নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যশস্বী সাহিত্যিক ডঃ লক্ষ্মীনন্দন বৰাৰ মৃত্যুত শোক সাংবাদিক-সাহিত্য সংগঠনৰ

নিয়মীয়া বাৰ্তা, ৪ জুন —অসমৰ সাহিত্য সমাজ জীৱনৰ মূল্যবান ৰত্নস্বৰূপ যশস্বী সাহিত্যক-শিক্ষাবিদ সাহিত্য অকাডমি আৰু পদ্মশ্ৰী বটাঁ প্ৰাপক ডঃ লক্ষ্মীনন্দন বৰাৰ দেহাৱসানত গভীৰ শোক প্ৰকাশ কৰি তেখেতৰ বিদেহ আত্মাৰ সদ্গতি কামনা কৰিছে ডিব্ৰুগড়-দুলীয়াজানৰ সাংবাদিক-সাহিত্য সংগঠনসমূহে । বিশিষ্ট কথাশিল্পী গৰাকীৰ মৃত্যুত ব্যথিত হৈ দুলীয়াজান সাহিত্য সভাই কালি বিয়লি ভাগত ভাৰ্চুৱেল যোগে এখনি শোকসভা আয়োজন কৰি সাহিত্যিকগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জনাই ।

সেইদৰে দুলীয়াজান উত্তৰণ কবি চক্ৰৰ সভাপতি বিভূতি কুমাৰ শৰ্মা আৰু সম্পাদক প্ৰশান্ত কুমাৰ দত্তই ডঃ বৰাৰ বিয়োগত অসমৰ সাহিত্য সমাজে এটি মূল্যবান ৰত্ন হেৰুৱালে বুলি উল্লেখ কৰে। সেইদৰে আসাম প্ৰেছ ক’ৰেছপণ্ডেন্টছ ইউনিয়ন, ডিব্ৰুগড় জিলাৰ সভাপতি ধৰণী গগৈ, কাৰ্যকৰী সভাপতি উৎপল চলিহা আৰু সাঃ সম্পাদক কৃষ্ণা গগৈয়ে বিশিষ্ট সাহিত্যিক গৰাকীৰ মৃত্যুত শোক প্ৰকাশেৰে তেখেতৰ আদৰ্শ কৰ্মৰাজিয়ে অসমৰ জাতীয় জীৱনৰ মাৰ্গদৰ্শন কৰিব বুলি উল্লেখ কৰে । সেইদৰে দুলীয়াজান সন্মিলিত সাংবাদিক মঞ্চ, প্ৰেছ ক্লাব দুলীয়াজান, লেখিকা সংস্হা, লেখিকা সমাৰোহ আদি বিভিন্ন সাহিত্য অনুষ্ঠানসমূহে সাহিত্যিকগৰাকীৰ বিয়োগত শোক প্ৰকাশ কৰে ।

You might also like