নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সাপটগ্রাম কলেজত বত্তৃণতানুষ্ঠানত সাহিত্য অকাডেমি অনুবাদক বঁটাপ্রাপক দিগন্ত বিশ্ব শর্মা

নিয়মীয়া বাৰ্তা, ১২ এপ্রিল: ধুবুৰী জিলা আৰু কোকৰাঝাৰ জিলাৰ সীমান্তৱর্তী চহৰ সাপটগ্রামস্থিত সাপটগ্রাম মহাবিদ্যালয়ত মঙলবাৰে সাহিত্য অকাডেমি অনুবাদ বঁটাপ্রাপক দিগন্ত বিশ্ব শর্মাই ‘দ্য আইডিয়া অৱ আইডিয়েল এডুকেচন এণ্ড আইডিয়েল টিচাৰ ইন দ্য লাইট অৱ বিবেকানন্দ এণ্ড অৰবিন্দ’ শীর্ষক বত্তৃণতানুষ্ঠানত অংশগ্রহণ কৰে৷ সাপটগ্রাম মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ আৰপি সিঙৰ অধ্যক্ষতাত অনুষ্ঠিত অনুষ্ঠানটোৰ আঁত ধৰে মহাবিদ্যালয়খনৰ ৰাজনীতি বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপিকা ড০ যুতিকা দাসে৷ প্রাৰম্ভিক ভাষণ দিয়ে মহাবিদ্যালয়খনৰ বড়ো বিভাগৰ মুৰব্বী অধ্যাপক অর্গেন নার্জাৰীয়ে৷ মানৱ জীৱনৰ  উদ্দেশ্য আৰু মানুহৰ জীৱনৰ অন্তর্নিহিত অমূল্য শক্তিক কেনেকৈ জাগ্রত তথা ইয়াৰ অভিব্যক্ত কৰিব পাৰি, সেই সন্দর্ভত ভাষণ দিয়ে দিগন্ত বিশ্ব শর্মাই৷

বিশিষ্ট বক্তা দিগন্ত বিশ্ব শর্মাই প্রথমে ৰূপকোঁৱৰ জ্যোতিপ্রসাদ আগৰৱালাৰ কালজয়ী গীত ‘তোৰে মোৰে আলোকৰে যাত্রা’ৰ মর্ম কথাৰে ভাষণ আৰম্ভ কৰে৷ ৰূপকোঁৱৰে কবিতাত উল্লেখ কৰা জীৱনৰ অভিনৱ নতুন যাত্রা তথা চিন্তাক সাৰোগত কৰি তেওঁ নিজে নিজৰ এক নতুন অভিব্যক্তিৰ কথা বিশদভাৱে বক্তব্যৰ যোগেদি উল্লেখ কৰে৷ বত্তৃণতানুষ্ঠানত বর্তমান চলি থকা শিক্ষা পদ্ধতিৰ ত্রুটিপূর্ণ দিশসমূহ আলোকপাত কৰোঁতে মহাযোগী ঋষি অৰবিন্দ, মহান ব্যক্তিত্বৰ অধিকাৰী স্বামী বিবেকানন্দৰ দার্শনিক চিন্তাধাৰাবোৰ উপস্থাপন কৰে৷ ঋষি অৰবিন্দই প্রকাশ কৰা জ্ঞানৰ অভিযাত্রা সম্পর্কে তেওঁ তত্ত্বগধুৰ বক্তব্য আগবঢ়ায়৷ তেওঁ মহাযোগী অৰবিন্দই উল্লেখ কৰা ছয়টা বস্তু সম্পর্কে বিশদ ব্যাখ্যা আগবঢ়ায৷

তেওঁ কয় যে ঋষি অৰবিন্দই কৈছিল যে মানৱে প্রেম, জ্ঞান, আনন্দ, শক্তি, একতা, জীৱন লাভ কৰিব পৰা নাই৷ মানৱে লাভ কৰিছে জন্ম, বৃদ্ধি আৰু মৃত্যু৷ মানুহে একতাৰ সন্ধান কৰিব পৰা নাই৷ ভাষণত তেওঁ বংগ দেশৰ প্রখ্যাত কবি ৰামপ্রসাদ সেনৰ মানৱ জীৱন সম্পর্কে উল্লিখিত কবিতা ফাকি উদ্ধৃতি দি মত ব্যক্ত কৰে৷ জীৱনৰ পোহৰ আমি ক’ৰ পৰা পাওঁ, এই সম্পর্কে এক ইতিবাচক ব্যাখ্যা আগবঢ়ায৷

বর্তমান শিক্ষা পদ্ধতি সম্পর্কে শর্মাই কয়– এই শিক্ষা ব্যৱস্থাই চাকৰিয়াল সৃষ্টি কৰে৷ আমি এনে শিক্ষাৰ দ্বাৰা শিক্ষিত হ’ব লাগিব, যি শিক্ষাৰে আমি একো একোজন নিয়োগ সৃষ্টিকাৰী হ’ব পাৰোঁ৷ তেওঁ মহাযোগী অৰবিন্দৰ যোগ সাধনা সম্পর্কে বিশদ বক্তব্য আগবঢ়ায়৷ যোগ হৈছে হূদয়ত থকা অভিব্যক্তিৰ বহিঃপ্রকাশ৷ মানৱ জাতি হৈছে ঐশ্বৰিক শক্তিৰ অংশস্বৰূপ৷ প্রতিজন ব্যক্তিৰ নিজশ্ব শক্তি আৰু সম্ভাৱনা থাকে৷ সেই সম্ভাৱনা নিজাকৈ স্বতন্ত্রভাৱে বহিঃপ্রকাশ কৰাৰ সুযোগ দিব লাগে৷ তেওঁ কয় – যেনেকৈ একলব্যই নিজৰ সম্ভাৱনা শক্তিৰ জৰিয়তে পাকৈত ধনুবিদ্যা লাভ কৰিছিল স্বামী বিবেকানন্দই নিজৰ সম্ভাৱনা উদ্ভাৱন শক্তিৰ জৰিয়তে বিশ্ববাসীক মোহিত কৰিব পাৰিছিল৷ জ্ঞান লাভৰ ক্ষেত্রত মনোযোগ আৰু একাগ্রতা কেনেকৈ লাভ কৰিব পাৰি, সেই সন্দর্ভত যত্নৱান হ’বলৈ তেওঁ ছাত্র–ছাত্রীসকলক আহ্বান জনায়৷ তেওঁ কয় যে শিক্ষকসকলে কেৱল সন্মুখত থিয় দিয়া বাধাসমূহ আঁতৰাই শিক্ষার্থীসকলক আত্মজ্ঞানৰ উন্মেষ ঘটাবলৈ সুযোগ দিব লাগে৷ অনুষ্ঠানত সাপটগ্রাম মহাবিদ্যালয়ৰ অধ্যক্ষ ভঃ আৰপি সিং, কোকৰাঝাৰ চৰকাৰী মহাবিদ্যালয়ৰ অধ্যক্ষ্য ড০ বনবীণা ব্রহ্ম, গৱর্নিং বডীৰ সভাপতি এইচ এন ব্রহ্ম, মহাবিদ্যালয়খনৰ ৰাজনীতি বিজ্ঞান বিভাগৰ অধ্যাপিকা ড০ যুতিকা দাসে ভাষণ দিয়ে৷ শলাগৰ শৰাই আগবঢ়ায় মহাবিদ্যালয়খনৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ড০ আব্দুল বাতেন মণ্ডলে৷

You might also like