নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১,৮২৩ কোটি টকীয়া অভিলাষী ডিমা হাছাও পথ প্রকল্পত কেন্দ্রৰ অনুমোদন

নিয়মীয়া বাৰ্তা, ১৬ জুলাইঃ বিগত দীর্ঘদিন ওলমি থকা ১,৮২৩ কোটি টকীয়া ডিমা হাছাও পথ প্রকল্পলৈ কেন্দ্রীয় চৰকাৰে অনুমোদন জনাইছে৷ বৃহস্পতিবাৰে এই কথা উল্লেখ কৰিলে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷

বিধানসভাত কালি হাফলং সমষ্টিৰ বিধায়িকা নন্দিতা গার্লোছাই এই বিষয়টো উত্থাপন কৰি লোকনির্মাণ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্রী ড০ শর্মাৰ দৃষ্টিগোচৰ কৰে৷ ইয়াৰ উত্তৰত মুখ্যমন্ত্রীয়ে কয় যে ৰাষ্ট্রীয় ঘাইপথ প্রাধিকৰণে অসমত টোলপ্লাজা স্থাপন নোহোৱাৰ বাবে নতুন পথৰ বাবে পুঁজি আবণ্টনত অনিহা প্রকাশ কৰিছিল৷ কিন্তু শেহতীয়াকৈ অসমৰ ৰাষ্ট্রীয় ঘাইপথত টোলপ্লাজা স্থাপনৰ পাছতেই ৰাষ্ট্রীয় ঘাইপথ প্রাধিকৰণে ডিমা হাছাও পথ প্রকল্পৰ পুঁজিত অনুমোদন জনাইছে৷ ১,৮২৩ কোটি টকাৰে নির্মাণ হ’ব লগা ৪৯ কিলোমিটাৰ এই পথটোৱে বৰাক উপত্যকাকো যথেষ্ট লাভান্বিত কৰিব৷ লামডিঙৰ পৰা শিলচৰ সংযোগী এই পথটোৰ বাবে অহা ডিচেম্বৰ মাহত নিবিদা আহ্বান কৰা হ’ব৷

মুখ্যমন্ত্রীয়ে ইয়াকো জানিবলৈ দিয়ে যে কেন্দ্রীয় চৰকাৰে অসমৰ ৰাষ্ট্রীয় ঘাইপথত চাৰিখন উৰণীয় সেতু নির্মাণৰ বাবে অনুমোদন জনাইছে৷ ইয়াৰে খানাপাৰাৰ পৰা বিমানবন্দৰলৈ যোৱা ৰাষ্ট্রীয় ঘাইপথত আৰু বাইহাটা চাৰিআলিত দুখন উৰণীয় সেতু নির্মাণ হোৱাৰ বিপৰীতে আন দুটা স্থানত বাকী দুখন নির্মাণ হ’ব৷

You might also like