নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কৰিমগঞ্জৰ নুৰুলে নির্মাণ কৰা ‘লেম্বৰঘিনি’ উপহাৰ দিলে মুখ্যমন্ত্রীক

বিশেষ বাৰ্তা, ৩ ডিচেম্বৰঃ কৰিমগঞ্জৰ আনিপুৰৰ গাড়ী উৎসাহী নুৰুল হকে নির্মাণ কৰা ‘লেম্বৰঘিনি’ কাৰখন আজি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাক উপহাৰ হিচাপে আগবঢ়ায়৷ আজি সন্ধিয়া জনতা ভৱনত মুখ্যমন্ত্রী ড০ শর্মাক সাক্ষাৎ কৰি আনুষ্ঠানিকভাৱে অর্পণ কৰে৷ উল্লেখ্য যে ১৫–২০ বছৰ ধৰি গেৰেজত কাম কৰাৰ অভিজ্ঞতাৰে নুৰুল হকে ১০ লাখ টকা খৰচ কৰি এই ‘লেম্বৰঘিনি’ কাৰখন নির্মাণ কৰি উলিয়ালে৷ লেম্বৰঘিনিৰ এছ জি ২০ মডেলৰ এই কাৰখন নির্মাণ কৰোঁতে নুৰুল হকৰ চাৰি মাহ সময় লাগিছে৷ নুৰুল হকৰ এই লেম্বৰঘিনি কাৰখন মুখ্যমন্ত্রী ড০ শর্মাই যোৱা শিলচৰ কেবিনেটৰ সময়ত প্রত্যক্ষ কৰে আৰু তেতিয়াই নুৰুল হকে মুখ্যমন্ত্রী ড০ শর্মাক উপহাৰ হিচাপে দিব বুলি প্রকাশ কৰে৷ সেই অনুসৰি কৰিমগঞ্জৰ পৰা জনতা ভৱনলৈ নুৰুল হকে গাড়ীখন চলাই আনে৷ মুখ্যমন্ত্রী ড০ শর্মাই এই উপহাৰ গ্রহণ কৰি কয় যে নুৰুল হকৰ উদ্ভাৱনী শক্তিৰ পৰিচায়ক বিশেষ ব্যতিক্রমী কাৰখন সযতনে ৰাখিব৷ নুৰুল হকৰ সুন্দৰ ভৱিষ্যতৰ বাবে মুখ্যমন্ত্রী ড০ শর্মাই তেওঁক আন্তৰিক অভিনন্দন জনায়৷

You might also like