নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘চৰান আহেম’ৰ খাদ্য সম্ভাৰে আকর্ষণ কৰিছে পর্যটকক

প্রাকৃতিক সৌন্দর্যৰে ভৰপূৰ কলিয়াবৰ৷ নগাঁও জিলাৰ অন্যতম ঐতিহ্যমণ্ডিত আৰু প্রাকৃতিক সৌন্দর্যৰ আকৰ কলিয়াবৰত আছে নদী, জুৰি, জলাশয়, পাহাৰ আৰু প্রাগ ঐতিহাসিক কীর্তিচিহ্ণ৷ কলিয়াবৰৰ মনোমোহা সৌন্দর্যই পর্যটকক সদায়ে হাত বাউল দি মাতি আহিছে৷ এক প্রাকৃতিক পৰিৱেশৰ মাজত আছে ‘নতুন দাংগা’ নামৰ এখন সৰু গাঁও৷ কাজিৰঙা ৰাষ্ট্রীয় উদ্যানৰ গাতে লাগি থকা এই গাঁওখন এতিয়া সকলোৰে বাবে চর্চাৰ বিষয় হৈ পৰিছে৷ কাজিৰঙা ৰাষ্ট্রীয় উদ্যানৰ বুঢ়াপাহাৰ আৰু বাগৰি বনাঞ্চলৰ গাতে লাগি থকা নতুন দাংগাৰ উপৰি অন্যান্য গাঁওসমূহ হ’ল– কুঠৰি, বাগৰি, হাৰমতি, বাঘমাৰী, নহৰুবস্তি, দেওচুৰ চাং, কালাপানী, আমগুৰি চাং, ৰঙাজান, ফুলগুৰি চাং, পাহাৰগুৰি, ৰাঙলু আদি৷ এই গাঁওসমূহৰ লোকসকলে কাজিৰঙাৰ বন্যপ্রাণী সুৰক্ষাৰ ক্ষেত্রত এক গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰি আহিছে৷

উল্লেখ্য যে ২০১০ চনৰ পৰা ২০১৯ চনৰ ভিতৰত কাজিৰঙাত সর্বাধিক গঁড হত্যা হৈছিল৷ অৱশ্যে ২০১৭ চনৰ পৰা গঁড হত্যাৰ পৰিসংখ্যা হ্রাস পাইছে৷ আজি প্রায় আঢ়ৈ বছৰ ধৰি কাজিৰঙা ৰাষ্ট্রীয় উদ্যানৰ বাগৰি আৰু বুঢ়াপাহাৰ বনাঞ্চল এলেকাত এটাও গঁড হত্যা হোৱা নাই৷ ইয়াৰ মূল কাৰণ হৈছে বন বিভাগ আৰু একাংশ স্বেচ্ছাসেৱী সংগঠনে গাঁওবাসীৰ মাজত গঁড় হত্যাৰ বিৰুদ্ধে সজাগতা সৃষ্টি কৰাতো৷ বন বিভাগে জল সংৰক্ষণ, খোৱাপানীৰ ব্যৱস্থা কৰা, জৈৱকৃষি আদি বিভিন্ন আঁচনি এই গাঁওসমূহত ৰূপায়ণ কৰিছে৷ তদুপৰি নগাঁও জিলা প্রশাসনৰ তৰফৰ পৰা কাজিৰঙাৰ নগাঁও জিলাৰ অংশত পৰা এই গাঁওসমূহৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে পদক্ষেপ গ্রহণ কৰিছে৷ যাৰ বাবে এতিয়া এই গাঁওসমূহৰ লোকসকলে কাজিৰঙাক নিজৰ অভিন্ন অংগ হিচাপে গ্রহণ কৰাৰ লগতে কাজিৰঙাৰ বন্যপ্রাণী সুৰক্ষাৰ বাবে মনোনিৱেশ কৰিছে৷ এই প্রচেষ্টাৰ আশানুৰূপ ফচল হৈছে নতুন দাংগা গাঁও৷ এসময়ত গঁড়ৰ চোৰাং চিকাৰীক আশ্রয় দিয়া বুলি এই গাঁওখনৰ বদনান আছিল৷ এই গাঁওখনতে একাংশ চোৰাং চিকাৰীয়ে আশ্রয় লৈ গঁড হত্যা কৰিছিল বুলি সর্বসাধাৰণ লোক, প্রশাসন, বন বিভাগে ধাৰণা কৰিছিল৷ এসময়ত গঁড হত্যা হ’লে নিশাৰ ভাগত আৰক্ষী, বনৰক্ষীৰ দলে চোৰাং চিকাৰী বিচাৰি গাঁওখনত পিত–পিতাই ফুৰিছিল৷ একাংশক আৰক্ষীয়ে ধৰি নি থানাত জেৰা কৰিছিল৷ যাৰ বাবে গাঁওবাসী আতংকিত হৈ পৰিছিল৷ এই গাঁওখনৰ বাসিন্দাই এতিয়া পূর্বৰ সেই কালিমা মচি নতুন ৰূপত সজাই–পৰাই তুলিবলৈ সক্ষম হৈছে৷

