নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ভিডক লৈ উৰাবাতৰিৰে একাংশই সৃষ্টি কৰিছে আতংকঃ ড০ হিমন্ত বিশ্ব শৰ্মা

"অসমত ক'ভিড পৰিৱেশ নিয়ন্ত্ৰণাধীন"

নিয়মীয়া বাৰ্তা ২৪ ফেব্ৰুৱাৰীঃ  ৰাজ্যত পুনৰ ক’ৰোনাৰ সংক্রমণ বৃদ্ধিক লৈ ৰাজ্যবাসী সন্ত্রষ্ট হৈ পৰাৰ সময়তে স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ ঘোষণা– ক’ভিডক লৈ চিন্তা কৰাৰ কোনো কাৰণ নাই৷

আজি সংবাদ মাধ্যমৰ আগত স্বাস্থ্যমন্ত্রীগৰাকীয়ে এই সন্দর্ভত কয়– ক’ৰোনাৰ সংক্রমণ   হোৱাৰ খবৰ ওলাইছে যদিও ইয়াক লৈ উদ্বিগ্ন হোৱাৰ কোনো কাৰণ নাই৷ যিধৰণেৰে গুৱাহাটীত ক’ভিডক লৈ প্ৰচাৰ চলি আছে, ক’ভিড পৰিৱেশ তেনেকুৱা হোৱা নাই। কালি ১৪জন আক্রান্ত হোৱাৰ বিপৰীতে দেওবাৰে ৭জন লোকহে ক’ৰোনাত আক্রান্ত হৈছে৷ গতিকে ক’ৰোনাৰ সংক্রমণ ভয়াৱহভাৱে বৃদ্ধি পোৱা নাই৷

  উল্লেখ্য যে ডনবস্ক’ বিদ্যালয়ত ক’ভিডৰ সংক্রমণৰ খবৰ বিয়পি পৰাৰ পিছতে মহানগৰীৰ অধিকাংশ শিক্ষানুষ্ঠানৰ শিক্ষার্থী আৰু অভিভাৱকসকল আতংকিত হৈ পৰা দেখা গৈছে৷ আনকি একাংশ ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানৰ অভিভাৱকে সন্তানক বিদ্যালয়লৈ পঠিওৱা সন্দর্ভত কর্তৃপক্ষক বিবেচনা কৰিবলৈ আহ্বান জনাইছে৷

You might also like