নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰলুইতৰ কাল ৰূপ অব্যাহত… গোৱালপাৰাৰ জলেশ্বৰৰ টাকিমাৰী উচন বহু পৰিয়াল

নিয়মীয়া বাৰ্তা, ১৮ ছেপ্টেম্বৰঃ ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ ক্ৰমাৎ হ্ৰাস হৈ আহিছে যদিও গৰাখহনীয়াই ভয়ংকৰ ৰূপ লৈছে গোৱালপাৰা জিলাৰ জলেশ্বৰৰ টাকিমাৰী অঞ্চলত ৷ বিগত কেইবাবছৰ ধৰি ব্রহ্মপুত্ৰ নদীৰ গৰাখহনীয়াই অমানিশা কঢ়িয়াই আনিছে নৈপৰীয়া ৰাইজলৈ। বৰলুইতৰ তাণ্ডৱত ইতিমধ্যে বিগত এটা পষেকত প্ৰায় শতাধিক পৰিয়াল গৃহহাৰা হৈছে।

নিশ্চিহ্ন হৈছে বিদ্যালয়, ৰাজহুৱা অনুষ্ঠান-প্ৰতিষ্ঠানকে ধৰি কুৰিখনতকৈ অধিক গাঁও ৷ লক্ষীপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত অঞ্চলটোত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াই পৰিয়ালসমূহৰ নিদ্ৰাহৰণ কৰিছে । দৈনিক স্থানান্তৰ হ’ব লগা হৈছে দুৰ্ভগীয়া পৰিয়ালৰ ঘৰ-দুৱাৰ। নিশ্চিহ্ন হৈছে বিদ্যালয়, ৰাজহুৱা অনুষ্ঠান-প্ৰতিষ্ঠান আদি।

দিনে-নিশাই ব্ৰহ্মপুত্ৰৰ বুকুত বিলীন হ’ব ধৰিছে শ শ পৰিয়ালৰ ঘৰ-দুৱাৰৰ লগতে হেক্টৰে হেক্টৰে কৃষি ভূমি। ভয়ংকৰ গৰাখহনীয়াত সৰ্বস্ব হেৰুৱাই মূৰে-কপালে হাত দিছে অঞ্চলটোৰ হাজাৰ হাজাৰ লোক। ইতিমধ্যে লুইতৰ বুকুত কুৰিখনতকৈ অধিক গাঁও জাহ গৈছে ৷

You might also like