বিশ্ববাসীৰ ওচৰত গাঁৱৰ বাসিন্দাসকলে এক সুকীয়া পৰিচয় দাঙি ধৰিবলৈ প্রয়াস কৰিছে৷ কার্বি জনবসতিৰে পৰিপূর্ণ এইখন নতুন দাংগা গাঁও৷ এই গাঁওখনৰ লোকসকল অতি সহজ–সৰল৷ এই গাঁওবাসীয়ে এতিয়া আৰম্ভ কৰিছে এখন ৰেষুটৰেণ্ট৷ এটা পাহাৰৰ টিলাৰ ওপৰত, মুকলি আকাশৰ তলত স্থাপন কৰা ৰেষুটৰেণ্টখনৰ নাম ‘চৰান আহেম’৷ নগাঁও জিলাৰ কলিয়াবৰৰ জখলাবন্ধাৰ পৰা ৩৭নং ৰাষ্ট্রীয় ঘাইপথেৰে উজনিলৈ প্রায় ৭ কিঃমিঃ যোৱাৰ পিছত বাঁওফালে আধা কিঃমিঃ সোমাই গ’লেই পোৱা যায় নতুন দাংগা গাঁওখন আৰু ৰেষুটৰেণ্টখন৷ গাঁওখনৰ পৰিৱেশ প্রাকৃতিকভাৱে অতি সুন্দৰ৷ গাঁওখনৰ শিশুসকলে পথৰ দাঁতিত খেলা–ধূলা কৰা আৰু একাংশ যুৱতী–মহিলাই পাহাৰৰ পৰা খৰি কাটি পিঠিত বোজা কৰি লৈ অহা দৃশ্যই সকলোকে আকর্ষণ কৰে৷ ৰেষুটৰেণ্টখনৰ পৰিৱেশ মনোমোহা৷ গাঁওখনত থকা গছবোৰত বিভিন্ন প্রজাতিৰ চৰাইৰ সুৰৰ মূছর্না, কলৰৱ আৰু মাজে মাজে দুই–এজাক হৰিণাৰ দলে ভুমুকি মৰা দৃশ্যই পৰিৱেশ অধিক আকর্ষণীয় কৰি তোলে৷ ৰেষুটৰেণ্টখনৰ কাষতে আছে বন বিভাগৰ পানী জুৰি বন শিবিৰ আৰু জলাশয়৷ চোৰাং চিকাৰীক আশ্রয় দিয়া বুলি বদনাম থকা নতুন দাংগাৰ গাঁওবাসী প্রকৃতি সুৰক্ষাৰ লগত জডিত কৰিবলৈ বন বিভাগে পাৰিপার্শ্বিক উন্নয়ন সমিতি নামেৰে এক অনুষ্ঠান ২০০৭ চনত গঠন কৰিছিল৷ সমিতিখনে বিশেষ সক্রিয়তা প্রদর্শন নকৰাত ২০১০ চনত বন বিভাগে গাঁওবাসীৰ দ্বাৰা প্রস্তুত কৰা থলুৱা খাদ্যৰে অতিথিক আপ্যায়ন কৰাৰ বাবে পদক্ষেপ গ্রহণ কৰে৷ সেই সময়ত গ্রেণ্ড ইষ্টার্ন হলিডে নামৰ পর্যটক পর্যটন গোষ্ঠীয়ে গাঁওখনলৈ পর্যটকক অনাৰ ক্ষেত্রত গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰিছে৷ পৰৱর্তী সময়ত ডব্লিও ডব্লিও এফ নামৰ স্বেচ্ছাসেৱী সংগঠন তথা বন বিভাগ আৰু কলিয়াবৰ মহকুমা প্রশাসনৰ ঐকান্তিক প্রচেষ্টাত গাঁওখন আৰু ৰেষুটৰেণ্টখনে সুকীয়া মর্যাদা লাভ কৰিবলৈ সক্ষম হৈছে৷

