নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পানীৰ গভীৰতা কম হোৱাৰ বাবে মাটি ফাটি ওলাইছে ভূগর্ভৰ পানী

ৰাইজক শংকিত নহ’বলৈ আহ্বান ভূ–বিজ্ঞানী ড০ ৰঞ্জিত দাসৰ

সমগ্র বিশ্বত ভূমিকম্পৰ মাত্রা নির্ধাৰণকাৰী, ভূমিকম্প জোখা নতুন স্কেল উদ্ভাৱন কৰা ভাৰতীয় বিজ্ঞানী ড০ ৰঞ্জিত দাসে ২৮ এপ্রিলত অসমত অহা ভূমিকম্প সন্দর্ভত কেতবোৰ বহু গুৰুত্বপূর্ণ তথ্য সদৰী কৰি বর্তমান অসমৰ ৰাইজ শংকিত হোৱাৰ কোনো কাৰণ নাইবুলি মন্তব্য কৰে৷ ৰাজ্য জোকাৰি ২৮ এপ্রিলত সংঘটিত প্রবল ভূমিকম্প সন্দর্ভত দেশৰ বিশিষ্ট ভূমিকম্পবিজ্ঞানী, আমেৰিকাৰ চিলিত ভূমিকম্পৰ ওপৰত গৱেষণা কৰি ‘ৰিখটাৰ স্কেল’ৰ ধাৰণা সলনি কৰি সমগ্র বিশ্বতে ভূমিকম্পৰ মাত্রা নির্ধাৰণকাৰী স্কেল ‘দাস মেগনিটিউট স্কেল’ উদ্ভাৱন কৰি বিশ্বজুৰি সমাদৃত হোৱা বিশিষ্ট উদ্ভাৱক অসমৰ শ্বহীদ নগৰী ঢ়েকীয়াজুলি নিৱাসী ড০ ৰঞ্জিত দাসে ‘নিয়মীয়া বার্তা’ৰে হোৱা আছুতীয়া সাক্ষাৎকাৰত বৈজ্ঞানিক দৃষ্টিভংগী প্রকাশ কৰি কয় যে সাধাৰণতে ভূমিকম্পৰ উৎপত্তি স্থল হৈছে ‘জি’লজিকেল ফল্ট’ৰ৷ ভাৰতবর্ষৰ ভিতৰত উত্তৰ–পূব ভাৰত হ’ল ভূমিকম্পৰ বাবে পৃথিৱীৰ স্পর্শকাতৰ অঞ্চলসমূহৰ ভিতৰত অন্যতম স্পর্শকাতৰ অঞ্চল৷ সেয়েহে সঘনাই উক্ত অঞ্চলত ভূমিকম্পৰ জোকাৰণি অনুভৱ কৰা যায়বুলি জনায় বিশিষ্ট বিজ্ঞানী ড০ ৰঞ্জিত দাসে৷ তেওঁ লগতে কয় যে উত্তৰ দিশত ইণ্ডিয়ান প্লেট আৰু ইউৰেছিয়ান প্লেটৰ সংঘর্ষ আৰু পূব দিশে ইণ্ডিয়ান প্লেট বার্মিজ প্লেটৰ তললৈ সোমাই যোৱাৰ পৰিপ্রেক্ষিতত এই অঞ্চলত সঘনাই ভূমিকম্প সংঘটিত হৈ থাকে৷

উল্লেখ্য যে উত্তৰ–পূব ভাৰতত ১৮৯৭ চন আৰু ১৯৫০ চনত দুটা বৰভূঁইকঁপে সমগ্র অঞ্চলটো জোকাৰি গৈছিল৷ ১৮৯৭ চনত শ্বিলঙত হোৱা বৰ ভূমিকম্পৰ দাস মেগনিটিউট স্কেল এম ডব্লিউ জি ৮.১ ডি এম স্কেল আৰু ১৯৫০ চনৰ ১৫ আগষ্ট হোৱা অসমৰ বৰ ভূঁইকঁপৰ দাস মেগনিটিউট স্কেল এম ডব্লিউ ৮.৭ ডি এমবুলি জনায় ভূমিকম্প বিজ্ঞানী ড০ ৰঞ্জিত দাসে৷ সমগ্র উত্তৰ–পূব ভাৰতেই ভাৰতীয় চিচমিক জোন মেপৰ (আই এছ ঃ ১৮৯৩) ৱার্ট ৱান, ২০০২ৰ পঞ্চম ছিছমিক জোনত পৰিছে বুলি জনায় বিজ্ঞানী ড০ দাসে৷ আনহাতে ৰাজ্যখনত ২৮ এপ্রিলত সংঘটিত ভূমিকম্প সন্দর্ভত বিজ্ঞানী ড০ দাসে বৈজ্ঞানিক বিশ্লেষণ দাঙি ধৰি কয় যে ২৮ এপ্রিলত অসমত অহা ভূমিকম্পৰ সময় আছিল ৭.৫১ বজাত৷ ভূমিকম্পটোৰ মেগনিটিউট ৬.৪ ৰিখটাৰ স্কেল বুলি তথ্য সদৰী কৰে নতুন দিল্লীৰ ৰাষ্ট্রীয় ভূকম্পন বিজ্ঞান কেন্দ্রই৷

