নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গোলাঘাটত ড্ৰাগছ ব্যৱসায়ী গ্ৰেপ্তাৰ

নিয়মীয়া বাৰ্তা ৪ জুনঃ গোলাঘাট ফৰকাটিংত বৃহৎ পৰিমাণৰ ড্ৰাগছ সহ ড্ৰাগছ ব্যৱসায়ী গ্ৰেপ্তাৰ । গোলাঘাট ফৰকাটিং ২ নং ফাটোৱাল গাৱৰ পৰা গ্ৰেপ্তাৰ ড্ৰাগছ ব্যৱসায়ী চন্দন বৰুৱা । বহুদিনৰ পৰা ফৰকাটিং ২ নং ফাটোৱাল গাৱঁ তথা বৃহত্তৰ ফৰকাটিং অঞ্চলত ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় চলাই আহিছিল চন্দন বৰুৱাই । ফৰকাটিং আৰক্ষীয়ে গোপন সূত্ৰৰ অনুসৰি চন্দন বৰুৱা বাসগৃহত তালাচী চলাই ১০ গ্ৰাম হেৰইন সহ গ্ৰপ্তাৰ কৰে ধৃত চন্দন বৰুৱাক । নিষিদ্ধ ড্ৰাগছ সমূহ ঘৰৰ মূধচৰ মাজত লুকুৱাই থৈছিল চন্দনে । আৰক্ষীয়ে তালাচী চলাই উদ্ধাৰ কৰে ড্ৰাগছ সমূহ ।

You might also like