নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছয়গাঁৱৰ শিমুলবাৰীৰ জয়ন্ত কলিতাৰ হত্যাকাৰী কৰুণা দাসক গ্ৰেপ্তাৰ কৰিলে আৰক্ষীয়ে

নিয়মীয়া বাৰ্তা, ২৯ আগষ্ট : কামৰূপ জিলাৰ ছয়গাঁও আৰক্ষী থানাৰ অন্তৰ্গত মাকেলী গাঁৱৰ এজন হত্যাকাৰীক আজি পুৱা ছয়গাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷ হত্যাকাৰীজন ছয়গাঁঁৱৰ মাকেলি গাঁৱৰ কৰুণা দাস বুলি জানিব পৰা গৈছে ৷

ঘটনাৰ বিৱৰণীত জানিব পৰা মতে, ছয়গাঁৱৰ মাকেলী গাঁৱৰ কৰুণা দাসে যোৱা কালি ১ নং বালাসিদ্ধি গাঁৱৰ পথৰ ওপৰতে শিমলুবাৰীৰ জয়ন্ত কলিতা নামৰ লোকজনক মিট দাৰে ঘপিয়াই উপৰ্য্যুপৰি প্ৰহাৰ কৰে ৷ উল্লেখ্য যে যোৱাকালি দুয়োজনে পথৰ ওপৰতে কিবা কথাক লৈ তৰ্ক বিতৰ্ক কৰাৰ অন্তত দুয়োজনৰ মাজত কাজিয়াৰ সুত্ৰপাট ঘটে ৷ কাজিয়াৰ মাজতেই কৰুণাৰ লগত থকা মিট দাখনেৰে জয়ন্তক কেইবাবাৰো ঘপিয়াই ৷ এই ঘটনা প্ৰত্যক্ষ কৰি গুৰুতৰভাৱে আঘাটপ্ৰাপ্ত জয়ন্তক ততাতৈয়াকৈ গুৱাহাটীলৈ চিকিৎসাৰ বাবে নি এখন ব্যক্তিগত হাস্পতালত চিকিৎসা প্ৰদান কৰে যদিও চিকিৎসকে জয়ন্তক আজি মৃত বুলি ঘোষণা কৰে ৷

উল্লেখ্য যে মৃত জয়ন্ত কলিতাৰ পত্নীৰ এজহাৰৰ ভিত্তিত যোৱাকালিৰে পৰা আত্মগোপন কৰি থকা কৰুণা দাসক ছয়গাঁও আৰক্ষীয়ে আজি গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷ কৰুণা আৰু জয়ন্ত কলিতাই চোৰাং কাঠৰ ব্যৱসায়ৰ সৈতে জড়িত বুলি জানিব পৰা গৈছে ৷ এই ব্যৱসায়ীক সক্ৰান্তীয় কাৰণৰ বাবেই কাজিয়াৰ সুত্ৰপাত হোৱা বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে ৷ এই হত্যাকাণ্ডত আৰু কোন কোন লোক জড়িত আৰক্ষীৰ অনুসন্ধানৰ পিছতহে পোহৰলৈ আহিব ।

You might also like