্যালয়ত বৰ্তমানলৈ ৮৯ গৰাকী ছাত্ৰ-ছাত্ৰী থকাৰ বিপৰীতে মাত্ৰ এগৰাকী শিক্ষয়িত্ৰী থকাত ছাত্ৰ- ছাত্ৰীক পাঠদান কৰাত অসুবিধাৰ সৃষ্টি হোৱাৰ অভিযোগ তুলিছে প্ৰধান শিক্ষয়িত্ৰীৰ লগতে স্থানীয় ৰাইজে । আজি বিদ্যালয় খনত ৰাইজ উপস্থিত হৈ সংবাদ মাধ্যমক জানিবলৈ দি কয় যে, ভিতৰদুৱাৰ টুক্ৰাপাৰা প্ৰাথমিক বিদ্যালয়ত নিয়মিত বাবে প্ৰধান শিক্ষয়িত্ৰী আউলিয়া বেগমে ছাত্ৰ-ছাত্ৰীক পাঠদান কৰা, মধ্যহ্ন ভোজনৰ তদাৰক কৰাৰ উপৰিও বিদ্যালয়ৰ আভ্যন্তৰিণ কাম-কাজৰ বাবে ছয়গাওঁস্থিত প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়লৈ যাবলগীয়া হোবাৰ বাবেও পাঠদান কাৰ্যত ব্যঘাত জন্মে। ইফালে বাক্সা জিলাৰ এগৰাকী শিক্ষকক চৰকাৰে নিযুক্তি দিছে যদিও দুৰণিপটীয়া হোৱা বাবে নিয়মিত বাবে বিদ্যালয়ত উপস্থিত হবলৈ সক্ষম নহয় শিক্ষকগৰাকী ৷ ৰাইজে জনোৱা মতে, পূৰ্বে ৰফিকুল আলম নামৰ এগৰাকী শিক্ষক ভিতৰদুৱাৰ টুক্ৰাপাৰা প্ৰাথমিক বিদ্যালয়খনত আছিল যদিও তেওঁ এইখন বিদ্যালয় এৰি আন এখন বিদ্যালয়লৈ গুচি যায় ৷ কিন্তু ৰফিকুল আলম নামৰ শিক্ষকজনে কোনো ধৰণৰ চৰকাৰী নিৰ্দেশনা পত্ৰ বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰীক নিদিয়াকৈ নিজৰ খেয়াল খুচি মতে বিদ্যালয়খন এৰি ১২৯৬নং চৌতাৰা প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষকৰ দায়িত্ব লৈ বদলি হৈ যায়। মন কৰিবলগীয়া যে ৮৯জনকৈ ছাত্ৰ-ছাত্ৰী থকা বিদ্যালয় খনৰ পৰা প্ৰধান শিক্ষকৰ অজ্ঞাতে কাৰ আশীৰ্বাদত আন এখন বিদ্যালয়ত বদলি হল সেয়া ৰাইজৰ মাজত ৰহস্যজনক বিষয় হৈ পৰিছে । বিদ্যালয় খনত ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতৰ প্ৰতি লক্ষ্য কৰি শীঘ্ৰে চৰকাৰী নিৰ্দেশনা পত্ৰ নিদিয়াকৈ বিদ্যালয় এৰা শিক্ষক ৰফিকুল আলম, নাইবা বিভাগীয় বাবে আন এগৰাকী শিক্ষকক নিযুক্তি দিবলৈ অসমৰ মুখ্যমন্ত্ৰীৰ লগতে শিক্ষামন্ত্ৰীৰ ওচৰত ৰাইজে দাবী জনাইছে ।

প্ৰেৰক কামাৰুজ জামান

You might also like