নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টি–২০ বিশ্বকাপত আন দলৰ হৈ খেলা কেইজনমান ভাৰতীয় খেলুৱৈ

-আব্দুৰ ৰছিদ চৌধুৰী

ইতিমধ্যে ওমান আৰু ইউ এ ইত পুৰুষৰ টি–২০ বিশ্বকাপ ২০২১ আৰম্ভ হৈছে৷ প্রথম খেলতে আয়োজক ওমানে পাপুৱা নিউ গিনিক দহ উইকেটত পৰাস্ত কৰিছে৷ ইয়াৰ লগতে স্কটলেণ্ডে বাংলাদেশক পৰাস্ত কৰি অঘটন ঘটাবলৈ সক্ষম হৈছে৷ ক্রিকেটৰ ক্ষুদ্র সংস্কৰণটোৰ বিশ্ব মহাৰণৰ বাবে ভাৰতে বিৰাট কোহলিৰ নেতৃত্বত এটি শক্তিশালী দল প্রেৰণ কৰিছে৷ যোৱা ৮ ছেপ্ঢেম্বৰত ঘোষণা কৰা ১৫জনীয়া দলটোত ছার্দুল ঠাকুৰৰ ঠাইত অক্ষৰ পেটেলক মূল দলত অন্তর্ভুক্ত কৰা হৈছে৷ ইয়াৰ লগতে অতিৰিক্ত হিচাপে দলত আছে দীপক ছাহৰ আৰু শ্রেয়াছ আয়াৰ৷ ভাৰত খিতাপ জয়ৰ বাবে অন্যতম দাবীদাৰ৷ এতিয়া আহিছেছা ওমান আৰু পাপুৱা নিউ গিনিৰ মাজৰ খেলখনৰ প্রসংগলৈ৷ বিশ্বকাপৰ ছুপাৰ টুৱেল্ভৰ বাবে যোগ্যতা অর্জনৰ খেলত দল দুটা মুখামুখি হৈছিল৷ পপুৱা নিউ গিনিয়ে নির্ধাৰণ কৰি দিয়া ১৩০ ৰাণৰ লক্ষ্য ওমানে অতি সহজে ১৩.৪ অ’ভাৰত জয়লাভ কৰে৷ ওমানৰ বেটিঙত মুখ্য ভূমিকা পালন কৰে জিতেন্দৰ সিঙে৷ তেওঁ মাত্র ৪২টা বলত ৭৩ ৰান কৰি অপৰাজিত হৈ ৰয়৷ মন কৰিবলগীয়া যে ওমান দলৰ প্রাৰম্ভিক বেটাৰ জিতেন্দৰৰ জন্ম ভাৰতৰ পঞ্জাবৰ লুধিয়ানাত৷ এইবাৰ টি–২০ বিশ্বকাপত টীম ইণ্ডিয়াৰ বাহিৰে আন দলৰ হৈ অংশগ্রহণ কৰা জিতেন্দৰসহ পাঁচজন ভাৰতীয় খেলুৱৈ আছে৷ তেওঁলোকৰ বিষয়ে তলত আলোচনা কৰা হ’ল–

সন্দীপ গৌডঃ বর্তমান তেলেংগানাৰ হায়দৰাবাদত ১৯৯১ চনৰ ৮ নৱেম্বৰত জন্মা সন্দীপে ওমানৰ হৈ এইবাৰ টি–২০ বিশ্বকাপত অংশগ্রহণ কৰিব৷ মিডল অর্ডাৰ বেটাৰ গৌডে বিশ্বকাপৰ পূর্বে দলৰ হৈ ১৯খন এদিনীয়াত ৩৩.৬৬ গডেৰে ৩০৩ ৰান কৰাৰ বিপৰীতে টি–২০ ক্রিকেটত ১৬খন খেলত ১৭.৮০ গডেৰে সংগ্রহ কৰিছে ৮৯ ৰান৷ মিডিয়া পেচ বলিং কৰা গৌডে টি–২০ ক্রিকেটত দখল কৰিছে দুটা উইকেট৷

সূর্য কুমাৰঃ নেপালী পিতৃ–মাতৃৰ সন্তান সূর্য কুমাৰৰ জন্ম পঞ্জাবৰ জলন্ধৰত ১৯৯৮ চনৰ ২৯ নৱেম্বৰত৷ ওমানৰ হৈ আন্তর্জাতিক ক্রিকেট খেলা সূর্যই এতিয়ালৈ ১৭খন এদিনীয়া আৰু ১৬খন আন্তঃৰাষ্ট্রীয় টি–২০ মেচত অংশগ্রহণ কৰিছে৷ এদিনীয়াত তেওঁ ২৮.১৮ গডেৰে ৩১০ ৰান কৰাৰ বিপৰীতে টি–২০ত ১৩.১২ গডেৰে কৰিছে ১০৫ ৰান৷

