নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জোনাইত সপ্তাহযোৰা অতিমাৰী ক’ৰোনা সজাগতা সভা

নিয়মীয়া বাৰ্তা  ১১ জুনঃ  সমগ্ৰ দেশৰ লগতে আমাৰ ৰাজ্যতো কো’ৰোনাৰ দ্বিতীয়টো ঢৌয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ সময়তে ধেমাজি জিলাৰ জোনাই মহকুমা প্ৰশাসন , জোনাইৰ বেচৰকাৰী সংস্থা মানুহে মানুহৰ বাবে, পঞ্চায়ত প্ৰতিনিধি আৰু বিভিন্ন দল সংগঠনৰ সহযোগত সপ্তাহযোৰা সজাগতামূলক সভাৰ আয়োজন কৰা হৈছে। আজি জোনাই মহকুমাৰ লাইমেকুৰী, গালী চিকাৰী, ছিগা আৰু ৰাজাখানা গাওঁ পঞ্চায়তত ক’ৰোনা সজাগতা সভা অনুষ্ঠিত কৰা হয়।

ইয়াৰে প্ৰথম কাৰ্যসূচী হিচাপে ৮ জুন মংগলবাৰে চিমেন চাপৰি আৰু চমকং গাওঁ পঞ্চায়তত ৯ জুন বুধবাৰে মিছামৰা আৰু ডেকাপাম গাওঁ পঞ্চায়তত আৰু ১০ জুন বৃহস্পতিবাৰে ৰামধন দিখাৰী আৰু তেলাম গাওঁ পঞ্চায়তত সজাগতামূলক সভা অনুষ্ঠিত কৰা হয়।

উপৰোক্ত সজাগতা সভাসমূহত ধেমাজি জিলাৰ অতিৰিক্ত উপায়ুক্ত তথা জোনাই মহকুমাৰ মহকুমাধিপতি জিমলি শইকীয়া কাকতি , অতিৰিক্ত সহকাৰী আয়ুক্ত প্ৰীতম কুমাৰ দাস , নয়নমণি দত্ত , গায়ত্ৰী পাতিৰ , মনোজ কুমাৰ দত্ত , মহকুমা স্বাস্থ্য বিষয়া ডাঃ কিশোৰ কুমাৰ কামান , মূৰ্কংচেলেক উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া ঈশ্বৰ প্ৰশন্ন চুতীয়া , ডেকাপাম আৰু তেলাম প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ চিকিৎসক ডাঃ শশী পাঞাং আৰু ডাঃ গীতাশ্ৰী সোনোৱাল আৰু বেচৰকাৰী সংস্থা মানুহে মানুহৰ বাবে ৰ সভাপতি দিগন্ত লিচাং পেগুৱে উপস্থিত থাকি প্ৰত্যেকেই সামাজিক দূৰত্ব মানি চলা, মাক্স পৰিধান কৰা, সঘনাই চাবোনেৰে হাত ধুৱা, ভেকচিন গ্ৰহণ কৰা, চেনিটাইজাৰ ব্যৱহাৰ কৰা আদি স্বাস্থ্যসন্মত বিষয়ৰ ওপৰত সজাগতা মূলক বক্তব্য আগবঢ়ায়।

You might also like