নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁৱত এ টি এম ভাঙি ধন লুটৰ চেষ্টা, দুজন গ্ৰেপ্তাৰ

নিয়মীয়া বাৰ্তা, ২৮ জুনঃ নগাঁৱৰ আৰক্ষীৰ জালত পৰিল এ টি এমৰ পৰা ধন লুটৰ চেষ্টা চলোৱা দুজন যুৱক। আৰক্ষীয়ে প্ৰকাশ কৰা মতে মতে যোৱানিশা নগাওঁ চহৰৰ ৰামকৃষ্ণ পথৰ মনসা মন্দিৰ চাৰিআলিৰ ষ্টেট বেংকৰ এ টি এমত সোমাই এজন যুৱকে লকাৰ ভাঙি ধন লুটাৰ চেষ্টা চলাই থকা অৱস্থাত নগাওঁ যান-বাহন আৰক্ষীৰ টহলদাৰী দলে প্ৰত্যক্ষ কৰে।

লগে লগে তেওঁলোকে নগাওঁ সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াক অৱগত কৰে। বিষয়াগৰাকীয়ে তৎপৰতাৰে ব্যৱস্থা গ্ৰহণ কৰি ইটাচালি আৰক্ষী চকীৰ আৰক্ষী, নগাওঁ সদৰ থানাৰ আৰক্ষী, যান-বাহন আৰক্ষী আৰু চি আৰ পি এফ বাহিনীক খবৰ দি সকলোৰে সহযোগত ধন লুটৰ চেষ্টা কৰা যুৱকজনক কৰায়ত্ত কৰে।

আৰক্ষীয়ে কৰায়ত্ত কৰা যুৱকজন হ’ল জিলাখনৰ কলিয়াবৰৰ পুৰণি সত্ৰৰ প্ৰাঞ্জল বৰা(৩০)। প্ৰাঞ্জল বৰাৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে নগাঁও আৱৰ্ত ভৱনৰ সন্মুখৰ পৰা এই ঘটনাত জড়িত পংকজ বৰা (১৯) নামৰ আন এজন যুৱকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। পংকজৰ ঘৰ নগাওঁ চহৰৰ সমীপৰ হুজ গাঁৱত। জানিব পৰা মতে, আৱৰ্ত ভৱনৰ সন্মুখৰ এটা মুকলি প্ৰেক্ষাগৃহত অতি সংগোপনে আশ্ৰয় লৈ এই দুই যুৱকে দুষ্কাৰ্য সংঘটিত কৰি আহিছে। আৰক্ষী সূত্ৰই জনোৱা মতে, ধৃত প্ৰাঞ্জল বৰা দীৰ্ঘদিন ধৰি বিভিন্ন অপৰাধ মূলক কাৰ্যত জড়িত হৈ আহিছে।

You might also like