নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডবকাত কুখ্যাত বাইক চোৰ জাকিৰকলৈ আৰক্ষীৰ গুলীচালনা

  • হোজাইৰ ডবকাত নিশা আৰক্ষীৰ এনকাউন্টাৰ৷
  • কুখ্যাত বাইক চোৰ জাকিৰক এনকাউন্টাৰ কৰে আৰক্ষীয়ে৷
  • আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰোতে আৰক্ষীয়ে গুলীয়াই জাকিৰক৷
  • নিশা তিনি বজাত আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰিছিল কুখ্যাত বাইক চোৰটোৱে৷
  • উল্লেখ্য যে যোৱা ১৪ নৱেম্বৰত ডবকা আৰক্ষীয়ে হোজাইৰ বৰহাওৰৰ পৰা কুখ্যাত বাইক চোৰ জাকিৰক গ্ৰেপ্তাৰ কৰিছিল৷ জাকিৰৰ স্বীকাৰোক্তিৰ ভিত্তিত ডবকা আৰক্ষীয়ে চাহাব উদ্দিন, নাগালেণ্ড ধনশিৰিৰ পৰা ফিলিপ চৌহাংগ আৰু আচি নুমাইক গ্ৰেপ্তাৰ কৰে৷
  • জাকিৰৰ পৰা আৰক্ষীয়ে তিনিখন চুৰি মটৰচাইকেলো জব্দ কৰে৷
  • নিশা জাকিৰক লৈ আন চোৰৰ সন্ধানত আৰক্ষীয়ে অভিযান চলাওতে জাকিৰে পলায়নৰ চেষ্টা কৰে যদিও আৰক্ষীয়ে গুলীয়ায় জাকিৰক৷
  • সম্প্ৰতি নগাঁও চিভিলত ভৰ্তি কৰা হৈছে জাকিৰক ।
You might also like