নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুলীয়াজানত প্ৰথমবাৰলৈ একেদিনাই ১৫২০ গৰাকী ক’ভিড পৰীক্ষণ; ১৪ গৰাকী দিব্যাংগ ছাত্ৰ-ছাত্ৰীৰ দেহত ক’ভিড পজিটিভ

নিয়মীয়া বাৰ্তা, ১১ জুন –  দুলীয়াজান সমষ্টিত টেঙাখাট প্ৰাথমিক চৰকাৰী স্বাস্হ্য খণ্ডৰ স্বাস্হ্যকৰ্মীৰ সহযোগত ক’ভিড পৰিৱেশত প্ৰথমবাৰলৈ একেদিনাই ১৫২০ গৰাকী ব্যক্তিক ক’ভিড পৰীক্ষা কৰা হয় । বৃহত্তৰ দুলীয়াজানৰ বিহুতলী, অইল মাৰ্কেট, অসম গেছ কোম্পানী, মধ্য জালনী এল পি স্কুল, চেঙেলী মাৰ্কেট, গগৈ মাৰ্কেট, তৰাজান চাহ বাগিছা, দুলীয়াজান অইল হাস্পতাল, টেঙাখাট মডেল হাস্পতাল, কুমুদনগৰস্হিত মৃণালজ্যোতি পুৰ্নবাস কেন্দ্ৰ আদি বিভিন্ন প্ৰান্তৰত শুকুৰবাৰ দিনটোত স্বাস্হ্যকৰ্মীসকলে পৃথক পৃথক গোটত বিভক্ত হৈ ক’ভিড পৰীক্ষা চলাই । এই পৰীক্ষাত মুঠ ৪৬ গৰাকী ব্যক্তিৰ দেহত ক’ভিড পজিটিভ ধৰা পৰে ।

মধ্যজালনী এল পি স্কুলত ১১০ গৰাকী আৰু চেঙেলী মাৰ্কেটৰ ৯৮ গৰাকী লোকৰ ক’ভিড পৰীক্ষাত সৌভাগ্যক্ৰমে এগৰাকী দেহতো ক’ভিড পজিটিভ ধৰা নপৰিল ।লক্ষণীয় যে দুলীয়াজান মৃণালজ্যোতি পুৰ্নবাস কেন্দ্ৰৰ ৪১ গৰাকী দিব্যাংগ ছাত্ৰ-ছাত্ৰীক ক’ভিড পৰীক্ষাৰ অন্ততঃ ১৪ গৰাকীৰ দেহত ক’ভিড পজিটিভ চিনাক্ত হয় । দিব্যাংগ পজিটিভ ছাত্ৰ-ছাত্ৰী সকলক উক্ত কেন্দ্ৰটোতে সম্প্ৰতি আইছ’লেশ্যন কৰি ৰখা হৈছে ।

সেইদৰে দুলীয়াজান অইল টাউনশ্বিপৰ মুখ্য বাণিজ্যিক স্হলী অইল মাৰ্কেটত চলোৱা ক’ভিড পৰীক্ষণত ৪ গৰাকী আৰু গগৈ মাৰ্কেটত ৩ গৰাকীৰ ব্যৱসায়ীৰ দেহত ক’ভিড পজিটিভ চিনাক্ত কৰা হৈছে ।

You might also like