নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঢকুৱাখনা মহাবিদ্যালয়ৰ ইতিহাস বিভাগৰ ই-আলোচনী মহৰ্ষিৰ উন্মোচনী অনুষ্ঠান

নিয়মীয়া বাৰ্তা, ১৭মাৰ্চ : উত্তৰ অসমৰ অন্যতম উচ্চ শিক্ষানুষ্ঠান ঢকুৱাখনা মহাবিদ্যালয়ৰ ডিজিটেল শ্ৰেণী কক্ষত বৃহস্পতি বাৰে অনুষ্ঠিত হয় মহাবিদ্যালয়ৰ ইতিহাস বিভাগৰ দ্বিবাৰ্ষিক ই-আলোচনী মহৰ্ষিৰ দ্বিতীয় সংখ্যাৰ উন্মোচনী অনুষ্ঠান। বিভাগৰ চতুৰ্থ ষান্মাসিকৰ ছাত্ৰী সম্প্ৰীতি চুতীয়াৰ বৰগীত পৰিবেশনেৰে শুভাৰম্ভ হোৱা আৰু বিভাগীয় মুৰব্বী অধ্যাপক লোহিত মৰাঙে সভাপতিত্ব কৰা উন্মোচনী সভাত সম্পূৰ্ণ ডিজিটেল পদ্ধতিৰে আলোচনীখনি উন্মোচন কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ যোগানন্দ সূতে । উন্মোচনী ভাষণত অধ্যক্ষ ড০ সূতে ঢকুৱাখনা মহাবিদ্যালয়ে বহন‌ কৰা সাংস্কৃতিক তথা শৈক্ষিক পৰম্পৰাৰ কথা দোহাৰি মহৰ্ষি এই পৰম্পৰাত এক সৰ্বাংগ সুন্দৰ সংযোজন বুলি অভিহিত কৰে। মহাবিদ্যালয়খনত প্ৰকাশিত হোৱা ই-আলোচনীখনে ছাত্ৰ-ছাত্ৰীৰ বিদ্যায়তনিক দিশত উপকৃত হোৱাৰ উপৰিও শাৰীৰিক, মানসিক, বৌদ্ধিক প্ৰতিভা বিকাশৰ অন্যতম মাধ্যম হব বুলি অধ্যক্ষ গৰাকীয়ে নিজৰ ভাষণত আশা প্ৰকাশ কৰে।

জনপ্ৰিয় কুইজাৰ আৰু যুৱ বক্তা ঢকুৱাখনা মহকুমা শিশু কল্যাণ প্ৰকল্প বিষয়া জ্ঞান দ্বীপ মহন্তই নিৰ্দিষ্ট বক্তা হিচাপে সভাত যোগ দি যুৱ প্ৰজন্মক নিয়ন্ত্ৰিত মানসিক শক্তিৰ উপকাৰিতা আৰু সবল ব্যক্তিত্ব গঠনৰ প্ৰয়োজনীয়তাৰ বিষয়ে বিশদভাৱে উল্লেখ কৰি মহৰ্ষি শব্দৰ এক সুন্দৰ ঐতিহাসিক সংজ্ঞা ভাঙি ধৰাৰ লগতে ছাত্ৰ-ছাত্ৰীসকলক প্ৰাচীন কালৰে পৰা ভাৰতত উদ্ভাবিত বিভিন্ন বৌদ্ধিক চিন্তা- চেতনাৰ যুক্তিনিষ্ঠ ঐতিহাসিক পুনৰ্নিমাণে কঢ়িয়াই আনিব পৰা সম্ভাৱনাসমূহৰ বিষয়ে সাৱলীলভাৱে উপস্থাপন কৰে।শৈক্ষিক দিশত ছাত্ৰ সকলৰ গুণগত মানদণ্ডৰ উন্নীতকৰণত এনে ই-আলোচনীৰ গুৰুত্বৰ বিষয়ে আলোচনা আগবঢ়াই উপাধ্যক্ষ চিত্ৰ কুমাৰ কোঁচে। সমজুৱাৰ একাষাৰ কাৰ্যসূচীত ৰাজনীতি বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক ড০পাৰ্থ প্ৰতীম বৰঠাকুৰে হেশ্ব-টেগ অনলাইন ইণ্টাৰেকটিভ ই-জাৰ্নলেৰে আৰম্ভ হোৱা ই-আলোচনীৰ ইতিহাস বিষয়ে ছাত্ৰ-ছাত্ৰীসকলক অৱগত কৰি ইতিহাস পুনৰ্কথনৰ বৃহত্তৰ প্ৰক্ৰিয়াৰ মহৰ্ষিৰ দৰে একনিষ্ঠ প্ৰচেষ্টা এক অংশ বুলি অভিহিত কৰে।বিভাগীয় ছাত্ৰ-ছাত্ৰী সকলৰ নৃত্যানুষ্ঠান, ঐনিতম পৰিবেশন আদিৰে মনোগ্ৰাহী হৈ উঠা অনুষ্ঠানটিত ঢকুৱাখনা মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মান নিৰূপণ কোষৰ সমন্বয়ক ড০ শোণিত কুমাৰ ভূঞা প্ৰুমখ্যে বিভাগীয় সহকাৰী অধ্যাপকসকল আৰু ছাত্ৰ-ছাত্ৰীসকলৰ উপৰি অন্যান্য বিভাগ সমূহৰ শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকে।ইতিহাস বিভাগৰ ষষ্ঠ ষান্মাসিকৰ ছাত্ৰ ভাস্কৰ ভূঞা আৰু দণ্ডিৰাম পেগুৰ সম্পাদনা আৰু মনোৰঞ্জন দাসৰ অলংকৰণ আৰু বিভাগীয় সহকাৰী অধ্যাপক পাপৰি মালা ভূঞাৰ তত্ত্বাৱধানত প্ৰকাশ পোৱা এই সংখ্যাৰ মহৰ্ষিক ইতিহাসে ৰিঙিয়াই, সাময়িকী, কথোপকথন, পুৰা- কথন, কাব্য গুঞ্জন, অৰঙে- দৰঙে, অনুভৱৰ স্বৰকে আদি কৰি বিবিধ শিতানেৰে সজাই তুলি পাঠক সমাজক এক ভিন্ন স্বাদ দিবলৈ যত্ন কৰা হৈছে।

প্ৰেৰক পুলকজ্যোতি বৰা

You might also like