নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিজ্ঞান প্ৰদৰ্শনীয়ে শিশুৰ বৈজ্ঞানিক চিন্তাধাৰা আৰু সৃষ্টিশীলতা বিকাশ ঘটায়ঃ হেমন্ত চৌধুৰী

বিজ্ঞান মনস্কতাৰ লক্ষ্যৰে ছাইন স্কুল অৱ লাৰ্ণিঙত বিজ্ঞান আৰ্হি প্ৰদৰ্শনী

নিয়মীয়া বাৰ্তা,১২ নৱেম্বৰ: কামৰূপ জিলাৰ মান্দাকাটা কুমনগৰতস্থিত চি বি এছ চি মাধ্যমৰ ইংৰাজী বিদ্যালয় ছাইন স্কুল অৱ লাৰ্ণিঙত আজি বাৰ্ষিক বিজ্ঞান মনস্কতাৰ লক্ষ্যৰে অনুষ্ঠিত কৰে বিজ্ঞান আৰ্হি প্ৰদৰ্শনী। আজি দিনৰ ১১ বজাৰ পৰা অনুষ্ঠিত হোৱা এই প্ৰদৰ্শনী উদ্বোধন কৰে অসম চৰকাৰৰ মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া হেমন্ত চৌধুৰীয়ে। উদ্বোধন কৰি চৌধুৰীয়ে কয় যে- ছাত্ৰ অৱস্থাৰ পৰাই বিজ্ঞান শিক্ষা প্ৰয়োজনীয়তা সম্পৰ্কে সজাগ সচেতনতাৰ হোৱাটো অত্যন্ত জুৰুৰী। বিদ্যালয়ত বিজ্ঞান প্ৰদৰ্শনীয়ে শিশুৰ বৈজ্ঞানিক চিন্তাধাৰা আৰু সৃষ্টিশীলতা বিকাশ ঘটায়। বিদ্যালয়খনে এই ধাৰা প্ৰতিষ্ঠা কালৰ পৰা অব্যাহত ৰখা বাবে তেখেতে বিদ্যালয়ৰ শিক্ষকসকলক প্ৰশংসা কৰে। ছাত্ৰ-ছাত্ৰী মাজত বিজ্ঞান মানসিকতাৰ বৃদ্ধি বাবে আৰু দেশৰ বা ৰাজ্যৰ প্ৰযুক্তি বিদ্যাৰ ক্ষেত্ৰখনত যাতে ছাত্ৰ-ছাত্ৰীসকলে অৰিহণা যোগাব পাৰে তেনে শিক্ষাৰে শিক্ষিত কৰি তোলাৰ উদ্দেশ্য ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বিজ্ঞানৰ মডেল, বিজ্ঞানৰ বিভিন্ন আৰ্হি প্ৰদৰ্শনী অনুষ্ঠিত কৰা উচিত।

উল্লেখ্য যে এই আৰ্হিত ছাত্ৰ-ছাত্ৰীসকলে বিজ্ঞানৰ ন ন কৌশল উদ্ভাৱনৰ আৰ্হি প্ৰদৰ্শন কৰে। লগতে ঘৰুৱাভাৱে ব্যৱহৃত আৰু নিত্য নৈম্যত্তিক ব্যৱহাৰিক দৃষ্টিত পৰি থকা সামগ্ৰী সমূহৰ মাজত ছাত্ৰ- ছাত্ৰীসকলৰ বিজ্ঞান সন্ধানৰ চিন্তাক উৎসাহিত কৰিবৰ বাবে বিদ্যালয় কৰ্তৃপক্ষই এই প্ৰচেষ্টা চলাই আহিছে বিদ্যালয়ৰ অধ্যক্ষ গৰাকীয়ে জানিবলৈ দিয়ে। প্ৰায় পাঁচ শতাধিক অভিভাৱক ছাত্ৰ-ছাত্ৰী থকা অনুষ্ঠানত কামৰূপ জিলাৰ উপায়ুক্ত কাৰ্যালয়ৰ অতিৰিক্ত উপায়ুক্ত সিদ্ধাৰ্থ গোস্বামী, মুখ্যমন্ত্ৰীৰ ব্যক্তিগত সহায়ক প্ৰাণজিৎ ডেকা, ৰাজহ চক্ৰ বিষয়া ৰশ্মি প্ৰতাপ উপস্থিত থাকে।

You might also like