নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসম গৌৰৱঃ বিহুৰ দিনাই মার্কিন ৰাষ্ট্রপতিৰ প্রেছিডেঞ্চিয়েল ইনোভেচন ফেল’ হিচাপে হোৱাইট হাউছত ড০ ৰূপম শৰ্মা

নিয়মীয়া বাৰ্তা, ১২ এপ্রিল: আন্তঃৰাষ্ট্রীয় পর্যায়ত পুনৰ সুখ্যাতি অর্জন কৰিছে এগৰাকী অসম সন্তানে৷ বিশ্বৰ আটাইতকৈ শক্তিধৰ দেশ আমেৰিকা যুক্তৰাষ্ট্রৰ ৰাষ্ট্রপতিৰ উপদেষ্টা হিচাপে দায়িত্ব লাভ কৰিছে অসম সন্তান ড০ ৰূপম শর্মাই৷ মার্কিন প্রশাসনৰ হূৎপিণ্ডস্বৰূপ হোৱাইট হাউছৰ প্রেছিডেঞ্চিয়েল ইনোভেচন ফেল’ আৰু স্বাস্থ্য গৱেষণা সংস্থাৰ জ্যেষ্ঠ উপদেষ্টা হিচাপে ড০ শর্মাক নিযুক্তি দিয়া হৈছে৷ আজি মার্কিন প্রশাসনৰ অন্যতম এই শীর্ষ পদবীত তেওঁ শপতগ্রহণ কৰে৷ আনহাতে, ৰঙালী বিহুৰ দিনটোতে অর্থাৎ অহা ১৪ এপ্রিলত তেওঁ হোৱাইট হাউছত পদার্পণ কৰিব৷ সেইদিনা হোৱাইট হাউছত অনুষ্ঠিত হ’বলগীয়া আদৰণী অনুষ্ঠানত ড০ শর্মাই অংশগ্রহণ কৰিব৷ এগৰাকী প্রখ্যাত অর্থনীতিবিদ হিচাপে বিশ্বজুৰি সুনাম থকা ড০ শর্মাই হয়তো মার্কিন প্রশাসনৰ শীর্ষ পদবীত অধিষ্ঠিত হোৱা প্রথমগৰাকী অসমীয়া৷ যোৰহাট চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্রাক্তন ছাত্র ড০ শর্মাই আগন্তুক সময়ত প্রেছিডেঞ্চিয়েল ফেল’ হিচাপে মার্কিন যুক্তৰাষ্ট্রৰ ভিতৰত আৰু বাহিৰত অর্থনৈতিক তথা নীতি নির্ধাৰণৰ ক্ষেত্রত পৰামর্শ আগবঢ়োৱাৰ দৰে গুৰুত্বপূর্ণ কামত নিয়োজিত হ’ব৷ উল্লেখ্য যে যোৰহাটত জন্মগ্রহণ কৰা বিশিষ্ট অর্থনীতিবিদগৰাকীয়ে যোৰহাট চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পাছত কটন কলেজৰ পৰা স্নাতক ডিগ্রী গ্রহণ কৰে৷ পৰৱর্তী সময়ত নাছভিলেৰ ভেণ্ডাৰবিল্ট বিশ্ববিদ্যালয়ৰ পৰা তেওঁ পিএইচডি গ্রহণ কৰে৷ বিশ্ববিখ্যাত অর্থনীতিবিদ তথা ন’বেল বঁটা বিজয়ী ড০ মহম্মদ ইউনুছৰ দৰে ব্যক্তিৰ তত্ত্বাৱধানত তেওঁ গৱেষণাৰ কাম সম্পন্ন কৰিছিল৷ পিএইচডি গ্রহণৰ পাছত তেওঁ লণ্ডন স্কুল অৱ ইক’নমিকছ এণ্ড পলিটিকেল ছায়েঞ্চত সহযোগী গৱেষক হিচাপে কাম কৰে৷ সেই সময়ছোৱাত তেওঁ অর্থনৈতিক আৰু নীতি নির্ধাৰণৰ ক্ষেত্রত কেইবাটাও গুৰুত্বপূর্ণ প্রকল্পত কাম কৰাৰ সুযোগ লাভ কৰে৷ বিশ্ববিদ্যালয়খনত তেওঁ মাইক্র’ ইক’নমিকছ আৰু ডেভেলপমেণ্ট ইক’নমিকছ বিষয়ত পাঠদান কৰিছিল৷ জার্নেল অৱ ডেভেলপমেণ্ট ইক’নমিকছ, ৱর্ল্ড ডেভেলপমেণ্ট, দ্য ৰিভিউ অৱ ইক’নমিকছ ষ্টেটিষ্টিকছকে ধৰি কেইবাখনো আগশাৰীৰ জার্নেলত তেওঁৰ গৱেষণা পত্রসমূহ প্রকাশ পাইছে৷ তেওঁ বিভিন্ন বিষয়ত গুৰুত্ব আৰোপ কৰি গৱেষণা কৰি আহিছে যদিও গ্রামাঞ্চলৰ বিকাশ, সামাজিক সুৰক্ষা আৰু দৰিদ্রতা হ্রাসৰ ওপৰত বিশেষভাৱে অধ্যয়ন কৰি আহিছে৷ বিশ্বৰ বিভিন্ন আগশাৰীৰ প্রতিষ্ঠানে আয়োজন কৰা আলোচনা–চক্রত তেওঁ বিভিন্ন বিষয়ত বত্তৃণতা প্রদান কৰিছে৷ ইয়াৰ উপৰি ৰাজহুৱা সেৱা আৰু সামাজিক ন্যায়ৰ প্রতিও তেওঁ সমানে দায়বদ্ধতা প্রদর্শন কৰি আহিছে৷ অত্যন্ত মেধাৱী ড০ শর্মাই কর্তব্যৰ খাটিৰত দেশৰ বাহিৰত থাকিবলগীয়া হ’লেও জন্মভূমিৰ সৈতে কেতিয়াও সম্পর্ক বিচ্ছিন্ন হ’বলৈ দিয়া নাই৷ অসমীয়া কলা–সংস্কৃতি–সাহিত্য্ প্রতি তেওঁ সদায়েই গুৰুত্ব আৰোপ কৰি আহিছে৷ এগৰাকী বিশিষ্ট অর্থনীতিবিদ হোৱাৰ উপৰি তেওঁ এগৰাকী সুদক্ষ সংগীত শিল্পী৷ আমেৰিকাৰ ৰাষ্ট্রপতিৰ উপদেষ্টা হিচাপে তেওঁ অর্থনৈতিক আৰু নীতি নির্ধাৰণৰ ক্ষেত্রত পৰামর্শ প্রদান কৰি তেওঁলোকৰ নির্ধাৰিত লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্রত সহায় কৰিব৷ অর্থনৈতিক আৰু গোলকীয় নীতি সম্পর্কীয় প্রত্যাহ্বানসমূহৰ সমাধানৰ বাবে তেওঁ উপদেষ্টা মণ্ডলীৰ অংশ হিচাপে উদ্ভাৱনীমূলক পৰামর্শ আগবঢ়াব৷ মার্কিন ৰাষ্ট্রপতিৰ উপদেষ্টা মণ্ডলীৰ অংশ হিচাপে তেওঁৰ পৰামর্শই আগন্তুক সময়ত দেশখনক অর্থনৈতিক প্রত্যাহ্বানসমূহ নেওচি আগুৱাই নিয়াৰ ক্ষেত্রত সহায় কৰিব বুলিও আশা কৰা হৈছে৷

You might also like