এই ‘চৰান আহেম’ৰ লগত জডিত হৈ আছে এদল প্রায় ১৫ জনীয়া কার্বি যুৱক–যুৱতীৰ দল৷ এওঁলোক হৈছে মংগল সিং টেৰন, জয়সিং টেৰন, ৰোহিত টেৰন, ওৱাইছন ৰংফাৰ, সুৰজ কিলিং, জোনালী ৰংফার্পি, বীণা ৰংফার্পি, আইচা টিছপি, বাচাপি কিলিংপি, সংগীতা বেইপি, ৰাধামা টেৰাংপি, ৰীণা টিছপি, অঞ্জলি টেৰাংপি, মিনা কিলিংপি, মইনা টকবিপি আদি৷ পৰিষ্কাৰ, পৰিচন্নতা, সতেজ খাদ্য পৰিৱেশনত এই দলটোৱে সদা সতর্ক দৃষ্টি ৰাখে৷ মিঠাতেল মা–মচলা নোহোৱাকৈ কার্বি পৰম্পৰাৰে প্রস্তুত কৰা খৰিকাত দিয়া মাছ, চুঙাত দিয়া মাংস, চুঙাত দিয়া ভাত, চজিনা পাতৰ লগত খাৰ দি বনোৱা দাইল, কচুৰ সৈতে তিল দি বনোৱা মাংসৰ আঞ্জা, পাতত দিয়া কণী, পাতত দিয়া মাছ, কেঁচা হালধি চাটনি, পাহাৰীয়া কলদিলৰ চাটনি, বিভিন্ন শাকৰ ভাজি, চুঙাত দিয়া কচু পাতৰ পিটিকা আদি চৰান আহেমৰ খাদ্যৰ জুটি ল’বলৈ ৰাজ্যৰ বিভিন্ন প্রান্তৰ লোকৰ লগতে পর্যটকসকলৰ আগমন ঘটিছে৷

ইংলেণ্ডৰ প্রাক্তন ক্রিকেটাৰ কেভিন পিটাৰছেন, ফ্রান্সৰ ৰাষ্ট্রদূত ইমানুৱেল লেনাইন আদিৰ লগতে দেশৰ বিভিন্ন ৰাজ্যৰ লগতে অসমৰ বিভিন্ন জিলাৰ শিক্ষার্থীসকল নতুন দাংগালৈ আহি নতুন দাংগাৰ প্রাকৃতিক পৰিৱেশ উপভোগ কৰি পুলকিত হৈ পৰে৷ আর্থিক অভাৱত জুৰুলা গাঁওবাসীৰ দুর্বলতা আৰু সৰলতাৰ সুযোগ গ্রহণ কৰি এসময়ত চোৰাং চিকাৰীয়ে প্রলোভন দেখুৱাই ৰাতিটোৰ বাবে আশ্রয় লৈছিল এই গাঁওখনত৷ সেই অভিশপ্ত দিনবোৰৰ কথা এতিয়া নতুন দাংগাবাসীয়ে পাহৰি নতুন পথৰে আগুৱাই এক আদর্শ দাঙি ধৰিছে৷ জংঘলৰ পৰা শুকান খৰি মুঠি বান্ধি আনি বিক্রী কৰি উপার্জনৰ পথ বাছি লোৱা গাঁওবাসী এতিয়া সময়ৰ লগত খোজ মিলাই আগুৱাই যাব খুজিছে৷ এতিয়া নতুন দাংগাবাসীয়ে কাজিৰঙাৰ সৌন্দর্য আৰু বন্যপ্রাণীৰ সুৰক্ষাত মনোনিৱেশ কৰিছে৷ এটা আত্মসহায়ক গোটৰ দ্বাৰা পৰিচালিত চৰান আহেমৰ উপার্জিত ধনেৰে ১৫ জনীয়া কার্বি যুৱক– যুৱতীৰ দলটো নিজে স্বাৱলম্বী হোৱাৰ লগতে উপার্জিত ধনৰ এটা অংশ গাঁওখনৰ উন্নয়নত ব্যয় কৰি আহিছে৷

You might also like