নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কামাখ্যা ষ্টেচনত ১.৭ কিলোগ্রাম মৰফিনসহ ধৃত ১

নিয়মীয়া বাৰ্তা ১৬ জুনঃ ৰাজ্যত ড্রাগ্ছৰ বিৰুদ্ধে আৰক্ষীয়ে ধাৰাবাহিক অভিযান অব্যাহত ৰাখিছে৷ আৰক্ষীৰ অভিযানত ড্রাগছসহ বহু সৰবৰাহকাৰী জালত পৰাৰ সময়তে আজি পুনৰ কামাখ্যা ষ্টেচনত ৰে’ল আৰক্ষীয়ে অভিযান চলাই ১.৭ কিলোগ্রাম মৰফিনসহ এজন যুৱকক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ ধৃত সমীৰ খান নামৰ যুৱকজনে মৰফিনখিনি পশ্চিমবংগলৈ নিয়াৰ কথা আছিল৷ উল্লেখ্য যে দুদিন পূর্বে কামাখ্যা ষ্টেচনত ২০০গ্রাম মৰফিনসহ মিণ্টু বণিক নামৰ এজন যুৱকক গ্রেপ্তাৰ কৰিছিল৷

You might also like