নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতে ভুল শুধৰোৱা উচিত… চীনৰ শীতল সকীয়নি

নিয়মীয়া বাৰ্তা, ৩ ছেপ্টেম্বৰঃ পাবজিকে ধৰি ১১৮টা মোবাইল এপ বন্ধ ঘোষণাৰ ২৪ ঘণ্টা পাৰ নৌহওঁতেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে চীনে। চীনা বাণিজ্য মন্ত্ৰালয়ৰ মুখপাত্ৰ গাও ফেঙে কয় যে ভাৰত চৰকাৰে এপ নিষিদ্ধকৰণৰ মাজেৰে চীনা বিনিয়োগকাৰী আৰু পৰিসেৱা সৰবৰাহকাৰীৰ আইনী স্বাৰ্থ ভংগ কৰিছে। গতিকে ভাৰত চৰকাৰে ভুল শুধৰোৱা উচিত।

ফেঙে লগতে কয় যে ভাৰতৰ এই পদক্ষেপে জাতীয় নিৰাপত্তাৰ ধাৰণাক অৱমাননা কৰিছে আৰু চীনা সংস্থাৰ প্ৰতি এয়া বৈষম্যমূলক আচৰণ। আনহাতে চীনৰ বিদেশ মন্ত্ৰালয়ৰ মুখপাত্ৰগৰাকীয়ে ভাৰতে এপ নিষিদ্ধ আমেৰিকাৰ চাপত কৰা বুলি অভিযোগ উত্থাপন কৰে।

উল্লেখ্য ৰাষ্ট্ৰীয় নিৰাপত্তাৰ স্বাৰ্থত ভাৰতে কালি পাবজিকে ধৰি ১১৮টা মোবাইল এপ নিষিদ্ধ কৰিছে। প্ৰায় ৩.৩০ কোটি ভাৰতীয়ই পাবজি ব্যৱহাৰ কৰি আছিল।

You might also like