নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টেট এম্পাৱাৰ কমিটীৰ বৈঠকত সিদ্ধান্তঃ সংযোগী শিক্ষাকর্মীৰ বাবে হ’ব বিশেষ টেট

নিয়মীয়া বাৰ্তা ৪ ডিচেম্বৰঃ  শিক্ষক পদত নিযুক্তিৰ দাবীৰে দীর্ঘদিনৰ পৰা আন্দোলন অব্যাহত ৰখা সংযোগী শিক্ষাকর্মীসকলৰ বাবে অচিৰেই অনুষ্ঠিত কৰা হ’ব বিশেষ টেট৷ আজি কাহিলিপাৰাস্থিত সর্বশিক্ষা মিছন সঞ্চালকালয়ত অনুষ্ঠিত টেট এম্পাৱাৰ কমিটীৰ বৈঠকত এই সিদ্ধান্ত গ্রহণ কৰা হয়৷ উল্লেখ্য যে সর্বশিক্ষাৰ অধীনত কাম কৰা শিক্ষাকর্মীসকলক হঠাতে অব্যাহতি দিয়াত চাকৰিৰ পৰা বঞ্চিত হৈছে ৰাজ্যৰ প্রায় ১২ সহস্রাধিক সংযোগী শিক্ষাকর্মী৷ পুনৰ শিক্ষক পদত নিযুক্তিৰ দাবীৰে যোৱা দীর্ঘদিন আন্দোলন চলাই থকা সংযোগী শিক্ষাকর্মীসকলৰ বাবে বিশেষ টেট অনুষ্ঠিত কৰাৰ বাবে ২০১৭ চনৰ ২১ জুলাইতে শিক্ষামন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এম/ই ডি এন (এছ এছ এ)/৪/২০১৭/৫৪১নং পত্রযোগে মিছন সঞ্চালকক নির্দেশ দিছিল৷ কিন্তু বহু দিন উকলি যোৱাৰ পাছতো বিভিন্ন আইনী আৰু কার্যালয়ৰ মেৰপেঁচত বিশেষ টেট অনুষ্ঠিত কৰা বিষয়টো ওলমি ৰৈছিল৷ শেহতীয়াকৈ যোৱা ১৭ নৱেম্বৰত মিছন সঞ্চালক বি কল্যাণ চক্রৱর্তীৰ অধ্যক্ষতাত সংযোগী শিক্ষাকর্মী সন্থাৰ এক বৈঠক অনুষ্ঠিত হৈ যায়৷ এই বৈঠকতে বিশেষ টেট অনুষ্ঠিত কৰাৰ ক্ষেত্রত এম্পাৱাৰ কমিটীক সিদ্ধান্ত গ্রহণৰ দায়িত্ব অর্পণ কৰা হয়৷ সেই অনুসৰিয়ে আজি অনুষ্ঠিত টেট এম্পাৱাৰ কমিটীৰ বৈঠকত সংযোগী শিক্ষাকর্মীসকলৰ বাবে বিশেষ টেট অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্রহণ কৰা হয়৷ এই সন্দর্ভত এম্পাৱাৰ কমিটীৰ অধ্যক্ষ তথা আয়ুক্ত সচিব প্রীতম শইকীয়াই জানিবলৈ দিয়া মতে, বৈঠকৰ মাইনুট্ছসমূহ প্রস্তুত কৰাৰ পাছতহে বিশেষ টেট অনুষ্ঠিত কৰাৰ দিন–বাৰ স্থিৰ কৰিব পৰা যাব৷ অহা মার্চ মাহৰ পূর্বে এই টেট অনুষ্ঠিত কৰিব পৰা নাযাব৷ উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পাছতহে বিশেষ টেট অনুষ্ঠিত কৰাৰ ক্ষেত্রত সিদ্ধান্ত গ্রহণ কৰাৰ সম্ভাৱনা আছে৷ তদুপৰি কিছু কাৰিকৰী কাম–কাজ তথা আইনগত দিশসমূহ চালি–জাৰি চোৱাৰ বাবে কিছু সময়ৰ প্রয়োজন হ’ব৷ মন কৰিবলগীয়া যে সংযোগী শিক্ষাকর্মীসকলক পুনৰ শিক্ষক পদত নিযুক্তি দিয়াৰ ক্ষেত্রত বয়স ৫ বছৰ ৰেহাই দিয়াৰ দাবী উত্থাপনৰ লগতে বিশেষ টেটত ৩০ নম্বৰ ৰেহাই দিয়াৰ দাবী তুলিছিল শিক্ষাকর্মী সন্থাই৷ আজি এম্পাৱাৰ কমিটীৰ বৈঠকত এই বিষয়সমূহ এৰাই চলা হয়৷ আয়ুক্ত সচিব প্রীতম শইকীয়াই প্রকাশ কৰা অনুসৰি বিশেষ টেটত বহাৰ বাবে কোনো নির্ধাৰিত বয়সৰ সীমা নাই৷ কিন্তু চৰকাৰী চাকৰিৰ ক্ষেত্রত নির্ধাৰণ কৰা বয়স অনুসৰিয়েই নিযুক্তি লাভ কৰিব৷ অৱশ্যে বিশেষ টেট উত্তীর্ণ হোৱা আৰু নির্ধাৰিত বয়সৰ সীমা অতিক্রম কৰাসকলে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত শিক্ষকতা কৰাৰ সুবিধা লাভ কৰিব৷ আজি এম্পাৱাৰ কমিটীৰ বৈঠকৰ পাছতেই সংযোগী শিক্ষাকর্মী সন্থাই এইক্ষেত্রত চৰকাৰে কি সিদ্ধান্ত গ্রহণ কৰে, তালৈ অপেক্ষা কৰিব বুলি প্রকাশ কৰিছে৷ সন্থাৰ হৈ চিৰাজুল হকে উল্লেখ কৰে যে আজিৰ বৈঠকৰ পাছত কিধৰণে মাইনুট্ছ প্রস্তুত কৰা হয়, তালৈ অপেক্ষা কৰিব সন্থাই৷ পৰৱর্তী সময়ত এইক্ষেত্রত প্রয়োজন সাপেক্ষে চৰকাৰ অথবা সর্বশিক্ষা মিছনৰ সৈতে পুনৰ আলোচনাত বহিব৷

You might also like