বিজ্ঞানীগৰাকীয়ে জনাই যে ৰিখ্টাৰ স্কেলৰ গাণিতিক ফর্মূলা দক্ষিণ কেলিফর্নিয়াৰ ছিছমিক টেকচনিকৰ তথ্যৰ ওপৰত ভিত্তি কৰি ব্যৱহূত৷ ৰিখ্টাৰ স্কেলত ভাৰতীয় ছিছম’টেক্টনিকৰ তথ্য উল্লেখ নাই বুলি বিশিষ্ট বিজ্ঞানী ড০ ৰঞ্জিত দাসে মত প্রকাশ কৰে৷ ২৮ এপ্রিলত অহা প্রবল ভূমিকম্পৰ গভীৰতা ১৭ কিলোমিটাৰবুলি এন চি এছৰ দিল্লীয়ে তথ্য সদৰী কৰাৰ লগতে জার্মান গৱেষণা কেন্দ্রই উক্ত ভূমিকম্পৰ গভীৰতা ১০ কিলোমিটাৰ বুলি প্রতিবেদন প্রকাশ কৰিছে৷ আনহাতে উক্ত ভূমিকম্প সন্দর্ভত ইউ এছ জি এছ (ইউনাইটেড ষ্টেটছ অৱ জি’লজিকেল ছার্ভে)ই তথ্য সদৰী কৰা অনুসৰি, ভূমিকম্পটোৰ অভিকেন্দ্র ২৬.৭৮,৯২.৪৩ আৰু ইয়াৰ মেগনিটিউট স্কেল আছিল এম ডব্লিউ জি ৫.৭, এম ডব্লিউ ৬.০৷ উক্ত ভূমিকম্পটোৰ গভীৰতা ৩৪ কিলোমিটাৰ (৩৪ কিঃি+১.৮ কিঃমিঃ)৷ একেই ভূমিকম্প সন্দর্ভত হার্ভার্ড ইউনিভার্ছিটীয়ে তথ্য প্রকাশ কৰিছে যে ইয়াৰ অভিকেন্দ্র ২৬.৩,৯২.৫৪ আৰু ইয়াৰ মেগনিটিউট হৈছে ৫.৭ ৫.৭ এম ডব্লিউ জি আৰু ৫.৭ এম ডব্লিউ৷ ভূমিকম্পটোৰ সন্দর্ভত হার্ভার্ড ইউনিভার্ছিটীয়ে তথ্য প্রকাশ কৰিছে, গভীৰতা ৩৯.৪ ভূমিকম্পৰ ষ্ট্রাইক= ৩২৪, ডীপ= ৫৪ আৰু শ্লিপ= ১৩৬৷ ভূমিকম্প বিজ্ঞানী ড০ দাসে বৈজ্ঞানিক বিশ্লেষণ দাঙি ধৰি কয় যে ২৮ এপ্রিলত অসমত অহা ভূমিকম্পৰ উৎপত্তিস্থল হৈছে কপিলী ফল্ট’৷ কপিলী ফল্ট’ হৈছে অসমত থকা এটা সক্রিয় জি’লজিকেল ফল্ট’৷ কপিলী ফল্ট’ৰ দৈর্ঘ্য হৈছে ৩০০ কিলোমিটাৰ আৰু প্রস্থ হৈছে ৫০ কিলোমিটাৰ ৷

ড০ দাসে লগতে জনাই যে কপিলী ফল্ট’ত ইয়াৰ পূর্বে ১৯৪৩ চনত অসমৰ হোজাইত ৭.২ প্রাবল্যৰ বৃহৎ ভূমিকম্পই জোকাৰি গৈছিল৷ বিশিষ্ট বিজ্ঞানীগৰাকীয়ে জনাই যে সাধাৰণতে এটা বৃহৎ ভূমিকম্প হোৱাৰ পিছত কিছুমান সৰু সৰু ভূমিকম্পই ভূমিকম্প সংঘটিত হোৱা অঞ্চলটো জোকাৰি যায়৷ এই সন্দর্ভত বিজ্ঞানীগৰাকীয়ে উদাহৰণ দাঙি ধৰি কয় যে ২০১১ চনৰ ১৮ ছেপ্ঢেম্বৰত ছিকিমত ৬.৭ এম ডব্লিউ জি ভূমিকম্প অহাৰ পিছত ১০ দিনৰ ভিতৰত ১১টা সৰু–সুৰা ভূমিকম্পই অঞ্চলটো জোকাৰি গৈছিল আৰু তাৰ পিছত লাহে লাহে ভূমিকম্পৰ কম্পন শাম কাটি স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছিল৷ ঠিক একেদৰে ২৮ অসমত অহা প্রচণ্ড ভূমিকম্পৰ পিছত ৩০ এপ্রিল বাতৰি লিখা পৰলৈকে ২১টা সৰু–বৰ ভূমিকম্পই অঞ্চলটো জোকাৰি গৈছে৷ ২১টা আফটাৰ শ্বকৰ মেগনিটিউট স্কেল আছিল ক্রমান্বয়ে ৪.৭, ৪.০, ৩.৬, ৩.৬, ৩.৪, ৩.৪, ২.৯, ৩.০, ২.৮, ২.৬, ২.৯, ৪.৬, ২.৩, ২.৭, ২.৮, ৩.৬, ৩.৩, ২.৮, ২.৮, ৩.৫৷ অসমত ২৮ এপ্রিলৰ ভূমিকম্পৰ পিছত হোৱা পৰৱর্তী জোকাৰণি এই সংখ্যা যদিও অন্য ঠাইৰ তুলনাত বেছি তথাপি ৰাইজ শংকিত হোৱাৰ কোনো বিশেষ কাৰণ নাই, এই কম্পন লাহে লাহে শাম কাটি স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিব বুলি মত প্রকাশ কৰে বিশিষ্ট ভূমিকম্প বিজ্ঞানী ড০ ৰঞ্জিত দাসে৷

You might also like