নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিয়ম বহিৰ্ভূত ভাৱে ধুবুৰী পৌৰসভা এলেকাত ই-ৰিক্সা চলাচল কৰাৰ অভিযোগ

 

  •  ধুবুৰী চহৰৰ ই-ৰিক্সা ইউনিয়নৰ আৰক্ষী অধীক্ষক আৰু পৌৰসভাক লিখিত অভিযোগ

নিয়মীয়া বাৰ্তা, ১২ এপ্ৰিল: ধুবুৰী পৌৰসভা এলেকাত গ্ৰামাঞ্চলৰ ই-ৰিক্সা প্ৰৱেশ কৰাৰ ওপৰত পৌৰসভা কৰ্তৃপক্ষই জাৰী কৰা নিষেধাজ্ঞা দিঠকত গৈ অসাৰ প্ৰতিপন্ন হোৱাৰ অভিযোগ উত্থাপিত হৈছে। দৰাচলতে চহৰখনত সৃষ্টি হোৱা যানজঁট হ্ৰাস কৰাৰ বাবেই ধুবুৰী পৌৰসভাই কেইমাহ মান পূৰ্বে জাৰী কৰিছিল সেই নিষেধাজ্ঞা। জানিব পৰা মতে, প্ৰথমাৱস্থাত চহৰখনত যাত্ৰী আৰু মালবাহীকে ধৰি মুঠ ৬০০ খন ই-ৰিক্সাক চলাচল কৰাৰ অনুমতি প্ৰদান কৰা হৈছিল যদিও পিছলৈ গৈ সেই সংখ্যা ৭৫০ লৈ বৃদ্ধি কৰা কৰিছিল পৌৰসভাই। পৰৱৰ্ত্তীত সেয়াও বৃদ্ধি পাই বৰ্তমানে ধুবুৰী পৌৰসভাই চহৰখনত যাত্ৰী আৰু মালবাহীকে ধৰি মুঠ ৯৯৯খন ই-ৰিক্সাক চলাচল কৰাৰ অনুমতি প্ৰদান কৰা বুলি প্ৰকাশ। কিন্তু তাৰ বিপৰীতে বৰ্তমানে ধুবুৰী চহৰত দৈনিক ২ হাজাৰৰো অধিক ই-ৰিক্সা চলাচল কৰি থকা বুলিয়েই দাৱী নাম প্ৰকাশত অনিচ্ছুক স্থানীয় একাংশ ই-ৰিক্সা চালকৰ। ফলত স্বাভাৱিক ভাৱেই ই-ৰিক্সাৰ মাত্ৰাধিক সংখ্যাই অফিচ-কাচাৰী খুলা থকা দিনত কেতবোৰ অঞ্চলৰ ৰাজপথত তীব্র যানজোঁটৰ সৃষ্টি হোৱাটো এতিয়া স্বাভাৱিক ঘটনাত পৰিণত হৈছে ধুবুৰীত। আনকি, চহৰখনত নিয়ম বহিৰ্ভূত ভাৱে গ্ৰামাঞ্চলৰ যাত্ৰীবাহী আৰু সামগ্ৰী কঢ়িওৱা ই-ৰিক্সা চলাচল কৰি থকা বুলি ধুবুৰী চহৰৰ ই-ৰিক্সা ইউনিয়নে বিগত ৬ এপ্ৰিলৰ দিনা ধুবুৰীৰ আৰক্ষী অধীক্ষক আৰু পৌৰসভা কৰ্তৃপক্ষক লিখিত অভিযোগ প্ৰদান কৰা বুলিও জানিব পৰা গৈছে। অৱশ্যে বৰ্তমানলৈ আৰক্ষী অথৱা ধুবুৰী পৌৰসভাই স্থানীয় ই-ৰিক্সা ইউনিয়নৰ সেই অভিযোগ সন্দৰ্ভে কোনো ধৰণৰ পদক্ষেপ নোলোৱা বুলিয়েই প্ৰকাশ।

 

 

অমিতাভ চক্ৰৱৰ্তী, ধুবুৰী

You might also like