নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুকালমুৱাৰ ইউনুছ আলীৰ দেহৰ পৰা ওলাল পাঁচ কিলোগ্রাম পেলু

নিয়মীয়া বাৰ্তা, ২৪ ছেপ্টেম্বৰঃ হোজাইৰ হাম হাস্পতালত এজন ৰোগীৰ দেহৰ পৰা ওলাল ৫ কেজি পেলু৷ ৰোগীজনৰ লিভাৰ, পাকস্থলী তথা শৰীৰৰ বিভিন্ন স্থানৰ পৰা অস্ত্রোপচাৰ কৰি উলিওৱা হয় পেলুখিনি৷

হাম হাস্পতালৰ সঞ্চালক তথা জ্যেষ্ঠ শৈল্য চিকিৎসক ডাঃ চাইদুল ইছলামে অস্ত্রোপচাৰ কৰি ৰোগীজনৰ দেহৰ পৰা উলিয়ালে পেলুখিনি৷ সফলতাৰে সম্পন্ন হয় এই জটিল অপাৰেচন৷

চিকিৎসালয় কর্তৃপক্ষই জানিবলৈ দিয়া মতে নলবাৰী জিলাৰ মুকালমুৱাৰ ইউনুছ আলী নামৰ ৰোগীজন আক্রান্ত হৈছিল এটা জটিল ৰোগত৷ ৰোগীৰ পেটৰ লগতে লিভাৰ, কিডনী আদিত হৈছিল কেইবাটাও টিউমাৰ৷ চিকিৎসাৰ বাবে তেওঁ চেন্নাইলৈ গৈছিল যদিও আর্থিক অভাৱত চিকিৎসা কৰিব নোৱাৰিলে ৰোগীজনে৷

অৱশেষত সংকটজনক অৱস্থাত নলবাৰীৰ পৰা ৰোগীজনক লৈ আহে হাম হাস্পতাললৈ৷ হাম হাস্পতালত বৃহস্পতিবাৰে ৰোগীজনৰ সম্পন্ন হয় জটিল অপাৰেচনটো৷ ৰোগীজনৰ পাকস্থলী, লিভাৰ তথা শৰীৰৰ বিভিন্ন অংশৰ পৰা অস্ত্রোপচাৰ কৰি উলিওৱা হয় ৫ কেজি পেলু৷

শৰীৰৰ বিভিন্ন ঠাইত গোট বান্ধি পেলুবোৰে ধাৰণ কৰিছিল টিউমাৰৰ ৰূপ৷ অপাৰেচনৰ অন্তত টিউমাৰকেইটাৰ পৰা ওলায় জীৱিত পেলুবোৰ৷ ইউনুছ আলীৰ কিডনী তথা মাংসপেশীতো পেলুৱে ভয়ানকভাৱে প্রভাৱ বিস্তাৰ কৰিছিল৷ অতি কম খৰচতে হাম হাস্পতালত ৰোগীজনৰ অস্ত্রোপচাৰ সম্পন্ন হয়৷ সম্প্রতি ৰোগীজন সুস্থ অৱস্থাত থকা বুলি জানিবলৈ দিছে হাম হাস্পতালৰ সঞ্চালক ডাঃ চাইদুল ইছলামে৷ এজন ৰোগীৰ শৰীৰৰ পৰা ৫ কেজি পেলু ওলোৱা এই ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷

You might also like