নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উন্নয়নৰ স্বার্থত সকলো স্তৰৰ লোক এক হ’ব লাগিবঃ দৈমাৰী

নিয়মীয়া বাৰ্তা ২৪ ফেব্ৰুৱাৰীঃ উন্নয়ন হ’ব লাগিলে সকলো ৰাইজ এক হ’ব লাগিব৷ ৰাজনীতিৰ কথা সুকীয়া৷ ৰাইজ সজাগ নহ’লে উন্নয়ন অসম্ভৱ৷ এই মন্তব্য ৰাজ্যসভাৰ নৱনির্বাচিত সাংসদ বিশ্বজিৎ দৈমাৰীৰ৷ কালি বিনা প্রতিদ্বন্দ্বিতাৰে চতুর্থবাৰলৈ ৰাজ্যসভাৰ সাংসদ হিচাপে নির্বাচিত হোৱা বিশ্বজিৎ দৈমাৰীক সম্বর্ধনা জনোৱাৰ উদ্দেশ্যে আজি গোৰেশ্বৰ আঞ্চলিক শ্রীমন্ত শংকৰদেৱ সত্রত আয়োজন কৰা হয় সম্বর্ধনা অনুষ্ঠান৷ অনুষ্ঠানত অংশগ্রহণ কৰি সাংসদ দৈমাৰীয়ে কয়– স্বাধীনতাৰ ৭৪ বছৰ অতিক্রম কৰাৰ পিছতো গোৰেশ্বৰবাসীৰ অভাৱ–ভিযোগ শেষ নহ’ল৷ গোৰেশ্বৰৰ ৰাইজৰ মনবোৰ বহল হ’ব লাগিব৷ উন্নয়নৰ স্বার্থত সকলো শ্রেণীৰ ৰাইজ এক হ’ব লাগিব৷

গোৰেশ্বৰবাসীয়ে স্থানীয় সাংসদ দিলীপ শইকীয়া, মন্ত্রী ভবেশ কলিতা, সাংসদ ভুবনেশ্বৰ কলিতা, এম চি এ এল পবিত্র বডো আৰু মই নিজে স্থানীয় ব্যক্তি হিচাপে সাংসদ হৈ আছো৷ তেনেস্থলত গোৰেশ্বৰবাসীৰ কিহৰ অভাৱ থাকিব পাৰে৷ তেওঁ কয়– গোৰেশ্বৰৰ মানুহৰ মনবোৰ বহল হ’ব লাগিব৷ ইয়াৰ সামূহিক উন্নয়নমূলক কামৰ অগ্রগতি নোহোৱাৰ কাৰণ আমি উলিয়াব লাগিব৷ ভিন্নজনে ভিন্ন ৰাজনৈতিক দলৰ হৈ কাম কৰিলেও অঞ্চলটোৰ সামূহিক উন্নয়নৰ ক্ষেত্রত সকলোৱে এক হৈ কাম কৰাৰ অতি প্রয়োজন৷ অনাগত সময়ত গোৰেশ্বৰৰ কৰণীয়সমূহত সাংসদ হিচাপে আপোচবিহীনভাৱে কাম কৰি যোৱাৰ কথা তেওঁ উল্লেখ কৰে৷ শতাধিক লোকৰ উপস্থিতিত পুৱা ৯.৩০ বজাত সোণাৰাম ৰাজবংশীয়ে আঁতধৰা অনুষ্ঠানত নৱনির্বাচিত সাংসদ বিশ্বজীত দৈমাৰীক ফুলাম গামোচা, জাপি আৰু আৰনাইৰে সম্বর্ধনা জনায়৷

গোৰেশ্বৰ আঞ্চলিক শ্রীমন্ত শংকৰদেৱ সত্র, গোৰেশ্বৰ জ্যেষ্ঠ নাগৰিক, গোৰেশ্বৰ সাহিত্য সভা, গোৰেশ্বৰ মহকুমা দাবী সমিতি, অসম নাট্য সন্মিলনৰ গোৰেশ্বৰ শাখা, গোৰেশ্বৰ আঞ্চলিক আক্রাছু, গৰিয়া–মৰিয়া দেশী জাতীয় পৰিষদ, বাথৌ মহাসভা, গোৰেশ্বৰ মাৰোৱাৰী যুৱ মঞ্চ, শৰণীয়া কছাৰী সন্মিলনী, ব্যৱসায় সমিতি, গোৰেশ্বৰ ব্লক যুৱ ইউ পি পি এল আদিকে ধৰি গোৰেশ্বৰৰ প্রায় ২৩টাকৈ ভিন্ন অনুষ্ঠান আৰু দল–সংগঠনে তেওঁক সম্বর্ধনা জনায়৷ উল্লেখ্য যে সম্বর্ধনা অনুষ্ঠানৰ শেষত সাংসদগৰাকীয়ে গোৰেশ্বৰ আঞ্চলিক শ্রীমন্ত শংকৰদেৱ সত্রৰ নতুনকৈ নির্মাণ হোৱা মণিকূট আৰু নির্মীয়মাণ কীর্ত্তন গৃহৰ চৌহদটো পৰিভ্রমণ কৰি আশির্বাদ গ্রহণ কৰে৷

You might also like