নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁৱত ভয়াৱহ ৰূপত ক’ৰোনাৰ গণ সংক্ৰমণ, চিকিৎসক-নাৰ্ছ আক্ৰান্ত

নিয়মীয়া বার্তা, ২৮ জুনঃ নগাঁৱত ক’ৰোনাৰ গণ সংক্ৰমণে ভয়াৱহ ৰূপ ধাৰণ কৰিছে। ইতিমধ্যে জিলাখনত ভ্ৰমণ বৃত্তান্ত নথকা  চাৰিগৰাকী লোক ক’ভিড-১৯ত আক্ৰান্ত হোৱাৰ পাছত আজি নগাঁও চহৰৰ জি ডি নাৰ্ছিংহোম এণ্ড ৰিচাৰ্ছ চেন্টাৰ নামৰ এখন ব্যক্তিগত চিকিৎসালয়ৰ এজন চিকিৎসক আৰু এগৰাকী নাৰ্ছ ক’ভিড-১৯পজিটিভত আক্ৰান্ত হোৱাটো নিশ্চিত কৰা হৈছে।

কৰ’নাত আক্ৰান্ত হোৱা বুলি নিশ্চিত কৰা ব্যক্তিগত চিকিৎসালয় খনৰ চিকিৎসকজনৰ নাম ডাঃ কৰণ কুমাৰ দলে আৰু নাৰ্ছ গৰাকীৰ নাম মৃদুস্মিতা দাস। ডাঃ দলে মেডিচিন বিভাগৰ বিশেষজ্ঞ চিকিৎসক। তেওঁলোক দুয়ো কেইদিনমান পূৰ্বে নাৰ্ছিংহোম খনত চিকিৎসা গ্ৰহণ কৰা ক’ৰোনাত আক্ৰান্ত কংকন মুদৈ নামৰ লোক জনৰ সংস্পৰ্শলৈ আহিছিল।নাৰ্ছিংহোম খনৰ চিকিৎসক আৰু নাৰ্ছো ক’ৰোনাত আক্ৰান্ত হোৱাত ৰাইজ উদ্বিগ্ন হৈ পৰিছে।

স্মৰ্তব্য যে, নগাঁও জিলাৰ চকলাঘাটৰ কংকন মুদৈ(৩৫)নামৰ যুৱক জনে আয়ুস্মান ভাৰতৰ আৰোগ্য মিত্ৰ হিচাপে কাম কৰিছিল চহৰ খনৰে ডিউ কেয়াৰ নামৰ এখন নাৰ্ছিংহোমত।
কংকন মুদৈয়ে অসুস্থতা অনুভৱ কৰি যোৱা ১৫ জুনত নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ গৈছিল।সেই দিনাই চিকিৎসালয়ত তেওঁৰ ছোৱাব সংগ্ৰহ কৰি ক’ভিড-১৯পৰীক্ষাৰ বাবে বিজ্ঞানাগাৰলৈ প্ৰেৰণ কৰা হৈছিল।

ইপিনে, যকৃতৰ ৰোগত আক্ৰান্ত লোকজনে যোৱা ১৭জুনত নগাঁও চহৰৰ আমোলাপট্টিৰ পানাছিয়া মেডিকেল ক্লিনিকলৈ আহি এজন মেডিচিন বিশেষজ্ঞৰ ওচৰত স্বাস্থ্য পৰীক্ষা কৰায় আৰু ব্যৱস্থা পত্ৰ সংগ্ৰহ কৰে। আনকি তেওঁ ভাস্কৰ লেৱ নামৰ পেথলজিকেল লেৱৰটৰীলৈকো কেতবোৰ পৰীক্ষাৰ বাবে গৈছিল।