ঈশ সোধীঃ ভাৰতত জন্মগ্রহণ কৰি এইবাৰৰ টি–২০ বিশ্বকাপত ভাগ লোৱা একমাত্র টেষ্ট ক্রিকেটাৰ৷ লেগ স্পীনাৰ সোধীৰ জন্ম হয় ১৯৯২ চনৰ ৩১ অক্টোবৰত পঞ্জাবৰ লুধিয়ানাত৷ নিউজিলেণ্ডৰ হৈ আন্তঃৰাষ্ট্রীয় ক্রিকেট খেলা সোধীয়ে এতিয়ালৈ ১৭খন টেষ্টত ২১.৩৩ গডেৰে ৪৪৮ ৰান কৰাৰ লগতে ৪৮.৫৯ গডেৰে ৪১ উইকেট দখল কৰিছে৷ সীমিত অ’ভাৰৰ ক্রিকেটত অধিক সফল সোধীয়ে ৩৩খন এদিনীয়াত ৮১ ৰান সংগ্রহ কৰাৰ লগতে ৩৫.০৬ গডেৰে দখল কৰিছে ৪৩টা উইকেট৷ ইফালে, ৫৭খন টি–২০ আন্তঃৰাষ্ট্রীয় খেলত ভাগ লোৱা খেলুৱৈজনে ২১.৭২ গডত সংগ্রহ কৰিছে ৭৩টা উইকেট৷ এইবাৰ বিশ্বকাপত তেওঁ বলিঙত গুৰুত্বপূর্ণ ভূমিকা পালন কৰিব পাৰে৷ উল্লেখ্য যে তেওঁ ২০১৬ চনৰ টি–২০ বিশ্বকাপতো অংশগ্রহণ কৰিছিল৷

ছিমি সিংঃ প্রকৃত নাম ছিমৰানজিৎ সিং৷ ১৯৮৭ চনৰ ৪ ফেব্রুৱাৰীত পঞ্জাবৰ বাথলানাত জন্ম৷ জন্মসূত্রে ভাৰতীয় ছিমি বর্তমান আয়াৰলেণ্ড দলৰ নির্ভৰযোগ্য অলৰাউণ্ডাৰ৷ আয়াৰলেণ্ডৰ হৈ এতিয়ালৈ তেওঁ ৩০খন এদিনীয়া আৰু ২৬খন আন্তঃৰাষ্ট্রীয় টুৱেণ্টী টুৱেণ্টী মেচত অংশগ্রহণ কৰিছে৷ ইয়াৰে এদিনীয়াত তেওঁ এটা শতৰানসহ ২৪.৬৮ গডেৰে ৫৪৩ ৰান কৰাৰ লগতে ২৫.০২ গডত দখল কৰিছে ৩৪টা উইকেট৷ ইফালে, ২৬খন টি–২০ তেওঁ ১০.০৯ গডত ২১২ ৰান কৰাৰ বিপৰীতে ২২.৫৪ গডে লাভ কৰিছে ২৪টা উইকেট৷ এইবাৰ বিশ্বকাপত তেওঁ জিলিকি উঠিব পাৰে৷

জিতেন্দৰ সিংঃ ওমানৰ অ’পেনিং বেটাৰ৷ ইতিমধ্যে ক্রিকেটপ্রেমীৰ দৃষ্টি আকর্ষণ কৰিবলৈ সক্ষম হৈছে জিতেন্দৰে৷ জন্ম ১৯৮৯ চনৰ ৫ মার্চত পঞ্জাবৰ লুধিয়ানাত৷ পিতৃ ওমানৰ ৰাজকীয় সেনাৰ কাঠ মিস্ত্রী৷ সেই সূত্রে দেশখনত থাকিব লোৱা জিতেন্দৰে নিজৰ চেষ্টাৰ বলত এজন অ’পেনাৰত পৰিণত হৈছে৷ দলৰ নির্ভৰযোগ্য বেটাৰ তেওঁ৷ এতিয়লৈ ওমানৰ হৈ তেওঁ ১৯খন এদিনীয়া আৰু ২৯খন টি–২০ মেচত ভাগ লৈছে৷ এতিয়ালৈ এদিনীয়াত জিতেন্দৰে ২৪.১১ গডেৰে ৪৩৪ ৰান সংগ্রহ কৰিছে, য’ত আছে ১০৭ ৰানৰ এটি শতকীয় ইনিংছ৷ ইফালে, ২৯খন টি–২০ত তেওঁ কৰিছে ৭৭০ ৰান৷ এই ৰান তেওঁ ৩০.৮০ গডে সংগ্রহ কৰিছে৷ এইবাৰ বিশ্বকাপৰ প্রথম মেচতে সকলোৰে দৃষ্টি আকর্ষণ কৰিবলৈ সক্ষম হোৱা জিতেন্দৰে আৰু অধিক অঘটন ঘটালেও আচৰিত হ’বলগীয়া একো নাথাকিব৷

বিশ্ব ক্রিকেটত ভাৰতীয় বংশোদ্ভৱ খেলুৱৈসকলৰ অৱদানৰ কথা সততে আলোচনা হোৱা দেখা যায়৷ কিন্তু এনেদৰে আন দেশৰ হৈ খেলা ক্রিকেটাৰৰ বিষয়ে আমি আলোচনা কৰা নেদেখিলেও এই খেলুৱৈসকলেও আমাৰ মন জয় কৰিব পাৰিব বুলি নিশ্চিত৷ উল্লিখিত পাঁচজন খেলুৱৈৰ ভিতৰত কেৱল ঈশ সোধীয়ে বৃহৎ দলৰ হৈ খেলিব৷ বৃহৎ দল নহ’লেও সৰু দলৰ এইসকল তাৰকাই বিশ্বকাপৰ দৰে বৃহৎ প্রতিযোগিতাত অংশ লৈ দলৰ লগতে জন্মভূমি ভাৰতৰো মান উজলাই তোলক৷

You might also like