নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰিগাঁও আৰক্ষীৰ বৃহৎ সফলতাঃ আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ দুধৰ্ষ ডকাইতৰ দল

নিয়মীয়া বাৰ্তা, ২০ ফেব্ৰুৱাৰীঃ কিছুদিন পূৰ্বে মৰিগাঁও জিলাৰ মিকিৰভেটা আৰক্ষী থানাৰ অন্তৰ্গত সাত গাওঁ ত নীৰৱ দাস নামৰ ব্যক্তিজনৰ ঘৰত সংঘটিত হোৱা লোমহৰ্ষক ডকাইতি কাণ্ডৰ সৈতে জড়িত থকা ৫ তা কুখ্যাত ডকাইত ক কালি নিশা মৈৰাবাৰী ৰ বিভিন্ন অঞ্চলত অভিযান চলায় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে।

মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষক ডঃ নন্দ সিং বৰকলাই আজি সংবাদ মাধ্যমক জনাই যে সমগ্ৰ অভিযান টোত আৰক্ষী ৰ বহু কেইখন থানাৰ ভাৰ প্ৰাপ্ত বিষয়া, মৰিগাঁও আৰক্ষীৰ চাইবাৰ শাখাই সহযোগ আগবঢ়াই। মৰিগাঁও জিলাৰ উপ আৰক্ষী অধীক্ষক গীতাৰ্থ দেৱ শৰ্মাই উক্ত অভিযানত অংশ গ্রহন কৰিছিল। উল্লেখ্য এই ডকাইত কেইটাই ইতিপূৰ্বে বহু অঞ্চলত ডকাইতি সংঘটিত কৰিছিল।

You might also like