নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যোগীঘোপাৰ আৰক্ষীৰ অভিযানঃ চুলাই ঘাটি উচ্ছেদ

নিয়মীয়া বাৰ্তা, ১১ অক্টোবৰঃ দুৰ্গা পূজাৰ প্ৰাকক্ষণত বঙাইগাঁও জিলাৰ যোগীঘোপাত নিচাজাতীয় টেবলেট আৰু অবৈধ চুলাইৰ ঘাটি বিৰুদ্ধে আজি আৰক্ষীয়ে অভিযান চলায় । জানিব পৰা মতে যোগীঘোপা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাহুল দেউৰীৰ নেতৃত্বত আৰক্ষীৰ এটি দলে যোগীঘোপাৰ কেইবাটাও গাঁৱত নিচাজাতীয় টেবলেট আৰু অবৈধ চুলাইৰ ঘাটিত অভিযান চলায় ।

দলটোৱে মদনবজাৰৰ বৰঠুৰী আৰু বৰঘোলা গাঁৱত নিচাজাতীয় টেবলেট বিৰুদ্ধে অভিযান চলায়। ইয়াৰ পিছত আৰক্ষীয়ে বৰপাৰা আৰু ভড়ালকুণ্ডী গাঁৱত অভিযান চলাই কেইবাটাও চুলাইৰ ঘাটি উচ্ছেদ কৰাৰ লগতে চুলাই মদৰ কেচা সামগ্ৰী আৰু চুলাই জব্দ কৰি বিনষ্ট কৰে ।উল্লেখ্য যে কালিও আৰক্ষীয়ে মালেগড়,খোৰাগাঁৱত চুলাই মদৰ বিৰুদ্ধে অভিযান চলাইছিল ।

Input: টিংকু চন্দ্ৰ দাস, যোগীঘোপা

You might also like