নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শীঘ্রেই বজাৰলৈ আহিব বিশ্বৰ প্রথম বয়স প্রতিৰোধী ঔষধ

নিয়মীয়া বাৰ্তা, ১২ এপ্রিল: মৃত্যুক জয় কৰাটো সম্ভৱনে? মানুহৰ বৃদ্ধ অৱস্থাক প্রতিৰোধ কৰাটো সম্ভৱ হৈ উঠিবনে? আধুনিক বিজ্ঞান আৰু প্রযুক্তি বিদ্যাৰ দপদপনিৰ মাজত জীয়াই থকা জীৱশ্রেষ্ঠ মানৱৰ উৎসুকতাৰ বিষয় বৃদ্ধাৱস্থা আৰু মৃত্যুক জয় কৰা বিষয়টোক লৈ সম্প্রতি গৱেষণা চলি আছে৷ বিশ্বৰ ধনাঢ়্য উদ্যোগপতিসকলে মানুহৰ বৃদ্ধাৱস্থাক প্রতিৰোধ কৰা কিম্বা বয়স বৃদ্ধিক প্রতিৰোধ কৰাক লৈ গৱেষণাৰ বাবে বিপুল পৰিমাণৰ ধন ব্যয় কৰি আহিছে৷ ছিলিকন ভেলীত কোটি কোটি মার্কিন ডলাৰ বিনিয়োগেৰে বয়স প্রতিৰোধী ঔষধ প্রস্তুতৰ গৱেষণা দ্রুত গতিত আগবাঢ়িছে৷ এই গৱেষণা এনে পর্যায় পাইছে গৈ যে, পাঁচ বছৰৰ ভিতৰত অর্থাৎ ২০২৮ চনৰ ভিতৰত বিশ্বৰ প্রথম বয়স প্রতিৰোধী ঔষধ বজাৰলৈ আহিব৷ ছিলিকন ভেলীয়ে মানুহৰ বয়স প্রতিৰোধী ঔষধ প্রস্তুতেৰে মৃত্যুক জয় কৰাৰ দৌৰত নামিছে৷ আমাজনৰ জেফ বেজছ, পেপলৰ সহঃপ্রতিষ্ঠাতা পিটাৰথিয়েল, ৰেট্র বায় ছায়েন্স ষ্টার্টআপৰ ছাম অল্টমেনকে ধৰি কেইবাজনো উদ্যোগপতিয়ে বয়স প্রতিৰোধী ঔষধ প্রস্তুতৰ বাবে গৱেষণাত ধন বিনিয়োগ কৰিছে৷ উল্লেখ্য যে ২০২০ চনত এণ্ড্রিউ ষ্টীলে ‘এজলেছ ঃ দ্য নিউ ছায়েন্স অৱ গেটিং অ’ল্ডাৰ উইদাউট গেটিং অ’ল্ড’ শীর্ষক গ্রন্থখনেৰে পাঁচ বছৰৰ ভিতৰত বয়স প্রতিৰোধ কৰিব পৰা ঔষধ প্রস্তুত হৈ উঠিব বুলি প্রকাশ কৰে৷ পৰৱর্তী সময়ত ছিলিকন ভেলীত এই গৱেষণাই ক্ষিপ্রতৰ ৰূপ লয় আৰু ২০২৮ চনৰ ভিতৰত এই ঔষধ বজাৰলৈ আহিব বুলি সম্ভাৱনা প্রকাশ কৰিছে৷ উল্লেখ্য যে মানৱ জাতিৰ বাবে সর্বকালৰ সর্বাধিক প্রত্যাহ্বান বৃদ্ধাৱস্থা প্রতিৰোধী কৰাৰ বাবে ২০ৰ পৰা ৩০টা কোম্পানীয়ে ‘ছেনোলিটিক্স’ নামৰ নতুন ঔষধ বিকশিত কৰি আছে৷ এই ঔষধবিধে মানুহৰ শৰীৰত বয়স বৃদ্ধিৰ কোষসমূহ বিনাশ কৰিব৷ যাৰ জৰিয়তে মানুহৰ বয়স প্রতিৰোধ হ’ব৷

You might also like