নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গোৱালপাৰাত পঞ্চায়ত উন্নয়ন পৰিকল্পনা প্ৰস্তুত বিষয়ক এমাহযোৰা প্ৰশিক্ষণ

নিয়মীয়া বাৰ্তা, ২৪ নৱেম্বৰ : গোৱালপাৰা জিলা ৮টা উন্নয়ন খণ্ড অন্তৰ্গত গাওঁ পঞ্চায়ত সমুহত ২০২২-২৩ বৰ্ষৰ বাবে পঞ্চায়ত উন্নয়ন পৰিকল্পনা প্ৰস্তুত বিষয়ক লৈ এমাহযোৰা এলানি প্ৰশিক্ষণ কাৰ্য্যসূচী অনুষ্ঠিত কৰা হৈছে। কাঁহিকুছি সম্প্ৰসাৰণ প্ৰশিক্ষণ কেন্দ্ৰৰ অধ্যক্ষা এল গামলাই ফেকাল্টি সদস্য ফুলেশ্বৰ চহৰীয়া আৰু গোৱালপাৰা জিলা পৰিষদৰ ডিপিএম নাফিজ আল আজমৰ নেতৃত্বত এই প্ৰশিক্ষণ কাৰ্য্যসূচী চলি আছে । যোৱা ১ নৱেম্বৰৰ পৰা জিলাখনৰ মাটিয়া, লক্ষীপুৰ, জলেশ্বৰ, বালিজানা, কৃষ্ণাই, কুঁচধুৱা , ৰংজুলি, খড়মুজা উন্নয়ন খণ্ডৰ অন্তৰ্গত ৮১ টা গাওঁ পঞ্চায়তত প্ৰৰ্যায়ক্ৰমে এই প্ৰশিক্ষণ কাৰ্য্যসূচী অনুষ্ঠিত হৈ আছে। মুঠ ১৮ টা বিষয়ক সামৰি অনুষ্ঠিত হৈ থকা প্ৰশিক্ষণ কাৰ্য্যসূচীত পঞ্চায়ত সমুহত প্ৰস্তুত হ’বলগীয়া পৰিকল্পনা প্ৰস্তুতিৰ বিভিন্ন দিশ যেনে তথ্য সংগ্ৰহ, তথ্য বিশ্লেষণ, অগ্ৰাধিকাৰ নিৰুপণ, আত্মসহায়ক গোটৰ দ্বাৰা দাৰিদ্ৰতা নিৰ্মূলৰ পৰিকল্পনা প্ৰস্তুত, পৰিকল্পনাৰ বিভিন্ন তথ্য এম আই এছত আপলোড আদি বিষয়ক সামৰি লোৱা হৈছে।

প্ৰশিক্ষণ কাৰ্য্যসূচীত সমল ব্যক্তি হিচাপে উপস্থিত থাকি প্ৰশিক্ষণ প্ৰদান কৰে গোৱালপাৰাৰ মৰনৈ মহাবিদ্যালয়ৰ প্ৰবক্তা চৰিফুদ্দিন, নিজাম হিৰমত, প্ৰাক্তন গাওঁ পঞ্চায়ত সভাপতি প্ৰেমানন্দ ব্ৰক্ষ্ম, এমিচা বেগম, মিনঠুলিনা চাংমা, কুঁচধুৱা খণ্ড উন্নয়ন বিষয়াৰ কৰ্মচাৰী ড০ৰুমী নাথ, ডাইনাডুবি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক আলটাৱ হুছেইন মজুমদাৰ,আশ্ৰাফুল ইছলাম, মাইনুল হ’ক, কাঁহিকুছি সম্প্ৰসাৰণ প্ৰশিক্ষণ কেন্দ্ৰৰ হিচাপ ৰক্ষক হেমেন বৈশ্য, জিলা পঞ্চায়ত সমল কেন্দ্ৰৰ ডিইঅ আটোৱাৰ ৰহমানৰ সহযোগত চলি থকা এই প্ৰশিক্ষণ কাৰ্য্যসূচী আহা ২৭ নৱেম্বৰত সামৰণি পৰিব বুলি উদ্যোক্তা সকলে জানিবলৈ দিয়ে ।

প্ৰেৰকঃ জ্যোতিষ নাথ, টিপলাই

You might also like