নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীত মা দুৰ্গাৰ আশীৰ্বাদ ল’লে জিলাখনৰ অভিভাৱক মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই

নিয়মীয়া বাৰ্তা, ১ অক্টোবৰঃ আজি মহাষষ্ঠীৰ দিনা ধুবুৰীত দেৱী দুৰ্গাৰ আশীৰ্বাদ ল’লে ধুবুৰীৰ অভিভাৱক মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই। স্থানীয় অলেখ ভক্তিপ্ৰাণ ৰাইজৰ উপস্থিতিত মন্ত্ৰীগৰাকীয়ে চহৰখনৰ নুনীয়াপট্টীত অনুষ্ঠিত ৭৬সংখ্যক সাৰ্ব্বজনীন শ্ৰীশ্ৰীদুৰ্গা পূজা আৰু ধুবুৰী চহৰৰ ৱাৰ্ড নং ১২ আৰু ১৩ত শিৱ মন্দিৰ কমিটীৰ দ্বাৰা আয়োজিত শ্ৰীশ্ৰীদুৰ্গা পূজা মণ্ডপৰ শুভ উদ্বোধন কৰে। পিছত পূজাথলীত সাংবাদিকৰে হোৱা কথাবতৰাত দেৱী মাৰ কৃপাত সকলোৰে আগন্তুক দিনসমূহ শুভ আৰু মঙ্গলময় হোৱাৰ কামনাৰে আটাইকে পূজাৰ শুভেচ্ছা জ্ঞাপন কৰে। ল’গতে ধুবুৰী চহৰখনৰ ৰাইজে যিধৰণে এই পূজা–উৎসৱ পালন কৰিছে সেয়া সঁচাকৈয়ে প্ৰশংসনীয় বুলিও মন্তব্য কৰে তেওঁ। মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই বিগত দুটা বছৰ ক’ভিডৰ বাবে কিছু সাৱধানতাত থাকিবলগীয়া হোৱাৰ বিষয়টো উল্লেখ কৰি কয় যে, ‘‘এইবাৰ মুকলি মনেৰে সকলোৱে ওলাই আহিছে; সুন্দৰ ভাৱে পূজা–অৰ্চনা কৰিছে আৰু আৰু ইয়ে আমাৰ ভৱিষ্যৎৰ দিনত অসমখনলৈ শান্তি আনিব, প্ৰগতি আনিব তাকে কামনা কৰিছোঁ। দেৱী মাৰ কৃপা যাতে সকলোৱে পায় তাকে দেৱী মাৰ ওচৰত আশীৰ্বাদ বিছাৰিছোঁ।’’

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like