ইপিনে, তেওঁৰ স্বাস্থ্যৰ অৱস্থা শোচনীয় হোৱা হেতুকে চিকিৎসকৰ পৰামৰ্শ অনুসৰি ১৮ জুনত নগাঁও চহৰৰ জি ডি নাৰ্ছিংহোম এণ্ড ৰিচাৰ্ছ চেন্টাৰ নামৰ ব্যক্তিগত চিকিৎসালয় খনত ভৰ্তি কৰায় ।তেতিয়াই নাৰ্ছিংহোম খনৰ মেডিচিন বিভাগৰ চিকিৎসক ডাঃ কৰণ কুমাৰ দলে আৰু কৰ্তব্যৰত নাৰ্ছ মৃদুস্মিতা দাস কংকণ মুদৈৰ সংস্পৰ্শলৈ আহিছিল। কিন্তু অতি উদ্বেগজনক বিষয়টো হ’ল মুদৈয়ে তেওঁৰ শ্বাৱ সংগ্ৰহৰ বিষয়টো চিকিৎসকৰ পৰা গোপনে ৰাখিছিল।

আনহাতে, যোৱা ১৯জুনত কংকন মুদৈৰ সংগৃহীত শ্বাৱৰ নমূণাৰ পৰীক্ষাৰ প্ৰতিবেদন প্ৰকাশ পায়।সেই অনুসৰি তেওঁ ক’ভিড-১৯পজিটিভত আক্ৰান্ত হোৱাটো নিশ্চিত হয়।লগে লগেই নগাঁও জিলা স্বাস্থ্য বিভাগ,জিলা প্ৰশাসন আৰু ৰাইজৰ মাজত হুৱাদুৱা লাগে। যিহেতু তেওঁ ইনষ্টিটিউচনেল অথৱা হোম কোৱাৰেন্টাইনত থকা নাছিল সেয়েহে তেঁওৰ জৰিয়তে অধিক লোকলৈ ক’ৰোনা ভাইৰাছৰ সংক্ৰমণ হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছিল।

সেই দিনাই তেওঁৰ সংস্পৰ্শলৈ অহা সকলো লোকৰে ছোৱাব সংগ্ৰহ কৰি ক’ভিড-১৯পৰীক্ষাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছিল। লগতে আটাইকে কোৱাৰেন্টাইন কৰা হৈছিল। তেতিয়াৰ পৰাই জি ডি নাৰ্ছিংহোম খনৰ চিকিৎসক ডাঃ দলে আৰু নাৰ্ছ মৃদুস্মিতাও নাৰ্ছিংহোম খনতেই কোৱাৰেন্টাইন হৈ আছিল।প্ৰথম শ্বাৱ পৰীক্ষাৰ প্ৰতিবেদনত আটাইৰে নিগেটিভ ওলাইছিল।

পৰৱৰ্তী সময়ত যোৱা ২৪জুলাইত পুনৰ কংকন মুদৈৰ সংস্পৰ্শলৈ অহা চিকিৎসক-নাৰ্ছ সহ আটাইৰে শ্বাৱ সংগ্ৰহ কৰি ক’ভিড-১৯পৰীক্ষাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা হয়।আজি সেই ছোৱাব পৰীক্ষাৰ প্ৰতিবেদন প্ৰকাশ পায় আৰু চিকিৎসক ডাঃ কৰণ কুমাৰ দলে আৰু নাৰ্ছ মৃদুস্মিতা দাস ক’ভিড-১৯পজিটিভত আক্ৰান্ত হোৱাটো নিশ্চিত কৰা হয়।

নগাঁও জিলা স্বাস্থ্য বিভাগে দুয়োকে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ ক’ভিড-১৯হাস্পতাললৈ স্থানান্তৰৰ ব্যৱস্থা কৰিছে। ইপিনে হোম কোৱাৰেণ্টাইনত থকা পেনেছিয়াৰ চিকিৎসক জনৈক দত্তই ৰোগীৰ তেজ পৰীক্ষা কৰাৰ অভিযোগ উঠিছে।

You might also like